এতিয়াৰ পৰা হেলমেট পিন্ধিলেও ভৰিব লাগিব জৰিমনা । মটৰ গাড়ী আইন ২০২২

challan can be deducted even for riding a bike wearing a helmet

challan-can-be-deducted-even-for-riding-a-bike-wearing-a-helmet


 বাইকেৰে ওলাই যাওঁতে হেলমেট পিন্ধাটো বাধ্যতামূলক। যদি পালন নকৰে তেন্তে যান-বাহিনৰ নিয়ম অনুসৰি জৰিমনা দিব লাগিব। হেলমেট পিন্ধাটো আমাৰ নিজৰ সুবিধাৰ বাবেহে বনাইছে। এনেদৰে আমি যেনেকৈ বিভিন্ন দুৰ্ঘটনাৰ পৰা হাত সাৰিব পাৰি ঠিক তেনেদৰে কিছু বৃহৎ লোকচানৰ পৰাও হাত সাৰিব পাৰি। আৰু এই সকলোবোৰ কাৰণতে বা আৰক্ষীৰ ভয়ত বহুতে হেলমেট পিন্ধিবলৈ বাধ্য হয়।

যদি ৰোড পুলিচে বাইকখনৰ নথি-পত্ৰ, যেনে- License, pollution  টেষ্ট ৰিপৰ্ট আদি চাব বিচাৰে, তেন্তে দেখা যায় যে বেছিভাগ বাইক আৰোহীৰ হাতত এই নথি-পত্ৰ নাথাকে। একেদৰে যদি হেলমেট বোৰ ভালদৰে নিৰীক্ষণ কৰা যায়, তেন্তে বেছিভাগ হেলমেটতে বেয়া হুৱা দেখা যাব। আৰু যদি আপোনাৰ হেলমেট বেয়া হৈছে, যেনে কোনো ষ্ট্ৰেপ নাই বা ফাটিলে, হেলমেটটো ওলোটাকৈ পিন্ধিলে এই সকলোবোৰ কাৰণতে আপুনি ২০০০ টকা জৰিমনা দিব লাগিব। ভাৰত চৰকাৰে দেশত পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে ১৯৯৮ চনৰ মটৰ গাড়ী আইন উন্নীত কৰিছে, আৰু সেই আইনত এই সকলোবোৰ বিৱৰণ দিয়া হৈছে।

হেলমেট পিন্ধাৰ পিছত ভুল হ’লে জৰিমনা ভৰিবলগীয়া হ’ব পাৰে: -

১. যদি চালকজনে হেলমেট পিন্ধিছে কিন্তু হেলমেটৰ ষ্ট্ৰেপবোৰ খোলা হৈ আছে  বা বান্ধি থোৱা নাই তেন্তে ১০০০ টকা জৰিমনা বিহা হ’ব।

২. চালকৰ হেলমেটত বিআইএছ প্ৰমাণপত্ৰ বা অনুৰূপ চিহ্ন থাকিব লাগিব। যদি নাথাকে তেওঁ ১০০০ টকা জৰিমনা দিব লাগিব।

৩. হেলমেট পিন্ধা এজন চালকে যদি ৰঙা লাইট থকা সত্ত্বেও যান-বাহনৰ নিয়ম ভংগ কৰিবলৈ চেষ্টা কৰে তেন্তে তেওঁ ২০০০ টকা জৰিমনা ভৰিব লাগিব।

৪. ড্ৰাইভাৰে যদি অভাৰলোড কৰি ৰাস্তাত উলিয়াই আনে তেন্তে ২০ হাজাৰ টকা জৰিমনা দিব লাগিব। কেৱল সেয়াই নহয়। চালকজনে প্ৰতি টনত অতিৰিক্ত ২০০০ টকা জৰিমনা ভৰিবলগীয়া হ’ব পাৰে।

গতিকে হেলমেট পিন্ধি থকাৰ সময়ত বাকী নিয়মবোৰ মানি চলক। সাৱধান হওক, সুৰক্ষিত হওক।

আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like  আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati

Post a Comment

Previous Post Next Post

People Like