শ্ৰীলংকাত লংকা কাণ্ড
ক্ষোভিত জনতাৰ ক্ষোভৰ বহিৰ্প্ৰকাশ
জ্বলিছে শ্ৰীলংকা, পলাইছে জননেতা। ভোকাতুৰ জনতাই খাবলৈ নেপায় ৰাজপথত চিঞৰিছে। হাতে হাতে মাৰ্ক্স লেনিন এঙ্গেলচৰ ফটো লৈ কমিউনিষ্ট শাসন বিচাৰি সমদল বাহিৰ কৰিছে লাখ লাখ জনতাই। ইফালে ক্ষুধাতুৰ জনতাই প্ৰধানমন্ত্ৰীৰ বাসভৱন জ্বলাই ক্ষোভৰ বহিৰ্প্ৰকাশ ঘটাইছে। হাতে হাতে ৰক্তৰঞ্জিত পতাকা লৈ চৰকাৰ বিৰোধী প্ৰতিবাদত উত্তাল কৰি তুলিছে দেশৰ আকাশ-বতাহ। ইফালে ৰুদ্ৰমূৰ্তি ধাৰন শ্ৰীলংকাৰ বিক্ষোভকাৰীয়ে অতি ক্ষোভেৰে কয় যে, আমি এই কাম বহু আগতেই কৰিব লাগিছিল, তেতিয়া শ্ৰীলংকাৰ এই দুৰৱস্থা নহল হেতেন। প্ৰণিধানযোগ্য যে, শ্ৰীলংকাৰ উঠি ৰজা বহি ৰজা, এক কথাত ক'বলৈ গ'লে দেশখনৰ সৰ্বময় কৰ্তা মহিন্দ্ৰ ৰাজপেক্ষেৰ চৰম চৈৰাচাৰী, কাণ্ডজ্ঞানহীন সিদ্ধান্ত আৰু ভ্ৰষ্টাচাৰৰ বাবে ক্ষুদ্ৰ ৰাষ্ট্ৰখন অৰ্থনৈতিক সংকটত জুৰুলা হৈ পৰে, ফলত দেশখনৰ জনতাৰ মাজত উমি উমি জ্বলি উঠে ক্ষোভৰ জুইকুৰা
। আনপিনে ক্ষোভিত জনতাৰ ক্ষোভৰ পৰা বাচিবলৈ সোমবাৰে প্ৰধানমন্ত্ৰী ৰাজপেক্ষে পদত্যাগ কৰি দেশখনৰ নৌ ঘাটীত আশ্ৰয় লয়। প্ৰকাশিত খবৰ মতে প্ৰধানমন্ত্ৰী ৰাজপেক্ষে নৌ ঘাটীত আশ্ৰয় লৈছে যদিওঁ ক্ষোব্ধ জনতাই সেই নৌ ঘাটিৰ পৰা তেওঁ ওলাই যাব নোৱাৰাকৈ চাৰিওফালৰ পৰা ঘেৰী ৰাখিছে। ইফালে সোমবাৰে বিয়লিপৰলৈকে শ্ৰীলংকাৰ ক্ষোব্ধ জনতাই ৰাজপেক্ষেৰ কেবিনেট মন্ত্ৰী সহ অতি কমেওঁ ৪১ গৰাকী সমৰ্থকৰ ঘৰ আৰু তেওঁলোকৰ ব্যৱসায়ী প্ৰতিস্থান সমূহ জ্বলাই ভস্মীভূত কৰে। উল্লেখ্য যে শ্ৰীলংকাৰ আৰ্থিক সংকটৰ বাবে বিগত ৩০ এপ্ৰিলৰ পৰাই চৰকাৰৰ বিৰুদ্ধে গণ বিক্ষোভৰ সূচনা হৈছিল। বিক্ষোভকাৰী সকলে চৰকাৰক ৭ মেৰ দিনা ৰাজপেক্ষেক প্ৰধানমন্ত্ৰী পদ ত্যাগ কৰিবলৈ আল্টিমেটাম দিছিল, যদিওঁ নিজকে শ্ৰীলংকাৰ হৰ্তাকৰ্তা বিধাতা বুলি ভবা ৰাজপেক্ষেই জনতাৰ দাবীৰ প্ৰতি তিলমানো সঁহাৰি নজনোৱাত সোমবাৰে ক্ষোভিত জনতাই ক্ষোভৰ বহিৰ্প্ৰকাশ ঘটাই প্ৰধানমন্ত্ৰী কাৰ্যলয় আৰু বাসভৱন জ্বলাই দিয়ে। পিছত আতংকিত হৈ ৰাজপেক্ষেই প্ৰধানমন্ত্ৰী কাৰ্যলয়ৰ পৰা পলায়ন কৰি নৌ সেনাৰ বেছ কেম্পত আশ্ৰয় লৈ তাৰ পৰাই প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰা বুলি ঘোষণা কৰে।
অন্যহাতে নৌ সেনা ঘাটীৰ কাষত অৱস্থান কৰা এদল বিক্ষোভকাৰীয়ে সাংবাদিকৰ আগত ক্ষোভেৰে কয় যে, আমি এই কাম বহু আগতেই কৰিব লাগিছিল, পলম হ'ল বাবেই আজি দেশৰ এই দুৰৱস্থা। প্ৰসংগত উল্লেখ্য যে, শ্ৰীলংকা এখন সৰু দেশ। চাৰিওফালৰ পৰা সাগৰে আবৰি ধৰা দ্বীপ ৰাষ্ট্ৰখনেই হৈছে শ্ৰীলংকা। প্ৰচুৰ পৰ্য্যটনৰ সম্ভাৱনা থকা দেশ শ্ৰীলংকাৰ শাসক বৰ্গই খামখেয়ালীৰে চীনৰ পৰা অতিমাত্ৰা ঋণলৈ দেশৰ উন্নয়নমূলক কামত ব্যৱহাৰ কৰাৰ ফলশ্ৰুতিতেই শ্ৰীলংকাৰ মুদ্ৰাৰ মান অভাৱনীয় ভাবে নিম্নগামী হৈ আজিৰ পৰিস্থিতি পালে। বস্তু-বাহনিৰ দাম ইমান অভাৱনীয়ভাৱে বৃদ্ধি পাইছিল যে, সেয়া চৰকাৰৰ পক্ষে নিয়ন্ত্ৰণ কৰা অসম্ভৱ হৈ পৰিছিল। আজি শ্ৰীলংকাত চৰকাৰ বুলি একো নাই, সব জনপ্ৰতিনিধিয়ে ঘৰ এৰি পলাই পত্ৰং দিছে। আনহাতে আমাৰ ভাৰতবৰ্ষৰ অৱস্থাও দিনক দিনে বেয়াৰ ফালে গতি কৰা পৰিলক্ষিত হৈছে। ভাৰতীয় টকাৰ মূল্য ৭৭.১১ ডলাৰলৈ হ্ৰাস পাইছে। পেট্ৰল-ডিজেল, ৰন্ধন গেছৰ মূল্য আকাশলংঘী। দৈনন্দিন জীৱনৰ ব্যৱহাৰ্য্য বয়-বস্তুৰ মূল্য অভাৱনীয়ভাৱে বৃদ্ধি পাইছে। জি.এছ.টি, টেক্স বৃদ্ধি। গাড়ী ভাড়া বৃদ্ধি। মুঠৰ ওপৰত জীয়াতু ভুগিছে সৰ্বসাধাৰণ জনতা। সময় থাকোতেই যদি মূল্যবৃদ্ধি ৰোধ কৰা নহয় তেন্তে অৰ্থনৈতিক মন্দাৱস্থাই দেখা দিব পাৰে ভাৰতবৰ্ষতো।—
জাগীৰোডৰ পৰা জুলহাছ আলী আহমেদৰ সহযোগত...Times Guwahati