- নিমাত বিধায়ক ৰমাকান্ত দেউৰী
- নিৰ্বিকাৰ পঞ্চায়ত সভাপতি হিৰেন্দ নাথ
- উন্নয়নৰ মুখ নেদেখা এখন গাঁও
- জনপ্ৰতিনিধিৰ অমনোযোগীতাত শোব্ধ জনতা
- মৰিগাঁও বৰৰ্ভগীয়া গাঁও পঞ্চায়তত পথৰ দুৰৱস্থাই - ৰাইজক খুৱাইছে জলা-কলা
![]() |
Road of Morigaon, Assam |
টাইমছ গুৱাহাটী : মৰিগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত কপিলী ব্লকৰ অন্তৰ্ভুক্ত চৰাইবাহী মৌজাৰ বৰভগীয়া গাঁও পঞ্চায়তৰ পথ যোগাযোগৰ দুৰৱস্থাই জলা-কলা খুৱাইছে পঞ্চায়তবাসীক। দুবাৰকৈ বিধায়কৰূপে নির্বাচিত হোৱা বিধায়ক দেউৰীৰে প্ৰথমটো কার্যকালতে বৰভগীয়া পঞ্চায়তৰ আঠ নম্বৰ ৱাৰ্ডৰ পথকৈটা উন্নয়ন কৰা হ'ব বুলি ৰাইজক প্রতিশ্রুতি প্রদান কৰিছিল যদিও বর্তমানে বিধায়কজনৰ প্রতিশ্রুতি অসাৰ প্ৰতিপন্ন হৈ পৰিছে। বিধায়কজনে প্রথমটো কার্যকালত পথটোৰ উন্নয়নৰ নামত এটাও শিল পেলাবলৈ সক্ষম নোহোৱাত ৰাইজে দ্বিতীয়টো কার্যকালত পথটোৰ উন্নয়ন কৰিব বুলি অতি আশাৰে বাট চাই আছিল।
![]() |
Road of Morigaon, Assam |
এই ক্ষেত্ৰত ৰাইজে বহুবাৰ বিধায়ক দেউৰীক আবেদন-নিবেদন কৰাৰ লগতে পঞ্চায়তৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহোতেও পথটোৰ দুৰৱস্থাৰ বিষয়ে দৃষ্টিগোচৰ কৰিছিল। ৰাইজে আবেদন জনোৱাৰ সময়ত প্ৰতিবাৰতে শীঘ্ৰেই পথটোৰ উন্নয়ন কৰা হ'ব বুলি আশ্বাস প্রদান কৰে যদিও আজি পর্যন্ত পথটোৰ উন্নয়ন নহ'ল।
![]() |
Road of Morigaon, Assam |
বৰভৰ্গীয়া গাঁও পঞ্চায়তৰ অকল আঠ নম্বৰ ৱাৰ্ডেই নহয়, কে'বাটাও ৱাৰ্ডত পথৰ দুৰৱস্থাই যমৰ যাতনা ভোগাইছে পঞ্চায়তবাসীক। বিশেষকৈ বিদ্যালয়-মহাবিদ্যালয়লৈ আহ-যাহ কৰা ছাত্ৰ- ছাত্রীসকলে ব্যাপক সমস্যাৰ সন্মুখীন হৈ দুর্ঘটনাতো পতিত হ'বলগীয়া পৰিছে।
![]() |
Road of Morigaon, Assam |
এনে অৱস্থাত উপায়ন্তৰ পঞ্চায়তবাসীয়ে জিলা প্রশাসন কিম্বা ঊর্ধ্বতন কর্তৃপক্ষৰ দৃষ্টি আকর্ষণ কৰিবলৈ এক ভিডিঅ' প্ৰস্তুত কৰি সামাজিক মাধ্যমত ভাইৰেলৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰিছে। এই ক্ষেত্ৰত বিধায়ক দেউৰী অথবা পথ উন্নয়ন বিভাগে পথটো উন্নয়নৰ ক্ষেত্ৰত কেনে ভূমিকা গ্ৰহণ কৰে সেয়া হ'ব লক্ষ্যণীয়।