this girl is giving 60 lakh rupees to become a her boyfriend just fulfill this condition
আজি এনে এগৰাকী ছোৱালীৰ কথা ক'ম। কোনেৱে এটা ৱেবচাইটত এটা বিজ্ঞাপন দিছে যে এই ছোৱালীজনীৰ যিয়েই বয়ফ্ৰেণ্ড হ’ব তেওঁ প্ৰতি বছৰে ৬০ লাখ টকা পাব। হয় আপুনি ঠিকেই শুনিছে। এই ছোৱালীজনী UK ৰ। এওঁৰ বয়স ২৩ বছৰ আৰু এই ছোৱালীজনীৰ নাম জেন পাৰ্ক। বিতংভাৱে জানি লওঁ আহক ।
আচলতে জেন পাৰ্ক ১৭ বছৰ বয়সত লটাৰীত জয়ী হৈ কোটিপতি হৈ পৰিছিল। ইয়াৰ পিছত তেওঁৰ ওচৰলৈ যোৱা মানুহৰ শাৰী লাগি গ’ল। মানুহ তেওঁৰ টকাৰ পিছত আছিল। তেওঁ প্ৰকৃত প্ৰেম বিচাৰিছিল, কিন্তু মানুহে তেওঁৰ টকা ব্যৱহাৰ কৰিছিল, টকাৰ বাবে তেওঁক পাব বিচাৰিছিল ।
ইয়াৰ পিছত জেনে সত্যটো বুজি পালে আৰু জেনে এটা ৱেবচাইট আৰম্ভ কৰিলে। এই ৱেবচাইটত এটা বিজ্ঞাপন দি তেওঁ এনে এজন পুৰুষ বিচাৰিছে যিয়ে তেওঁৰ প্ৰেমিক হ’ব পাৰে, যিয়ে তেওঁক সঁচাকৈয়ে ভাল পাব পাৰে, যিয়ে কেৱল জেনক বিচাৰে, অৰ্থাৎ জেন তেখেতৰ বাবে সকলো। সি যেন টকা-পইচাৰ কথা একো গুৰুত্ব নিদিয়ে। তেওঁ লগতে কয় যে এই পদৰ বাবে যিকোনো ব্যক্তিয়ে আবেদন কৰিব পাৰে, কিন্তু চৰ্তটো হ’ল তেওঁ কেৱল জেনক ভাল পাব লাগিব।
ইয়াৰ লগতে জেনে নিজৰ ৱেবচাইটত লিখিছে যে যদি কোনোবাই তেওঁক ভাল পায় আৰু সঁচা অৰ্থত ভাল পায়, তেন্তে সেই ব্যক্তিজনক এবছৰৰ বাবে ৬০ লাখ টকা দিবলৈ জেন সাজু। জেন পাৰ্কৰ এই বিজ্ঞাপনৰ পিছত হাজাৰ হাজাৰ লোকে বয়ফ্ৰেণ্ড হ’বলৈ আবেদন কৰিছে।
আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews