IIT মাদ্ৰাজৰ সফলতা : Another success of Madras IIT
Gravity অৰ্থাৎ মধ্যাকৰ্ষণ শক্তি ৰ বিষয়ে আমি অলপ অচৰপ সকলোৱে হয়তো পঢ়িছো। Microgravity হ'ল ,য'ত মধ্যাকৰ্ষণ শক্তি প্ৰায় শূন্য ৰ ওচৰা-ওচৰি হয়।এই 'Microgravity' অৱস্থা সৃষ্টি কেৱল মহাকাশ ষ্টেচন, উপগ্ৰহ, ৰ'কেট, মহাকাশযান আদিৰ ভিতৰতহে সম্ভৱ।যি অৱস্থা উপলদ্ধ পৰীক্ষাগাৰ ভাৰতবৰ্ষৰ সৰহভাগ শিক্ষা প্ৰতিষ্ঠানতে নাই।
শেহতীয়াকৈ IIT মাদ্ৰাজৰ গৱেষক ছাত্ৰৰ এটি দলে "Algorithm" ৰ এটি নতুন প্ৰণালী উলিয়াইছে ,যাৰদ্বাৰা আমাৰ পৃথিৱীতে মধ্যাকৰ্ষণ শক্তি শূন্য প্ৰায় কৰি চন্দ্ৰ আৰু মংগল গ্ৰহৰ দৰে পৰিৱেশ সৃষ্টি কৰিব পৰা হ'ব,যি পৰীক্ষা নিৰীক্ষা ৰ বাবে ব্যৱহাৰ কৰিব পৰা যাব। ইয়াৰদ্বাৰা বহুমুখী ঘূৰ্ণকৰ দৰে যানো নিয়ন্ত্ৰণ কৰিব পৰা যাব। দ্ৰ'ণ আদিৰ ভিতৰতো এনে পৰিৱেশ সৃষ্টি কৰিব পৰা হ'ব। বৰ্তমান যিবোৰ মধ্যাকৰ্ষণ শূন্য প্ৰায় অঞ্চল ( platform) আছে ,তাক তৈয়াৰ কৰিবলৈ বহু মাহ, কেতিয়াবা বহু বছৰো লাগে। তদুপৰি এনে অঞ্চল তৈয়াৰ কৰি পৰীক্ষাগাৰ নিৰ্মাণ কৰাটো অতিশয় খৰচী।যি ভাৰতৰ বেছিভাগ গৱেষণা কেন্দ্ৰৰ বাবেই সম্ভৱ নহয়।তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে মাদ্ৰাজৰ গৱেষক ছাত্ৰৰ দলটোৱে এই নতুন পদ্ধতি উদ্ভৱ কৰে। ইতিমধ্যে এই গৱেষকে দলৰ গৱেষণা বহু আন্তঃজাৰ্তিক আলোচনী যেনে , 'Aerospace Systems' , 'Aerospace Science and Technology', Microgravity Science and Technology' আদিত প্ৰকাশ পাইছে।
উপৰোক্ত পদ্ধতিৰ দ্বাৰা প্ৰাৰম্ভিক পৰ্য্যায়ৰ পৰীক্ষা ত গৱেষক দলটো সফল হৈছে। পূৰ্বতেও এই বিষয়ে আন আন গৱেষক সকলে পৰীক্ষা নিৰীক্ষা চলাইছিল যদিও অধিক সফল হ'ব পৰা নাছিল। গৱেষক সকলে আশা কৰিছে যে , এই পদ্ধতিৰ সফলতাই ভাৰতৰ প্ৰতিখন বিশ্ববিদ্যালয়ৰ পৰীক্ষাগাৰতে কমখৰচতে
মধ্যাকৰ্ষণ শূন্য প্ৰায় অঞ্চল উপলদ্ধ কৰাব ,যাৰ জৰিয়তে আমাৰ গৱেষক ছাত্ৰ ছাত্ৰী সকল বহুত উপকৃত হ'ব।
By-Smriti Kakati

