" নাভুত নাচুৎ কাণ্ড GNRC ৰ ! Complain against GNRC sixmile hospital of Assam :

নাভুত নাচুৎ কাণ্ড GNRC ৰ ! Complain against GNRC sixmile hospital of Assam :

নাভুত নাচুৎ কাণ্ড GNRC ৰ ! Complain against GNRC sixmile hospital of Assam :

gnrc

সাধাৰণ ৰাইজ সাৱধান । কোনো বেমাৰৰ বাবে আপুনি GNRC লৈ যায় নেকি ?  যদি যায় তেন্তে আজিৰে পৰা সাৱধান । আপোনাৰ অজ্ঞাতে হ'ব পাৰে ভয়ংকৰ বিপদ ।  আপুনি হয়তো Akshay Kumar  ৰ Gabar is back চিনেমাখন চাইছে । কিদৰে মৃৎ ব্যক্তিক অষ্টোপচাৰ কৰি Hospital কৰ্তৃপক্ষই লাখ লাখ ধন লুটিছিল ।  সেই অনুৰূপ ঘটনাই সংঘটিত হ'ল এইখন অসমত । আভিজাত্য মহানগৰী গুৱাহাটীৰ sixmile থকা এইখন নামী দামী GNRC য়ে লুটিছে সাধাৰণ ৰাইজৰ গাঠীৰ ধন । সৰু সৰু বেমাৰৰ নামতে এখন দীঘলীয়া ঔষধৰ লিষ্ট । আপুনি যদি GNRC ৰ ৰুগী তেন্তে এই কথা আপুনি ভালদৰে জানে । বহুতে ইয়াত বেমাৰ দেখাই ভাল হৈছে যদিও বহতৰে খাইছে যমৰ যাতনা । GNRC ত কম ধনৰ বিনিময়ত চিকিৎসা কৰা হয় বুলি গাওঁৰ সহজ সৰল লোকক প্ৰলোভনৰে লৈ যায় GNRC  ৰ ৰোগী মিত্ৰ সকলে । তাৰ বিনিময়ত প্ৰতিগৰাকী ৰোগী মিত্ৰই পায় মোটা অংকৰ ধন । সেই একে প্ৰলোভনৰেই ভুক্তভোগী হ'ল মৰিগাওঁৰ এটা পৰিয়াল । প্ৰথম অৱস্থাত পৰিয়ালটোক গাৱৰে এগৰাকী মহিলা যাৰ নাম জুনু দেৱীয়ে প্ৰলোভন দি পৰিলায়টো লৈ গৈছিল GNRC লৈ । মৰিগাওঁ জিলাৰ চৰাইবাহীৰ ৰমেশ নাথৰ মাতৃ যোগেমাই দেৱীৰ প্ৰথমতে চকুৰ পৰীক্ষা কৰিলে । চকুত চানী পৰাত চকুৰ অপাৰেচন কৰিবলৈ পৰামৰ্শ দিছিল GNRC ৰ Dr Angshuman Deka ই । সেই পৰামৰ্শ মতেই আগ বাঢ়িছিল মহিলাগৰাকীৰ পুত্ৰ ৰমেশ চন্দ্ৰ নাথ । কথা মতেই কাম । অপাৰেচন কৰাৰ পিছত ঘটিল কেতিয়াও পৰিয়ালটোৱে নভৱা এক আচৰিত ঘটনা । চকুৰ অষ্ট্ৰোপচাৰ কৰাৰ পিছত চকুৰ বিষ হোৱাৰ লগতে আগৰ দৰে নেদেখাহে হ'ল মহিলাগৰাকী । 


২ মাহ অপেক্ষা কৰাৰ পিছতো কোনো ভাল ফলাফল নহাত ৰমেশ নাথে কাষ চাপিব লগা হ'ল আৰক্ষীৰ । দিছপুৰ আৰক্ষী থানাত GNRC  কৰ্তৃপক্ষৰ বিৰুদ্ধে ৰুজু কৰা হ'ল গোচৰ । GNRC Hospital , Managing director, Angshuman Deka , Junu Devi বিৰুদ্ধে Dispur Police station ত এজাহাৰ দাখিল কৰা হ'ল । এই অভিযোগৰ ভিত্তিতেই Dispur আৰক্ষীয়ে চলাইছে পূৰ্ণগতিত তদন্ত । আৰক্ষীৰ তদন্তৰ পিছত GNRC চলা এই কাণ্ডৰ দৰে বহু কথাই পোহৰলৈ আহিব । নেপালৰ পৰা ভাল ডাক্তৰ আহিব বুলি প্ৰলোভন দি মাতি নিয়া জুনু দেৱীৰ দৰে বহু ৰোগী মিত্ৰও ধৰা পৰিব । সাধাৰণ ৰাইজক ঠগ প্ৰৱঞ্চনাৰে বেমাৰ ভাল কৰাম বুলি সকলো বিনা মূলে দিম বুলি কৈ ঔষধৰ দীঘলীয়া তালিকা হাতত বিপাঙত পেলোৱা GNRC  কৰ্তৃপক্ষই কি উত্তৰ দিব । কেৱল ধন ঘটাৰহে কৌশল নেকি GNRCৰ ?  ৰোগীৰ বাবে ডাক্তৰ ভগৱান বুলি দাবী কৰা সেই মহান বাক্যশাৰী আজি মিচা বুলি প্ৰমাণিত হ'ল ৰমেশ চন্দ্ৰ নাথৰ পৰিয়ালটোৰ লগত । ন্যায় পাবনে এই দুখীয়া পৰিয়ালটোৱে ? মহিলাগৰাকীয়ে পুনৰ দেখা পাবনে ? আৰক্ষীয়ে ভুক্তভোগী পৰিয়ালটোক সহায় কৰিবনে সেই কথা পৰিবৰ্তি সময়ত লক্ষণীয় হ'ব ।

Post a Comment

Previous Post Next Post

People Like