১০৮ ঘণ্টাত নিৰ্মাণ কৰিব ৭৫ কিলোমিটাৰৰ ঘাইপথ ! গঢ়িলে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড

75 km highway to be finished in 108 hours ready to set new guinness book record

75 km highway to be finished in 108 hours ready to set new Guinness book record

৭৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো মাত্ৰ ১০৮ ঘণ্টাত অৰ্থাৎ চাৰে চাৰিদিনত সম্পূৰ্ণ হৈছে। মহাৰাষ্ট্ৰৰ অমৰাৱতিৰ পৰা আকোলালৈ ঘাইপথ নিৰ্মাণৰ কাম চলি আছে। আৰু চাৰে চাৰিদিনত এই কাম সম্পূৰ্ণ ্হোৱাত এই পথটোৱে গিনিজ বুক অৱ ৰেকৰ্ডত নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হ’ল। ৩ জুন শুকুৰবাৰৰ পৰা এই ঘাইপথ নিৰ্মাণৰ কাম আৰম্ভ হৈছে। ৬ জুনৰ ভিতৰত এই পথটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে ।

আমৰাৱতিৰ লনী গাঁৱৰ পৰা আকোলাৰ মনোলা গাঁওলৈ নিৰ্ধাৰিত সময়ত নিৰ্মাণ শ্ৰমিকসকলে দিনে-নিশাই কাম কৰি আহিছে। পথটো নিৰ্মাণৰ দায়িত্বত থকা কোম্পানীটোও সক্ৰিয়ভাৱে কাম কৰি আছে। ইতিমধ্যে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ পথ নিৰ্মাণৰ কাম পৰিদৰ্শন কৰি আছে।

সূত্ৰ অনুসৰি, আধুনিক নিৰ্মাণ প্ৰযুক্তি ব্যৱহাৰ কৰি বিটুমিনাছ কংক্ৰিটেৰে এই ঘাইপথটো নিৰ্মাণ কৰা হৈছে। প্ৰায় ৮০০ৰ পৰা ১০০০  শ্ৰমিকে এই পথটোৰ নিৰ্মাণ কাৰ্যত নিয়োগ হৈ আছে।

ইয়াৰ পূৰ্বে কাটাৰত ইমান দ্ৰুত গতিত পথ নিৰ্মাণৰ বাবে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড আছিল। কাটাৰৰ দোহাত ১০ দিনত ২৫ কিলোমিটাৰ পথ নিৰ্মাণৰ গিনিজ ৱৰ্ল্ড ৰেকৰ্ড আছে। কিন্তু আমৰাৱতিৰ পৰা আকোলালৈকে ঘাইপথটোৰ দায়িত্বত থকা নিৰ্মাণ কোম্পানীটোৰ পৰা আৰম্ভ কৰি চাৰে চাৰি দিনত এই পথটো নিৰ্মাণ কৰি গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নাম উজলাব বুলি সকলো শ্ৰমিকসকল  আশাবাদী ।

আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like  আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.