এতিয়া RTO অফিচে প্ৰদান নকৰে ড্রাইভিং লাইচেঞ্চ : Now, Driving licence will not be issued by RTO Office
যানবাহন চলাবলৈ আমাক ড্রাইভিং লাইচেঞ্চৰ প্ৰয়োজন, কিয়নো ড্রাইভিং লাইচেঞ্চে আপোনাৰ যানবাহন চলোৱাৰ যোগ্যতা নিৰ্ধাৰণ কৰে। কিন্তু এই
ড্রাইভিং লাইচেঞ্চ লাভ কৰাটোও এক কঠিন কাম। কাৰণ যথোপযুক্ত যোগ্যতা থকা স্বত্বেও এই ড্রাইভিং লাইচেঞ্চ লাভ কৰাৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া সম্পন্ন হওঁতে যথেষ্ট সময়ৰ প্ৰয়োজন। যাৰ বাবে আমি RTO (Regional Transport Office) ত অহা যোৱা কৰিব লগা হয় । যাৰ ফলত আমাৰ বহু মূল্যৱান সময় নষ্ট হয় । কিন্তু পৰিবহণ বিভাগে আনিছে এক সকাহৰ খবৰ, এতিয়াৰ পৰা ড্রাইভিং লাইচেঞ্চৰ লাভ কৰিবলৈ RTO অফিচত দীঘলীয়া শাৰী পাতি থিয় হৈ থাকিব নালাগে বা আপোনাৰ মূল্যৱান সময় নষ্ট কৰিব নালাগে। কাৰণ এতিয়াৰ পৰা ড্রাইভিং স্কুল সমূহতে প্ৰদান কৰা হ'ব ড্রাইভিং লাইচেঞ্চ।
ড্রাইভিং লাইচেঞ্চ লাভ কৰিবলৈ প্ৰথমে আপোনাৰ ড্রাইভিঙৰ যোগ্যতা নিৰূপণ কৰা হ'ব আৰু তাৰ পিছত আপোনাক ড্রাইভিং লাইচেঞ্চ প্ৰদান কৰা হ'ব। তাৰোপৰি, এই ড্রাইভিং স্কুল সমূহত যান বাহন চলোৱাৰ প্ৰশিক্ষণো প্ৰদান কৰা হ'ব আৰু প্ৰশিক্ষণ শেষ হোৱাৰ পিছত ড্রাইভিং লাইচেঞ্চ প্ৰদান কৰা হ'ব।
উল্লেখ্যযোগ্য যে, এই ড্রাইভিং স্কুল সমূহ চৰকাৰী স্বীকৃতি প্ৰাপ্ত হ'ব লাগিব আৰু লগতে ই চৰকাৰী নীতি নিয়ম সমূহ মানি চলিব লাগিব। এই ক্ষেত্রত পৰিবহণ বিভাগে পৰিৱৰ্তী সময়ত কিছু নতুন নিয়ম প্ৰৱৰ্তন কৰাৰো সম্ভৱনা আছে ।
পৰিবহণ বিভাগৰ এই পদক্ষেপে নিশ্চিতভাৱে ড্রাইভিং লাইচেঞ্চ লাভ কৰিব বিচৰা সকলক সকাহ প্ৰদান কৰিব লগতে সকলোকে সঠিক প্ৰশিক্ষণ প্ৰদান কৰাটোও হ'ব ইয়াৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ।
By Prasenjit Chakraborty


This is the good step.
ReplyDelete