য়াদাদ্ৰী মন্দিৰ:ৰাজ্যৰ খৰছত KCR ৰ ১৮০০ কোটি টকা সপোনৰ প্ৰকল্প : Yadadri Temple: KCR's 1,800 crore dream project at state expense

য়াদাদ্ৰী মন্দিৰ:ৰাজ্যৰ খৰছত KCR ৰ ১৮০০ কোটি টকা সপোনৰ প্ৰকল্প : Yadadri Temple: KCR's 1,800 crore dream project at state expense

yadradi

ভাৰতবৰ্ষ এখন ভক্তিৰ ৰসৰ নৈ বৈ থকা দেশ।সেয়ে ইয়াত মঠ মন্দিৰৰ সংখ্যা ও অধিক।পূজা অৰ্চনাৰ গোন্ধই এই দেশ খনক আমোল মোলাই থাকে। নতুন নতুন মন্দিৰৰ নিৰ্মাণৰ কাম চলিয়েই থাকে।

হায়দ্বৰাবাদৰ পৰা ৭০ কি: মি: উত্তৰ পূবে অৱস্থিত ইয়াডগিৰিগুত্তা নামৰ টিলা এটা ৰাম মন্দিৰৰ সমতুল্য কৈ এটা ডাঙৰ মন্দিৰ নিৰ্মান হৈছে।তেলেংগনাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও ৰ সপোনৰ প্ৰকল্প আছিল এই মন্দিৰ নিৰ্মাণ কৰাটো। তেওঁৰ মতে ২১ শতিকাৰ গোটেই বিশ্বৰ ভিতৰতে ডাঙৰ মন্দিৰ হোৱা উচিত যিয়ে হিন্দু সকলৰ আধ্যাত্মিক স্থান হব।দেশৰ এই প্ৰধান মন্দিৰ টো পৰ্যটন কেন্দ্ৰত পৰিণত কৰাৰ এক বিৰল হেঁপাহ আছিল। ২০১৫ চনৰ মাৰ্চ মাহত ১,৮৮৫  একৰ মাটিত ১৮০০ কোটি টকাৰ এই বৃহৎ প্ৰকল্প টোৰ শুভাৰম্ভ কৰে। ২০১৫ চন লৈকে পূজা কৰিবৰ বাবে ভক্ত সকলে বহু দূৰ যাব লগা হয় আৰু ১২৪৬ চনত ৰজা বীৰ সোমেশ্বৰৰ শাসন কালত দণ্ডনায়কৰ দ্বাৰা নিৰ্মিত মন্দিৰত দেৱতাৰ পূজা কৰি থকা হৈছিল।

KCR  ৰ সপোনৰ প্ৰকল্পৰ কাৰণে তেওঁ ইয়াডগিৰিগুত্তা মন্দিৰ উন্নয়ন কর্তৃপক্ষ গঠন কৰে। প্ৰকল্পটো কাৰ্যকৰী কৰাৰ সমস্ত দায়িত্ব আৰু মন্দিৰৰ লগত জড়িত কিছু দায়িত্ব পালন কৰিব এই কৰ্তৃপক্ষই। YDTA ক পৰামৰ্শ দিবৰ বাবে অভিযান্ত্ৰিক আৰু ডাঙৰ ডাঙৰ প্ৰত্যাহ্বান সমূহৰ সন্মুখীন হ'বৰ বাবে উচ্চ শক্তি যুক্ত প্ৰযুক্তি কমিটি গঠন কৰা হৈছিল। সেইকাৰণে নতুন মন্দিৰ নিৰ্মাণৰ সুবিধাৰ কাৰণে মূৰ্তি জনাক এখন বেলেগ ঠাইলৈ অস্থায়ী ভাবে স্থানান্তৰিত কৰা হৈছিল। কেই সপ্তাহ মানৰ পূজাৰ পিছতে মূৰ্তি জনাক আকৌ গৰ্ভগৃহত প্ৰতিষ্ঠা কৰা হ'ব। এই সকলোবোৰ তৃদ্বন্দী ছিন্ন শ্ৰীমান্নাৰায়ন ৰামানুজ জীয়ৰ স্বামীৰ উপদেশত কৰা হৈছে,যি বৈষ্ণৱ ধৰ্মৰ ব্যক্তিতাৰ বাবে বিখ্যাত।

YDTA য়ে বিনিয়োগ কৰা সকলৰ ওচৰত ভৱিষ্যতে পৰ্যটন কেন্দ্ৰ হিচাপে এই প্ৰকল্পটো বিক্ৰী কৰিব।ভক্ত গণৰ বাবে মন্দিৰৰ আশে পাশে তেওঁ থাকিবলৈ ঘৰৰ ব্যৱস্থাও কৰিব। মন্দিৰৰ প্ৰসাদ আৰু খোৱা বোৱা লৈ বিতৰ্ক হ'ব বুলি ভাবিয়েই তেওঁ The International Society for Krishna Consciousness বুলি এটা সংস্থা নিয়োগ কৰিব যিয়ে জনসাধাৰণৰ খাদ্য সৰবৰাহৰ দক্ষতা অৰ্জন কৰিছে।

KCR সকলো কৰ্মকৰ্তা কে জনাই যে সকলোৱে ইয়াদাদ্ৰী পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত এক আৰ্হি স্বৰূপ হৈ পৰাটো বিচাৰে। মন্দিৰ অঞ্চলটো পাহাৰৰ টিলা ফালে ৪৫.৫ একৰ পৰ্য্যন্ত প্ৰসাৰিত কৰা হৈছে।১০০০ বছৰ আয়ুস হিচাপে এই মন্দিৰবিধ তৈয়াৰ কৰা হৈছে। এই মন্দিৰ মহা যজ্ঞ ৰ দ্বাৰা মুকলি কৰা হ'ব। সকলো দেশৰ পৰা নেতা সকলক আমন্ত্ৰণ কৰা হ'ব এই যজ্ঞ ত।

By: Sukanya Rajbongshi

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.