ৰচনা - অসমৰ প্ৰাকৃতিক সৌন্দৰ্য
আৰম্ভণি ::-- অসম এখন প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰা ৰাজ্য ।ভাৰতবৰ্ষৰ পূৱ প্ৰান্তৰ সূৰ্যউঠা অসম পৰ্বত - পাহাৰ , নদ - নদীৰে ভৰপূৰ । অসমৰ উত্তৰ অংশত মিৰি , অকা , ডফলা , টোৰাং , মিচিমি আদি জনজাতিৰ লোকসকলে বাস কৰা পৰ্বতমালাই শোভা বঢ়াই আছে ।পূৱ অংশত চিংফৌ , পাটকাই আৰু বঙ্গদেশৰ কেইবাটাও পাহাৰ , দক্ষিণত জাটিংগা , ত্ৰিপুৰা আৰু খাচীয়া -জয়ন্তীয়া পাহাৰৰ মনোৰম দৃশ্য । পশ্চিম অংশৰ বাহিৰে তিনিও ফালে সুন্দৰ সুন্দৰ পাহাৰেৰে আগুৰি আছে । অসমৰ মাজতো বহুতো সৰু সৰু পাহাৰ আছে ।কামৰূপৰ নীলাচল , সন্ধ্যাচল ,হাজো , শৰণীয়া আদি পাহাৰে প্ৰাকৃতিক সৌন্দৰ্যৰ সৃষ্টি কৰিছে । বছৰৰ ছয়ঋতুতে অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ ৰূপ বেলেগ বেলেগ হয় ।
গ্ৰীষ্মকাল ::-- গ্ৰীষ্মকালৰ আগমনৰ লগে লগে প্ৰকৃতিৰ সমগ্ৰ বুকুতে সেউজীয়া ৰূপ ধাৰণ কৰে । প্ৰকৃতিৰ বুকুত কপৌফুল , নাহৰ , সোণাৰু , তগৰ , মাধৈ মালতী আদি ফুলে সোণত সোৱগা চৰায় । গছৰডালত ফুলে নানা ফলৰ কলি পেলায় । গোন্ধে চতুৰ্দিশ আমোলমোলাই থাকে । পৰিভ্ৰমী চৰাইবোৰেও ফলে - ফুলে পৰি কাকলিৰে মুখৰিত কৰে । মাজে মাজে বৰষুণৰ পাছত দিয়া ৰ'দচাটিয়ে ফৰকাল আকাশত হালধীয়া সোণাৰুৰ হাঁহি বিয়পাই তোলে ।
বৰ্ষাকাল ::--বৰ্ষাৰ আগমনৰ লগে লগে প্ৰকৃতিৰ বুকু সেউজীয়া হৈ পৰে । জাক জাক মৌচুমী বতাহে সমগ্ৰ অসমৰ প্ৰকৃতিতে তৰু -লতাক পানী দি গ্ৰীষ্মৰ তাপত পোৱা কষ্টৰ পৰা ৰেহাই দিয়ে । বৰনৈ , জান-জুৰি , নিজৰাৰ বুকুত ঢল নামে । দুকূল উপচাই বৰলুূইত বৈ যায় । দুয়ো পাৰৰ গাওঁবোৰ , পৰ্বত - পাহাৰবোৰ ৰিণি ৰিণি দেখা যায় । দূৰৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকাৰ সোঁ -মাজত নীলা পাৰিৰ এখন চাদৰ মেলি থোৱা যেন লাগে । পাৰৰ কঁহুৱা , খাগৰিয়ে মলয়াৰ চোঁৱৰেৰে ৰঙতে নাচি থাকে ।
শৰৎ কাল ::-- শৰৎকালত মলয়াৰ ৰিব্ৰিব্ হিল্লোলৰ পৰশত পথাৰৰ সেউজীয়া লখিমীয়ে হালি- জালি থাকে । জলাশয়ৰ বুকুত শাৰদীয় পূৰ্ণিমাৰ স্নিগ্ধতাই ভেঁটফুল , পদুমফুল ফুলায় । ৰাজহাঁহ , কামচৰাই , কোঁঢ়া , শৰালি আদি পক্ষীয়ে ফুলৰ মাজে মাজে আত্মবিভোৰ হৈ পৰে । জোনৰ জোনাকত শেৱালি , হাচ্নাহানা , ৰজনীগন্ধা , তগৰৰ গোন্ধই আমোলমোলাই তোলে । প্ৰকৃতিৰ প্ৰতিটো প্ৰাণী এইসুবাসত মতলীয়া হয় । ভোমোৰা , মৌ - মাখি , পখিলাই গুণগুণাই ফুলৰ মধু পান কৰে । নৈ , বিলৰ সুনিৰ্মল জলধিত উঠা তৰঙ্গ ৰাশি চাই চাই পাৰৰ সেউজীয়া দূবৰিৰ দলিচাত হৰিণৰ নাচোন এক বিনন্দীয়া ৰূপ ।
