সূদুৰ মহাকাশৰ পৰাই জানিব পৰা যাব মহাসাগৰত থকা প্লাষ্টিকৰ অৱস্থান : Scientists track ocean microplastics from space
আমাৰ পৃথিৱী খনৰ প্ৰায় ৭১ শতাংশ ই পানীয়ে আগুৰি আছে। পৃথিৱীৰ প্ৰায় ৯৬.৫ শতাংশ পানী মহাসাগৰ সমূহে ধৰি ৰাখে।এই মহাসাগৰসমূহ বিশ্বৰ অধিক সংখ্যক দেশ ৰে এক গুৰুত্বপূৰ্ণ সম্পদ । পৃথিৱীৰ বহুকেইটা সম্প্ৰদায়ৰ লোক জীৱিকা নিৰ্বাহৰ বাবে সাগৰ-মহাসাগৰৰ ওপৰত নিৰ্ভৰশীল। পিছে বৰ্তমান যুগত বৰ্ধিত প্ৰদূষণৰ মাত্ৰা তথা অতিমাত্ৰা প্লাষ্টিকৰ ব্যৱহাৰে মহাসাগৰ সমূহক সংকটত পেলাইছে। ইয়াৰ ফলত সমূদ্ৰী পৰিস্থিতি তন্ত্ৰ আৰু মানৱ জীৱন দুয়োটাই প্ৰভাৱিত হৈছে।
সুক্ষ্ম প্লাষ্টিক (Microplastics) হৈছে মহাসাগৰৰ বাবে অতি বিপদজনক।যেতিয়া প্লাষ্টিকৰ আৰ্বজনা বোৰ সূৰ্য ৰ ৰশ্মি তথা সাগৰৰ ঢৌৰ বাবে ভাঙি যায় আৰু সুক্ষ্ম কণিকাত পৰিণত হয়, তেতিয়া তাক সুক্ষ্ম প্লাষ্টিক বুলি কোৱা হয়।এই সুক্ষ্ম প্লাষ্টিক ৰ কণিকাবোৰ বহু শ বা হাজাৰ মাইল আঁতৰলৈ গুছি যাব পাৰে,সাগৰৰ ঢৌ ৰ বাবে। তেতিয়া এই প্লাষ্টিক সমূহ আঁতৰোৱা অতি কষ্টসাধ্য হৈ পৰে।
শেহতীয়াকৈ বৈজ্ঞানিক সকলে এটি নতুন পদ্ধতি আৱিষ্কাৰ কৰিছে এই সুক্ষ্ম প্লাষ্টিক সমূহৰ অৱস্থান জানিবলৈ। মিছিগান বিশ্ববিদ্যালয়ৰ গৱেষক সকলে এই পদ্ধতি বিচাৰি উলিয়াইছে,যিয়ে সমগ্ৰ বিশ্বৰে মহাসাগৰ সমূহৰ প্লাষ্টিক বোৰৰ অৱস্থান বিচাৰি উলিয়াব।কোনখন ঠাইত এই প্লাষ্টিক সমূহে পানীত প্ৰৱেশ কৰিছে, কেনেকৈ গতি কৰিছে আৰু ক'ৰ পৰা ইহঁতক সংগ্ৰহ কৰিব পৰা যাব তাক জনা যাব।
পৃথিৱীৰ প্ৰায় ৮ মিলিয়ন টন প্লাষ্টিক বছৰি এই মহাসাগৰ সমূহত প্ৰৱেশ কৰে। নতুন পদ্ধতিটোত NASAৰ 'Cyclone Global Navigation Satellite System' ৰ ব্যৱহাৰ কৰা হ'ব,যি মহাসাগৰৰ ওপৰত বতাহৰ গতি তথা সমূদ্ৰ ৰ হাৰিকেন সমূহ কিমান বেছি শক্তিশালী জনাত সহায় কৰিব। এই উপগ্ৰহ সমূহৰ যোগেদি , বিশেষজ্ঞ ৰ দলে মহাসাগৰৰ এনেকুৱা ঠাই বিচাৰি উলিয়াব য'ত পানী তথা বতাহৰ গতি স্থিৰ হয়। এই উপগ্ৰহ সমূহত থকা ৰাডাৰ যন্ত্ৰ ই পানীৰ গতি জোখাত সহায় কৰিব।
মহাকাশত থকা উপগ্ৰহৰ যোগেদি লক্ষ্য কৰি তেওঁ লোকে অনুমান কৰিব পাৰিছে যে ,যি অঞ্চলত মহাসাগৰৰ পানীৰ গতিবেগ সুস্হিৰ হয় , প্লাষ্টিক সমূহ সেই ঠাইত জমা হয়গৈ।
উপৰোক্ত বিষয়ত পৰীক্ষা নিৰীক্ষা চলাই থকা মিছিগান বিশ্ববিদ্যালয়ৰ গৱেষক সকলে প্ৰকাশ কৰা মতে , তেওঁলোক বৰ্তমান এই গৱেষণাৰ প্ৰাৰম্ভিক পৰ্য্যায়তহে আছে, কিন্তু তেওঁ লোকে আশা কৰিছে যে এই পদ্ধতি নিশ্চয় সফল হ'ব। এই নতুন পদ্ধতিৰ সফলতাই সাগৰৰ পৰিস্থিতি তন্ত্ৰ ৰক্ষাৰ ক্ষেত্ৰত বহুত ডাঙৰ পৰিবৰ্তন সাধন কৰিব। বিশ্বৰ জৈৱ বৈচিত্ৰ্য ক্ষেত্ৰত ই এক বৃহৎ সকাহ দিব বুলি আশা কৰা হৈছে।
By- Smriti Kakati

