এনেদৰে ঘৰ বনালে কেচাঁ বাদামৰ গানৰ ভাইৰেল গায়কে , যেন এটা ৰাজপ্ৰসাদ !

viral how kancha badam singer bhuban badyakar decorate his new house

viral how kancha badam singer bhuban badyakar decorate his new house

ভূৱন বাদ্যাকাৰৰ ঘৰৰ বেলকনিত ফল চিলিং, বিভিন্ন ধৰণৰ পোহৰৰ ব্যৱস্থা, বিভিন্ন ঠাইত স্পটলাইট, হাৰিকেন, মেট, হেণ্ড ফেন, কাপোৰ, টাৱেল আদি বহুতো আছে।

বীৰভূমৰ দুব্ৰজপুৰ ব্লকৰ অন্তৰ্গত লক্ষ্মীনাৰায়ণপুৰ গাঁও পঞ্চায়তৰ কুৰালজুৰি গাঁৱৰ ভূবন বদ্যাকাৰ। এসময়ত তেওঁ ছেকেণ্ড হেণ্ড মটৰ চাইকেলত গাঁৱত কেঁচা বাদাম বিক্ৰী কৰিছিল। সেই সময়ত মানুহক আকৰ্ষণ কৰিবলৈ কেঁচা বাদামৰ গান গোৱা হৈছিল। কিন্তু হঠাতে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল সেই গানটো। নিশাটোৰ ভিতৰতে ভূবন হৈ পৰিল চেলিব্ৰিটি।

বিশ্ব সংগীতজ্ঞ অভাৰনাইট চেলিব্ৰিটি হোৱাৰ পিছত তেওঁ বিভিন্ন ৰিয়েলিটি শ্ব’ আৰু ইভেণ্টত অংশগ্ৰহণ কৰিছিল। তাৰ পৰা  তেওঁৰ বহু টকা উপাৰ্জন হয় । আৰু এই টকা সমূহ পাই তেওঁ নিজৰ চখ পূৰণ কৰিবলৈ ধৰিলে।

বৰ কষ্টৰে বস্তিত বাস কৰা ভূৱনে সেই ঘৰ এৰি সাজিছে এক সুন্দৰ ঘৰ । সেই ঘৰটোৰ ভিতৰৰ অংশ দেখিলে আপুনি আচৰিত হৈ পৰাটো নিশ্চিত। ভূৱনৰ ঘৰৰ ভিতৰৰ অংশ ছ’চিয়েল মিডিয়াত চৰ্চাৰ কেন্দ্ৰবিন্দু্ হৈ পৰিছে ।

viral how kancha badam singer bhuban badyakar decorate his new house


ঘৰৰ ভিতৰৰ সকলো বস্তু বৰ আকৰ্ষণীয় ! ভূৱন বাদ্যাকাৰৰ ঘৰৰ বেলকনিত ফল চিলিং, বিভিন্ন ধৰণৰ পোহৰৰ ব্যৱস্থা, বিভিন্ন ঠাইত স্পটলাইট, হাৰিকেন, মেট, হেণ্ড ফেন, কাপোৰ, টাৱেল আদি বহুতো আছে। 

দেৱালত অংকন কৰা হৈছে ভূৱন বাদ্যাকাৰৰ এখন ছবি। বাৰাণ্ডাৰ মজিয়াত মাৰ্বল পাৰি দিয়া হৈছে। ঘৰ দুটাৰ মজিয়াত টাইলছ পাৰি দিয়া। ভূৱন বাদ্যাকাৰে দুয়োটা ঘৰতে ভুৱা চিলিং থকাৰ ইচ্ছা প্ৰকাশ কৰিছে।

ভাইৰেল আৰ্টিষ্ট হিচাপে চেলিব্ৰিটি হোৱাৰ পিছত ভুৱন বাদ্যাকাৰে কিনিলে এখন ছেকেণ্ড হেণ্ড চাৰিচকীয়া বাহন। অৱশ্যে গাড়ীখন চলাই থাকোঁতে তেওঁ দুৰ্ঘটনাত পতিত হয় আৰু পিছত গাড়ীখন বিক্ৰী কৰে। সেই গাড়ীখন বিক্ৰী কৰা টকাখিনিও তেওঁ নিজৰ ঘৰ বনাবলৈ ব্যৱহাৰ কৰিছিল।

ভূৱন বদ্যাকাৰৰ ঘৰ নিৰ্মাণৰ বাবে এতিয়ালৈকে ৬ লাখ টকা ব্যয় কৰা হৈছে। 

আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like  আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.