Flipkartত অৰ্ডাৰ কৰিছিল লেপটপ আহিল কাপোৰ ধোৱা চাবোন

 Flipkartত অৰ্ডাৰ কৰিছিল লেপটপ আহিল কাপোৰ ধোৱা চাবোন

 


TIMES GUWAHATI সমগ্ৰ ভাৰততে আৰম্ভ হৈছে উৎসৱৰ বতৰ। এই উৎসৱৰ বতৰত কেইবাটাও অনলাইন শ্বপিং চাইটে ডাঙৰ ৰেহাইত সামগ্ৰী বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছে। শেহতীয়াকৈ য়াছৱী শৰ্মা নামৰ এজন ছাত্ৰই ফ্লিপকাৰ্টৰ বিগ বিলিয়ন ডেজত এটা সস্তীয়া লেপটপ অৰ্ডাৰ কৰিছিল। অৰ্ডাৰ দিয়া লেপটপ বক্সটো পাই তাৰ চকু দুটা ডাঙৰ হৈ গ’ল।

কিন্তু, প্ৰশ্নটো হ’ল সেই বাকচটোত কি আছিল? তেওঁ দেখিলে যে বাকচটোৰ ভিতৰত লেপটপৰ সলনি ঘড়ী ডিটাৰজেন্ট চাবোন আছে। লগে লগে তেওঁ যেতিয়া ফ্লিপকাৰ্টৰ ওচৰত অভিযোগ কৰে তেতিয়া কোম্পানীয়ে এই কথা অস্বীকাৰ কৰে। তাৰ পিছতে ছাত্ৰজনে ছ’চিয়েল মিডিয়াত উত্থাপন কৰে সমগ্ৰ ঘটনা।

ইয়াস্ৱী শৰ্মাই ছ’চিয়েল একাউণ্টত লিখিছে, ‘ফ্লিপকাৰ্টে মোলৈ লেপটপৰ সলনি ঘৰী ডিটাৰজেণ্ট চাবোন পঠাইছিল। এই বিষয়ে যেতিয়া মই গ্ৰাহক কেয়াৰৰ সৈতে যোগাযোগ কৰিলোঁ, তেতিয়া তেওঁলোকে নিজৰ ভুল স্বীকাৰ কৰা নাছিল। ইয়াৰ লগতে মই প্ৰমাণ হিচাপে চিচিটিভিৰ ফুটেজ আগবঢ়াম বুলি কৈছিলো, কিন্তু তেওঁলোকে এই বিষয়ত কোনো আগ্ৰহ প্ৰকাশ কৰা নাছিল।”

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.