আপুনি গেছ , কোষ্ঠকাঠিন্যৰ সমস্যাত ভুগি আছে নেকি ? এনেদৰে পাওঁক সহজেই পৰিত্ৰাণ

home remedies of constipation and gastric problem

home remedies of constipation and gastric problem

বহুতে কয় যে ৰঙা মাংস খালে কোষ্ঠকাঠিন্য হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। ফলত তেওঁলোকে ছাগলীৰ মাংস দেখি খাবলৈ ইচ্ছা গলেও কিন্তু বহুতে কোষ্ঠকাঠিন্যৰ ভয়ত খাব নিবিচাৰে। গেছ আৰু হাৰ্টবাৰ্ণ হোৱাৰ ভয়ত বহুতে ভয় কৰে। এই সমস্যাৰ পৰা সোনকালে মুক্তি পাবলৈ কিছুমান ঘৰুৱা উপায় চাওঁ আহক।

নতুন শ্ৰম আইন অনুসৰি বৃদ্ধি হব পাৰে কামৰ সময় ! দিয়া হব অতিৰিক্ত ছুটী ।

গুৱামৰি - তেলত বেছিকৈ ৰন্ধা খালে তাৰ পিছত ঘৰলৈ আহি এগিলাচ পানীত গুৱামৰি তিয়াই থৈ দিব। আৰু সেই পানী ব্যতিক্ৰম নোহোৱাকৈ খাওক। যদি গুৱামৰি লাগে তেন্তে পৃথকে পৃথকেও চোবাই খাব পাৰে। গেছ আৰু কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ হ’ব।

লাছি- বেছিকৈ টেঙা খাদ্য খালে কোষ্ঠকাঠিন্যৰ সমস্যা বাঢ়িব পাৰে আৰু গেছটোৱে আপোনাক জ্বলাই দিব পাৰে! লগে লগে অকণমান লাছি খালে সমস্যাটো সমাধান হয়।

চালাড- কোষ্ঠকাঠিন্যৰ ভয়ত ছাগলীৰ মাংসৰ পৰা চাৰিহাত দূৰত থাকিব ? সেই ভয় দূৰ কৰিবলৈ চালাডৰ সহায় লওক। ৰঙা মাংসৰ সৈতে বহুত শাক-পাচলি বা চালাড তুলি লওক। সমস্যা সমাধান হ’ব।

হিং- যদি বুকুত বিষ হয় বা পেট গধুৰ হয় বা কোষ্ঠকাঠিন্য হয় তেন্তে হিং গৰম পানীত পেলাই দি খাব লাগে। হিঙে গেছৰ সমস্যাটো সোনকালে সমাধান কৰিব। ইয়াৰ ফলত পেট পৰিষ্কাৰ হয় আৰু গেছ কমি যায়।

নেমুৰ পানী- গেছ বা কোষ্ঠকাঠিন্যৰ পৰা মুক্তি পাবলৈ পানীখিনি অলপ গৰম কৰি তাত কেইটোপালমান নেমু দিব লাগে। তাত অলপ নিমখ দি খাব লাগে। গেছৰ সমস্যা কমি যাব।

আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like  আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.