lpg cylinder expiry date do you know unique number printed on cylinder check expiry date
আপুনি জানেনে আমি ঘৰুৱা বা বাণিজ্যিক ক্ষেত্ৰত ব্যৱহাৰ কৰা এল পি জি গেছ চিলিণ্ডাৰটোৰো ম্যাদ উকলি যোৱাৰ তাৰিখ থাকে । সুৰক্ষাৰ ক্ষেত্ৰত ইয়াৰ বিষয়ে জনাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ।
আপুনি এল পি জি চিলিণ্ডাৰত লিখা কিছুমান বিশেষ নম্বৰ ফালে কেতিয়াবা লক্ষ্য কৰিছে নে ? এই সংখ্যাবোৰত আপোনাৰ পৰিয়ালৰ সুৰক্ষাৰ ৰহস্য কথা লুকাই আছে, যিটো কেতিয়াও আওকাণ কৰা উচিত নহয়। আপুনি গেছ চিলিণ্ডাৰৰ ওপৰত লিখা এই সংখ্যাবোৰৰ অৰ্থ জানেনে?
LPG cylinder number:
আপুনি জানেনে যে আপোনাৰ পাকঘৰত প্ৰতিদিনে ব্যৱহাৰ কৰা চিলিণ্ডাৰটোৰো ম্যাদ উকলি যোৱাৰ তাৰিখ থাকে। যদি আপুনি ইয়াৰ বিষয়ে নাজানে, তেন্তে আজি আমি আপোনাক এই বিষয়ে ক’ম।
১.এল পি জিৰ একক নম্বৰ (LPG unique number):
অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াসকলৰ মতে, পাকঘৰত অগ্নিকাণ্ডৰ এটা প্ৰধান কাৰণ হৈছে ম্যাদ উকলি যোৱা এল পি জি চিলিণ্ডাৰ। এল পি জি চিলিণ্ডাৰৰ ম্যাদ উকলি যোৱাৰ শেষ তাৰিখো নিৰ্ধাৰণ কৰা হয়। এই সময় পাৰ হোৱাৰ পিছত চিলিণ্ডাৰবোৰ পুৰণি হৈ পৰে আৰু গেছৰ চাপ সহ্য কৰিব নোৱাৰ হৈ পৰে । যিটো পৰবৰ্তী সময়ত গৰম বা জুইৰ ওচৰত থাকিলে বহুবাৰ বিস্ফোৰণ হয়।
২.এল পি জি চিলিণ্ডাৰৰ ম্যাদ উকলি যোৱা(LPG cylinder expire):
চৰকাৰী তেল বিপণন কোম্পানী ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন লিমিটেডে( indian oil corporation) জনাইছিল যে সকলো এল পি জি চিলিণ্ডাৰ বিশেষ ধৰণৰ ষ্টীল আৰু সুৰক্ষামূলক আৱৰণেৰে নিৰ্মিত আৰু ইয়াৰ নিৰ্মাণ BIS 3196 ৰ অধীনত কৰা হয়।
৩.এল পি জি চিলিণ্ডাৰৰ ম্যাদ উকলি যোৱাৰ তাৰিখ(LPG cylinder expire date):
চিলিণ্ডাৰ নিৰ্মাতাসকলক এইবোৰ নিৰ্মাণ কৰিবলৈ অনুমতি দিয়া হয় যিবোৰ বিস্ফোৰকৰ মুখ্য নিয়ন্ত্ৰক (CCOE)ৰ দ্বাৰা অনুমোদিত আৰু বিআইএছ অনুজ্ঞাপত্ৰ থকা।
৪.এল পি জিচিলিণ্ডাৰৰ তাৰিখ(LPG cylinder date):
এল পি জি চিলিণ্ডাৰৰ কথা ক’বলৈ গ’লে ইয়াৰ নিৰ্মাণ বহুতো বাহ্যিক আৰু আভ্যন্তৰীণ মানদণ্ড অনুসৰি কৰা হয়, গতিকে এক প্ৰকাৰে ইয়াৰ কোনো ম্যাদ উকলি যোৱাৰ তাৰিখ নাই আৰু ইয়াক কেৱল সময়মতে পৰীক্ষা কৰা হয়।
৫.এল পি জি চিলিণ্ডাৰৰ নম্বৰ(LPG cylinder numbers):
এল পি জি চিলিণ্ডাৰৰ বিধিগত পৰীক্ষা আৰু ৰং কৰাৰ সময় নিৰ্ধাৰণ কৰা হয় আৰু তাত এটা ক’ডৰ দৰে লিখা থাকে যিটোযে বুজাই যে পৰৱৰ্তী পৰীক্ষা কিমান তাৰিখে কৰা হব।
৬.এল পি জিগেছৰ একক নম্বৰ(LPG gas unique nymbers):
A -২০২২ মানে ২০২২ চনৰ প্ৰথম ত্ৰৈমাসিকত (এপ্ৰিল-জুন) ত চিলিণ্ডাৰ টো পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ’ব। একেদৰে B-২০২২ যিবোৰ চিলিণ্ডাৰত লিখা থাকে সেইবোৰ দ্বিতীয় ত্ৰৈমাসিক (জুলাই-ছেপ্টেম্বৰ)ৰ ভিতৰত সেইবোৰ পুনৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ’ব।
৭.এল পি জি ৰ ম্যাদ উকলি যোৱাৰ তাৰিখ (LPG expiry date ):
এই তাৰিখবোৰ চিলিণ্ডাৰৰ ওপৰৰ অংশত লিখা থাকে। তাত ভালদৰে লক্ষ্য কৰিলে A, B, C বা D ৰ পৰা এটা সংখ্যা লিখা দেখা যায়। লগতে সেই নম্বৰৰ সন্মুখত ২২, ২৩, ২৪ বা তেনে কোনো তাৰিখ লিখা থাকে।
৮.এল পি জি গেছৰ নিৰাপত্তা(LPG gas security):
যদি আপোনাৰ চিলিণ্ডাৰত B.24 লিখা আছে, তেন্তে ইয়াৰ অৰ্থ হৈছে জুন ২০২৪ ত আপোনাৰ চিলিণ্ডাৰৰ ম্যাদ উকলি যাব ।আনহাতে, যদি ই C.26 হয় তেন্তে ইয়াৰ অৰ্থ হ’ল আপোনাৰ চিলিণ্ডাৰ ২০২৬ চনৰ ছেপ্টেম্বৰ মাহলৈকে চলিব পাৰিব। ইয়াৰ পিছত সেই চিলিণ্ডাৰ টো সলনি কৰিব লাগে।
আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati