বিমানৰ গতিবেগকো পৰাস্ত কৰিব চীনৰ এই তীব্ৰবেগী ৰে’লে The high-speed train will also beat the speed of aircraft

The high-speed train will also beat the speed of aircraft

The high-speed train will also beat the speed of aircraft

চীনে নিৰ্মাণ কৰিবলৈ সাজু হৈছে বিশ্বৰ আটাইতকৈ দ্ৰুততম ৰে’ল।হ’বলৈ গৈ আছে পৃথিৱীৰ আটাইতকৈ দ্ৰুততম স্থলযান । প্ৰতি ঘণ্টাত প্ৰায় ৬০০ কিলোমিটাৰ বেগত চলিব এই ৰে’লখন। ইয়াক চলিব বুলি কোৱাতকৈ দৌৰিব বুলি কোৱাই শ্ৰেয়৷ বেইজিঙৰ পৰা চাংহাইলৈ যাবলৈ মাত্ৰ ২ ঘণ্টা ৫ মিনিট সময় লাগে এই ট্ৰেইন খনৰ। এই দুটা অঞ্চলৰ মাজৰ দূৰত্ব ১০০০ কিলোমিটাৰ বা ৭২০ মাইলতকৈও অধিক। বেইজিঙৰ পৰা চাংহাইলৈ বিমান যাত্ৰাত মাত্ৰ ৩ ঘণ্টা সময় লাগে। অর্থাৎ বিমানখনতকৈ প্রায় ৫৫ মিনিট আগতেই ৰে’লখন গন্তব্য স্থাপনলৈ যাব পাৰিব৷ আৰু চীনত এতিয়া চলি থকা তীব্ৰবেগী ৰে’লবোৰ চাংহাইৰ পৰা বেইজিংলৈ যাবলৈ প্ৰায় সাড়ে পাঁচ ঘণ্টা সময় লাগে। অৰ্থাৎ বিমানৰ গতিকো চেৰ পেলাব এই ট্ৰেইন খনে ।

ৰে’লখনত বিদ্যুৎচুম্বকীয় বল ব্যৱহাৰ কৰা হয়। অৰ্থাৎ ৰেলৰ দেহ আৰু ৰেলৰ মাজত কোনো ধৰণৰ সংস্পৰ্শ নোহোৱাকৈ ই তীব্ৰ বেগত চলিব। চীনৰ চৰকাৰী সংবাদ মাধ্যমে এই কথা প্ৰকাশ কৰিছে। থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে এই ৰে’লখন। উপকূলীয় চহৰ কিংডাওত নিৰ্মাণ কৰা হৈছিল এই ৰে’লখন। চীনৰ সংবাদ মাধ্যমেও দাবী কৰিছে যে আগন্তুক দিনত ই বিশ্বৰ ভিতৰতে আটাইতকৈ দ্ৰুতবেগী স্থল বাহন হিচাপে পৰিগণিত হ’ব।

বিদ্যুৎচুম্বকীয় বলৰ ব্যৱহাৰ চীনত নতুন পৰিঘটনা নহয়। প্ৰায় দুবছৰ ধৰি চীনে বহু ক্ষেত্ৰত এনে প্ৰযুক্তি ব্যৱহাৰ কৰি আহিছে। ছাংহাইৰ এটা বিমানবন্দৰৰ পৰা চহৰখনলৈও এটা সৰু মেগলেভ লাইন আছে। চীনৰ প্ৰতিবেশী ৰাষ্ট্ৰ জাপানেও এই প্ৰযুক্তি ব্যৱহাৰ কৰে। কিন্তু চীনৰ দৰে নহয়। এনে প্ৰযুক্তিৰ ব্যৱহাৰৰ বাবে এটা মেগলেভ নেটৱৰ্কৰ প্ৰয়োজন। যাৰ খৰচ বহুত বেছি। যদি সমগ্ৰ নেটৱৰ্ক নিৰ্মাণ কৰা নহয়, তেন্তে বৰ্তমানৰ ট্ৰেক আৰু আন্তঃগাঁথনিৰ সৈতে অসামঞ্জস্যই দ্ৰুত বিকাশৰ বাটত বাধাৰ সৃষ্টি কৰিব পাৰে। অৱশ্যে মেগলভ হৈছে এক অতি টেকসই প্ৰযুক্তি। যদিও চীনত এতিয়াও আন্তঃৰাজ্যিক মেগলেভ লাইন নাই - যাৰ মাজেৰে এই তীব্ৰবেগী ৰেলখন চলিব। অৱশ্যে ছাংহাইৰ পৰা চেংডুলৈকে কেইবাখনো চহৰত জৰীপৰ কাম সম্পূৰ্ণ হৈছে।আৰম্ভ হৈছে গৱেষণা ।

আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like  আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.