সফলতাৰে সমাপ্ত হ'ল ৰবীন্দ্ৰনাথ ঠাকুৰৰ চণ্ডালীকা নাট

 

সফলতাৰে সমাপ্ত হ'ল ৰবীন্দ্ৰনাথ ঠাকুৰৰ চণ্ডালীকা নাট

যোৱা মংগলবাৰে মঞ্চস্থ হোৱা প্ৰদ্যুম্ন প্ৰতিম ৰাজখোৱাৰ  পৰীচালনাৰে বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ চণ্ডালীকা গীতি নাট খনি মৰিগাওঁ জিলাৰ হাবিবৰঙাবাৰী (habibarangabari) প্ৰফুল্ল ৰাজখোৱা স্মাৰক মঞ্চত মঞ্চস্থ কৰা হৈছিল । প্ৰতি বছৰৰ দৰে এইবাৰো দৰ্শকৰ সুবিধাৰ বাবে দুটাকৈ দৰ্শনীৰ ব্যৱস্থা কৰা হৈছিল । নিশা ৭.২০ মিনিটৰ পৰা প্ৰথম দৰ্শনী আৰু দ্বিতীয় দৰ্শনী নিশা ৮.৪০ বজাত শুভাৰম্ভ কৰা হ'ল । ৭২ মিনিট একেৰাহে নৃত্যৰ জড়িয়তে এই গীতি নাট খন সুন্দৰকৈ উপস্হাপন কৰাক লৈ ৰাইজৰ মাজত চৰ্চিত বিষয় হৈ পৰিলে । পৰিচালক ৰাজখোৱা দেৱে কয় প্ৰতিজন অভিনেতাৰ এইয়া নাটকৰ প্ৰতি থকা শ্ৰদ্ধা ও আত্মবিশ্বাসে নাটখনি সফল হোৱাত সহায় আগবঢ়ালে । লগতে আধুনিক নাটৰ তোলনাত এনে পৌৰাণিক নাট মঞ্চস্থ কৰাত প্ৰতিজন কলা কোশলীক তাত উপস্থিত থকা দৰ্শকে সলাগ লৈছে । আগলৈয়ো এনে নাট ৰাইজক উপহাৰ দিব বুলি আশাৰে চৰাইবাহীৰ পৰা পুলক নাথ  ।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.