once popular actress aishwarya now selling soaps to earn some money
কাৰ ভাগ্য কেতিয়া বা কেনেকৈ সলনি হয় কোনেও কব নোৱাৰে। যিদৰে Bhuban Badyakar যিয়ে শূণ্যৰ পৰা আৰম্ভ কৰি বিশাল অট্টালিকা নিৰ্মাণ কৰিছে। আকৌ ৰেমণ্ডছ (Raymond)কোম্পানীৰ স্বত্বাধিকাৰী বিজয়পট সিংহানিয়া (Vijaypat Singhania)ক চাওক যিজনে খ্যাতিৰ একেবাৰে শীৰ্ষৰ স্থানৰ পৰা একেবাৰে তললৈ নামি আহিছে। তেনেকুৱা আৰু এটা কাহিনী আজি ক’বলৈ ওলাইছো।
তাই এজনী নায়িকা আছিল , যিয়ে বহুত ছুপাৰহিট ছবি অভিনয় কৰি দৰ্শকক মন্ত্ৰমুগ্ধ কৰি তুলিছিল। বহু যুৱকে তাইৰ ধুনীয়া হাঁহিত মন্ত্ৰমুগ্ধ হৈছিল। , কিন্তু এই ধুনীয়া নায়িকা গৰাকী এতিয়া আনৰ ঘৰে ঘৰে চাবোন বিক্ৰী কৰিবলৈ যাবলগীয়া হৈছে! এইটো কোনো চিনেমাৰ শ্বুটিং নহয়, বাস্তৱ জীৱনত তেওঁ এই কামটো কৰিব লগীয় হৈছে । কোন এই নায়িকা? কিয় তাইৰ জীৱনত ইমান বেয়া সময় কেনেকৈ আহিল।
আপুনি গেছ , কোষ্ঠকাঠিন্যৰ সমস্যাত ভুগি আছে নেকি ? এনেদৰে পাওঁক সহজেই পৰিত্ৰাণ
তেওঁৰ নাম ঐশ্বৰ্য, তেওঁ আছিল দক্ষিণ ভাৰতৰ এগৰাকী বিখ্যাত নায়িকা আছিল। তেওঁৰ কোনো ধৰণৰ ধনৰ অভাৱ নাছিল। তাইৰ বহুত চিনেমা হিট হোৱাত দৰ্শকৰ পৰা বহু পৰিমাণে মৰম আৰু ধনৰ লাভ কৰিছিল । তাইৰ মাকো
এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আছিল । আৰু তেওঁৰ কামৰ বাবে তেওঁক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হৈছিল। কিন্তু আজি তাইৰ অৱস্থা সাধাৰণ ছোৱালীৰ তুলনাতকৈও বেয়া।
১৯৭৯ চনত ‘আদিবিলো অভিমন্যুদু’ৰ নামৰ চিনেমাৰ জৰিয়তে তেওঁ চিনেমা উদ্যোগত প্ৰৱেশ কৰে। তেতিয়াৰ পৰাই তেওঁ দক্ষিণৰ বিভিন্ন ভাষাৰ ২০০ খনতকৈও অধিক চিনেমাত কাম কৰিছে। তাইৰ একাধিক চিনেমা ছুপাৰহিট হৈছে। কেৱল তেলেগু উদ্যোগতে নহয়, তামিল, মালয়ালম আৰু কানাড়া চিনেমাৰ জগততো তেওঁৰ জনপ্ৰিয়তা স্তব্ধ হৈ পৰিল।
কিন্তু ইমান সফলতাৰ পিছতো আজি তেওঁ ভিক্ষাৰী দৰে জীৱন কটাই আছে । যদিও প্ৰশ্ন হয় কেনেকৈ? ইমানবোৰ ছুপাৰহিট ছবিত অভিনয় কৰি কেনেকৈ ঐশ্বৰ্যৰ ইমান অভাৱৰ দিন আহি পৰিছে । দৰাচলতে তেওঁ কেৰিয়াৰৰ শীৰ্ষ অৱস্থাত তনবীৰ আহমেদৰ সৈতে বিয়া কৰিছিল। আৰু তাতেই তেওঁ নিজৰ কেৰিয়াৰৰ অন্ত পেলালে।
দৰাচলতে বিয়াৰ পিছত তেওঁ চিনেমা জগতৰ পৰা আঁতৰি আহিল। কিন্তু সেই বিবাহ খুব বেছি দিন নচলিল। তেওঁলোক ১৯৯৪ চনত বিবাহপাশত আবদ্ধ হয় আৰু ১৯৯৬ চনত বিবাহ বিচ্ছেদ হয়। পৰবৰ্তী সময়ত তেওঁৰ একমাত্ৰ ছোৱালীজনীয়েও বিয়া পাতিলে। আৰু এই ঘটনাৰ পিছত আৰ্থিক নিৰাপত্তাহীনতাই তেওঁক সম্পূৰ্ণৰূপে আগুৰি ধৰে।
চিনেমা বা টেলিভিছনত কাম কৰিবলৈ বহুত চেষ্টা কৰাৰ পিছতো তেওঁ কোনো ঠাইত সুযোগ নাপালে। ইয়াৰ পিছতে তেওঁ এটা ইউটিউব চেনেল খুলি তাত নিজকে প্ৰতিষ্ঠা কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাই আছে। তাৰোপৰি আজি তেওঁ টকাৰ প্ৰয়োজনত মানুহৰ ঘৰলৈ গৈ চাবোন বিক্ৰী কৰিব আৰম্ভ কৰিছে ।
আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati