হিয়া ঢাকুৰি কান্দিছে পিতৃ–মাতৃয়ে, কামপুৰত ষ্টাৰমাৰ্ক লাভ কৰি মেট্ৰিকত উত্তীৰ্ণ হোৱা এজন ছাত্ৰৰ ঘৰত কান্দোনৰ ৰোল
সদ্য ঘোষিত HSLC পৰীক্ষাৰ ফলাফলত দুটা বিষয়ত লেটাৰ মাৰ্কসহ ষ্টাৰ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে পাৰভিচ আহমেদ ৷
যোৱা ৯ মে'ত কপিলী নদীত গা ধুবলৈ গৈ কৰুণ মৃত্যুক সাবটি লৈছিল ছাত্ৰজনে৷ ছাত্ৰজনৰ এই মৃত্যুক সহজে মানি ল’ব পৰা নাই পিতৃ–মাতৃৰ লগতে পৰিয়ালবৰ্গই৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত দুটা বিষয়ত লেটাৰ মাৰ্কসহ ষ্টাৰ নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা চাহাব উদ্দিন আৰু পাৰবিনা বেগমৰ একমাত্ৰ সন্তান পাৰভিচ আহমেদৰ ঘৰত কান্দোনৰ ৰোল৷ শোকত ভাঙি পৰিছে বিদ্যালয় কৰ্তৃপক্ষৰ লগতে পৰিয়ালৰ লোকসকল