" ৮ দিনীয়‍ বণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰা হ'ব কমিটি ভাওনা ; কমিটি ভাওনাৰ প্ৰস্তুতি Preparation of the committee bhaona

৮ দিনীয়‍ বণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰা হ'ব কমিটি ভাওনা ; কমিটি ভাওনাৰ প্ৰস্তুতি Preparation of the committee bhaona

Preparation of the committee bhaona


নাট ২৪ খন : স্থান ১ । সেইয়াই হ'ল চৰাইবাহী । 

আৰম্ভ হ'ল কমিটি ভাওনাৰ প্ৰস্তুতি ।

৮ দিনীয়‍ বণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰা হ'ব কমিটি ভাওনা ।

এক নান্দনিক আৰু গভীৰ ভক্তিৰসৰ পৰিৱেশ প্ৰকাশ পায় এই কমিটি ভাওনাত ।

গুৰুজনাৰ মহৎ সৃষ্টৰাজীক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে ৰাণী ভিক্টৰিয়াৰ ৰাজত্বকালৰ পৰা অনুষ্ঠিত হোৱা এই কমিটি ভাওনা বিশ্বৰ ভিতৰতে বিৰল । ১৮৫৮ চনৰ পৰা আৰম্ভ হৈ ক্ৰমে ৩ বছৰৰ মুৰে মুৰে একেলগে ২৪ খন ভাওঁনা প্ৰদৰ্শন কৰা হয় । এই বছৰো তাৰ ব্যতিক্ৰম নহয় । একেলগে প্ৰৱেশ হ'য় সূত্ৰধাৰ , একেলগে প্ৰৱেশ হয় শ্ৰী কৃষ্ণ , একেসময়তে উলাব সকলো ভাওৰীয়া । 

Preparation of the committee bhaona

Photo : Manash pratim Nath

এইয়া পৃথিৱীৰ ভিতৰতে বিৰল অনুষ্ঠান । কাতি মাহৰ ২০ আৰু নৱেম্বৰ মাহৰ ৭ তাৰিখে এই কমিটি ভাওঁনা মহোৎসৱটো অনুষ্ঠিত কৰা হ'ব । তাৰ বাবে নামঘৰে নামঘৰে চলিছে প্ৰস্তুতি । চৰাইবাহীৰ প্ৰতিটো নামঘৰতে চলিছে ভাওঁনাৰ আখৰা । প্ৰায় ২৪ খন অংকীয়া ভাওঁনা প্ৰদৰ্শনৰে অসমৰ প্ৰতিটো কোনটেই ৰজনজনাবলৈ সাজু চৰাইবাহী ৰাইজ । অভুমন্যো বধ , কালকুঞ্জ , ভক্ত হনুমান , নাৰী পৰ্ব , বালী বধ , ৰাৱণ বধ এনেকৈ কেইবাখনো অংকীয়া নাট প্ৰদৰ্শন হ'ব এই কমিটি ভাওঁনাত ।


বিগত বৰ্ষবোৰৰ দৰে এইবাৰো ২ নবেম্বৰৰ পৰা মৰিগাঁৱৰ বৃহত্তৰ চৰাইবাহী ৰাইজৰ জাতীয় উৎসৱ হিচাপে চিহ্নিত কমিটি ভাওনা ১০ নৱেম্বৰলৈ বিভিন্ন বৰ্ণাঢ়্য কাৰ্যসূচীৰে সাংস্কৃতিক প্ৰকল্প নাথ মন্দিৰ, সাৰ্বজনীন শংকৰ মন্দিৰ আৰু বড়িগাঁও ৰাস মন্দিৰত অনুষ্ঠিত হ’ৱ৷ ইতিমধ্যে সাংস্কৃতিক প্ৰকল্প নাথ মন্দিৰত কমলেন্দ্ৰ দেৱ নাথক সভাপতি আৰু দিগন্ত কুমাৰ নাথ সম্পাদক , সাৰ্বজনীন শংকৰ মন্দিৰত গিৰীন্দ্ৰ সাটনীয়াৰক সভাপতি আৰু চিত্ৰ দাসক সম্পাদক আৰু বড়িগাঁও ৰাস মন্দিৰত নিতুল বৰদলৈক সভাপতি আৰু জিত্ৰ বৰদলৈক সম্পাদক হিচাপে লৈ কমিটি ভাওনাৰ ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে ৷ তিনিওখন সমিতিৰ হৈ এই বৰ্ষত সাংস্কৃতিক প্ৰকল্প নাথ মন্দিৰত মুঠ ১৩ খন খন, সাৰ্বজনীন শংকৰ মন্দিৰত ১০খন আৰু বড়িগাঁও ৰাস মন্দিৰত এখন অংকীয়া নাটেৰে মুঠ ২৩খন অংকীয়া ভাওনা একে নিশাতে প্ৰদৰ্শন হ’ৱ ৷

Post a Comment

Previous Post Next Post

People Like