এই ঘৰুৱা উপায়েৰে আপোনাৰ চুলি কৰক ঘণ আৰু ধুনীয়া Health Tips

5 weekly hair care routine for your best hair

5 weekly hair care routine for your best hair

প্ৰায় সকলোৰে চুলি কম বেছি পৰিমাণে সৰি যায়। হয়তো কিছুমানৰ কম সৰে, আৰু কিছুমানৰ বেছি। দিনটোত ৫০ৰ পৰা ১০০ ডাল চুলি সৰাটো স্বাভাৱিক। কিন্তু যদি ইয়াতকৈ বেছি হয় তেনেহলে ই চিন্তাৰ কাৰণ হৈ পৰে। চুলি সৰাৰ কথা বেছিকৈ ভাবিলেও চুলি সৰা আৰু বেছি হয়। সপ্তাহৰ গোটেই কেইদিন আমি তেনেকৈ চুলিৰ যত্ন লোৱা নহয়। গতিকে বন্ধৰ দিনত এইখিনি প্ৰয়োগ কৰক । এই সকলোবোৰ প্ৰাকৃতিক উপাদানে আপোনাৰ চুলিখিনি চিকচিকিয়া কৰি তুলিব।

আপোনাৰ চুলি সৰি পাতল হৈ আহিছে নেকি? ঘৰুৱা ধৰণে ঘন কৰিব পাৰে আপোনাৰ চুলি।ৰুপবিশেষজ্ঞ সকলৰ মতে, চুলিৰ যত্নত নিয়মীয়াকৈ প্ৰাকৃতিক উপাদান ব্যৱহাৰ কৰিলে ঘৰুৱাভাৱে চুলিৰ অসুবিধাক হ্ৰাস কৰিব পাৰিব। কিন্তু আজিকালি অনিয়ন্ত্ৰিত জীৱনশৈলীৰ বাবে গোটেই সপ্তাহটো তেনেকৈ যত্ন লোৱা নহয়।বন্ধৰ দিনটোত যদি পাৰ্লাৰত সময় কটাব নিবিচাৰে, তেন্তে ঘৰতে বহি প্ৰাকৃতিক উপায়েৰে আপোনাৰ যত্ন ল’ব পাৰে।

চুলিৰ বৃদ্ধিৰ লগতে ৰেচমী চুলিৰ বাবে ঘৰতে বনোৱা উপাদানবোৰ অতুলনীয়। এই মৌলবোৰ। বিশেষজ্ঞসকলৰ মতে, ৰূপৰ সৈতে অনুশীলনৰ সম্পৰ্ক সকলো সময়তে থাকে। আমি বেছিভাগ সময়তে অনুশীলন নকৰো। চুলি সৰা ৰোধ কৰিবলৈ বা যত্ন ল’বলৈ প্ৰথম অৱস্থাটো হ’ল স্বাভাৱিকভাৱে ভিতৰ আৰু বাহিৰৰ যত্ন লোৱা। ইয়াত আপোনাৰ বাবে সকলো টিপছ দিয়া হ'ল -

কণী

  • এটা কণী ভাঙি ১ চামুচ অলিভ অইলৰ লগত ভালদৰে মিহলাই লওক।
  • কণীৰ মিশ্ৰণটো চুলিৰ মূৰৰ পৰা শিপালৈকে ভালদৰে লগাব লাগে।
  • চুলিখিনি শ্বাৱাৰ কেপেৰে ঢাকি দিয়ক।
  • ২০ মিনিটৰ পিছত ঠাণ্ডা পানীৰে আৰু হাৰ্বেল শ্বেম্পুৰে চুলি ধুব লাগে।
  • সপ্তাহত এবাৰ ব্যৱহাৰ কৰিলেই যথেষ্ট।

এলোভেৰা

  • ২ চামুচ এলোভেৰা জেল ভালদৰে মিহলাই লওক।
  • আঙুলিৰ সহায়ত চুলিৰ গুৰি ঘঁহিব লাগে।
  • ২৫ মিনিট অপেক্ষা কৰি কুহুমীয়া পানীৰে ধুই পেলাব লাগে।
  • সপ্তাহত দুবাৰকৈ এলোভেৰা জেল ব্যৱহাৰ কৰিব লাগে।

আমলখি ব্যৱহাৰ কৰক

  • ১ চামুচ আমালকি গুড়িৰ লগত সমান পৰিমাণে নেমুৰ ৰস মিহলাই লওক।
  • চুলিৰ গুৰিত মিশ্ৰণটো লগাব লাগে।
  • শুকালে ঠাণ্ডা পানী আৰু চেম্পুৰে ভালদৰে ধুব লাগে।
  • সপ্তাহত এবাৰ ব্যৱহাৰ কৰক।

মেথি গুটি দিব

  • ২ চামুচ মেথি আধা কাপ পানীত ৰাতিটো তিয়াই ৰাখিব।
  • পিছদিনা অলপ পানীৰ লগত ভালদৰে মিহলাই মিহি পেষ্ট বনাওক।
  • চুলিৰ মূৰৰ পৰা শিপালৈকে পেষ্ট লগাব লাগে।
  • ৩০ মিনিটৰ পিছত চেম্পুৰে ধুব লাগে।
  • সপ্তাহত এবাৰ কৰিলে সহজেই সৌন্দৰ্য্যতা ঘূৰাই পাব।

নাৰিকল তেল

  • ৰাতি শোৱাৰ আগতে নাৰিকল তেল গৰম কৰি মূৰৰ ছালত ঘঁহি দিব লাগে।
  • চুলিত গৰম তেল লগাব লাগে। পিছদিনা ৰাতিপুৱা চেম্পুৰে ধুই দিব লাগে।
  • সপ্তাহত কেইবাবাৰো নাৰিকল তেল ব্যৱহাৰ কৰিব পাৰে।
  • ইয়াত পটাছিয়াম, আইৰণ আৰু বিভিন্ন উপকাৰী খনিজ পদাৰ্থ থাকে।
  • যিয়ে চুলি গজা আৰু উফি নোহোৱা কৰাত সহায় কৰে।

আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like  আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.