হেমন্ত কাল ::-- শৰৎকালৰ মনোৰম সৌন্দৰ্যৰ মধুৰতাত হিমৰ কণাই প্ৰকৃতিৰ বুকুত আৱৰণ তৰি দিয়ে । বিস্তীৰ্ণ পথাৰত সোণোৱালী শস্যৰ সোণগুটিবোৰত থকা হিমৰ টোপালবোৰ মুুকুতাৰ দৰে জিলিকি উঠে । আকাশ ৰাজহাঁহ , শৰালিহাঁহৰ কলধ্বনিৰে কোলাহল হয় ।লগতে মাণিকী মধুৰী , জহাৰ মৌ মতলীয়া গোন্ধ ।
শীত কাল ::-- হেমন্তৰ পাছত প্ৰকৃতিলৈ গোপনে নামি আহে শীত । শীতৰ পৰশত পথাৰ উৰুঙা হয় , উৰুঙা হয় শিমলু , মদাৰ , পলাশৰ ডালবোৰ । নদী , জান -জুৰি , সৰোবৰ নিস্তব্ধ হৈ পৰে । লগে লগে প্ৰকৃতিলৈ নামি আহে আন এক সৌন্দৰ্য । লঠঙা ডালবোৰত পলাশ , শিমলু , মদাৰৰ ৰঙাচুপহি প্ৰস্ফুটিত হ'বলৈ ধৰে । এই ৰঙীণ ফুলবোৰৰ মাজে মাজে শীতৰ কুঁৱলীয়ে লুকাভাকু খেলে । বগা হিমবাহে পৰ্বতৰ ছূড়া ঢাকি ধৰে ।
বসন্ত কাল ::-- "বসন্ত কাল " -- প্ৰাণ উতলা কৰা এটি ঋতু । কি নাই এই ঋতুত ! মধুবসন্তৰ শুভাগমনত কুলি ,কেতেকী , মইনা , সখিয়তি , দহিকতৰাৰ কাকলিত মুখৰিত হয় প্ৰকৃতি । ডালে ডালে নৃত্যৰ মূৰ্চ্ছনাত প্ৰাণ পাই উঠে তৰু , তৃণ , লতাত কোমল কুঁহিপাত ।সমগ্ৰ বননি পল্লৱিত হয় । আমে মলিয়ায় , কঁঠালে মুচি পেলায় , অশোক , চম্পা , নাগেশ্বৰ , সেউতী , কৃষ্ণচূড়া , ৰাধাচূড়া আদি কুসুমৰাজিয়ে প্ৰকৃতিৰ বুকু জাতিষ্কাৰ কৰে । বসন্তৰ মধুৰ পৰশত অসম খনি কুঞ্জ কাননত পৰিণত হয় । যিফালেই দৃষ্টি পৰে সেইফালেই চকু ৰৈ যায় । সেয়ে বসন্ত কালক ঋতুৰাজ বুলি কোৱা হয় ।
সামৰণি ::-- অসমৰ বিস্তীৰ্ণ বননিৰ নল , খাগৰি , ইকৰা , খেৰণিবোৰ । এইবোৰৰ মাজে মাজে কুলু কুলু সুৰে নিৰৱচ্ছিন্নভাৱে বৈ থকা জান -জুৰিৰ পাৰে পাৰে হাতী , গঁড় , মেঠোনৰ পালবোৰ , নিৰ্জন বিলৰ পাৰত চৰা গাহৰি , হৰিণৰ জাকবোৰ , ঢেঁকীয়াপতীয়া , নাহৰফুটুকী বাঘবোৰ , মেঘৰ গাজনিৰ ছেৱত চালি ধৰা ময়ুৰৰ নচোন প্ৰকৃতিৰ সৌন্দৰ্যৰ জ্যোতিপুঞ্জ । গাঁৱৰ তামোল নাৰিকলৰ শাৰিবোৰ , চাহবাগিছাৰ চিৰসেউজ দৃশ্য , শিৰীষ গছৰ ডালত ফুলি থকা ফুলৰ সৌন্দৰ্য এক অক্ষয় ভাণ্ডাৰ । লুইতৰ চাপৰিৰ শ্যামল ঘাঁহনি , বৰনৈৰ বুকুৰ ৰূপালী বালি , নীলাচল , কামাখ্যা পাহাৰৰ বৃক্ষত ফুলি থকা বিবিধ অৰ্কিডে সহজে মন আকৰ্ষণ কৰে । অসম প্ৰকৃতিয়ে সজাই থোৱা সৌন্দৰ্যৰ সুন্দৰী কন্যা । অংগে অংগে মনোৰমা অসম প্ৰকৃতিৰ লাৱণ্যময়ী স্বৰ্গপুৰী ।
পুথিভঁৰাল অসমীয়া ৰচনা
ReplyDelete