আমাৰ পৃথিৱী তথা পৰিৱেশ সুৰক্ষাৰ লগত জড়িত দহবিধ পাঠ্যক্ৰম : Top 10 courses that help you to protect the planet

আমাৰ পৃথিৱী তথা পৰিৱেশ সুৰক্ষাৰ লগত জড়িত দহবিধ পাঠ্যক্ৰম : Top 10 courses that help you to protect the planet

world

বৰ্তমান যুগত আমাৰ পৃথিৱীখন তথা ইয়াৰ পৰিৱেশ ৰ ক্ৰমে অৱনতি ঘটিছে। বাঢ়ি অহা জনসংখ্যা, গ্লোবেল ৱাৰ্মিং , প্ৰদূষণ আদিয়ে আমাৰ বায়ুমণ্ডল তথা ভূমি ভাগক ক্ৰমে বসবাসৰ অনুপযোগী কৰি আনিছে। মানৱজাতি তথা উঠি অহা প্ৰজন্ম ক এই বিষয়ে সজাগ, শিক্ষিত তথা এখন সুস্হ পৃথিৱী গঢ়ি তুলিবলৈ উৎসাহিত কৰা অতি প্ৰয়োজনীয় হৈ পৰিছে।এই কথাৰ প্ৰতি লক্ষ্য ৰাখি কলেজ, বিশ্ববিদ্যালয় সমূহে নতুন নতুন পাঠ্যক্ৰম আৰম্ভ কৰিছে।

আপুনিও যদি এজন প্ৰকৃতিপ্ৰেমী আৰু আপুনি যদি আমাৰ পৃথিৱী সুৰক্ষাৰ বাবে কাম কৰিব বিচাৰিছে, তেন্তে তলৰ পাঠ্যক্ৰম সমূহ অধ্যয়ন কৰিব পাৰে-

১/ পৰিৱেশ অভিযন্তা (Environmental Engineering) : পৰিৱেশ অভিযন্তা সকলে তেওঁ লোকৰ অভিযান্ত্ৰিক জ্ঞান ভূমি বিজ্ঞান,ৰসায়ণ বিজ্ঞান আদিৰ সৈতে লগলগাই আমাৰ জৈৱ বৈচিত্ৰ্য ৰ ক্ষেত্ৰত দেখা দিয়া প্ৰতিবন্ধকতা সমূহ আঁতৰাব পাৰিব।এই পাঠ্যক্ৰম চাৰিবছৰীয়া হয়।

২/ পৰিৱেশ বিজ্ঞান( Environmental science) : পৰিৱেশ বিজ্ঞান অধ্যয়ন কৰিলে আমাৰ ছাত্ৰ ছাত্ৰী সকল প্ৰকৃতিৰ বিষয়ে অধিক সজাগ হ'ব। পৰিৱেশ বিজ্ঞানৰ লগত জড়িত চাকৰিৰ উচ্চ পদসমূহৰ বাবে সাধাৰণতে প্ৰাকৃতিক বিজ্ঞানৰ চাৰিবছৰীয়া ডিগ্ৰীৰ প্ৰয়োজন হয়।

৩/ ভূ-তত্ব বিজ্ঞান( Geoscience):  ভূ-তত্ব বিজ্ঞানী সকলে মাটি,শিল আদিৰ ওপৰত পৰীক্ষা নিৰীক্ষা চলায়। তেওঁ লোকেই মাটিৰ তলত থকা খনিজ তেল তথা অন্যান্য খনিজ পদাৰ্থৰো সন্ধান দিয়ে। এজন ভূ-তত্ব বিজ্ঞানী হ'বলৈ হ'লে চাৰিবছৰীয়া পাঠ্যক্ৰমৰ অধ্যয়ন কৰিব লাগে। আগ্ৰহী সকলে স্নাতক পৰ্যায়ৰ পৰাই ভূ-তত্ব ক বিষয় হিচাপে লৈ অধ্যয়ন কৰিব পাৰে।

৪/ বায়ুমণ্ডল বিজ্ঞান( Atmospheric science) : ই এক অতিশয় গুৰুত্বপূৰ্ণ বিষয়। বায়ুমণ্ডল বিজ্ঞানী সকলে বেলুন, ৰাডাৰ, উপগ্ৰহ আদিৰ জৰিয়তে বায়ুমণ্ডলৰ বিষয়ে অধ্যয়ন কৰে আৰু তথ্য আগবঢ়ায়।এই বিষয়ত গৱেষণা বা উচ্চ পদবীৰ বাবে ও চাৰিবছৰীয়া ডিগ্ৰীৰ প্ৰয়োজন হয়।

৫/ জৈৱ ৰসায়ন বিজ্ঞান ( Biochemistry Global Health sciences):  জৈৱ ৰসায়ন বিজ্ঞানীসকলেই লেজাৰ, 'fluorescent','megnifying' আদিৰ দৰে আধুনিক যন্ত্ৰ-পাতি আৱিষ্কাৰ কৰিছে। ইয়াৰ কৰ্মক্ষেত্ৰত ভাল পদৰ বাবে PHD ডিগ্ৰীৰ প্ৰয়োজন হয়। জৈৱ ৰসায়ন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীৰ অধিকাৰীয়েও প্ৰাৰম্ভিক পৰ্য্যায়ৰ জৈৱ ৰসায়ন ক্ষেত্ৰত কাম কৰাৰ সুবিধা লাভ কৰে।

৬/ সংৰক্ষণ বিজ্ঞান( Conservation science): প্ৰকৃতি সংৰক্ষণৰ বাবে আগ্ৰহী লোকসকলে এই বিষয় বাছি ল'ব পাৰে। ইয়াৰ কৰ্মক্ষেত্ৰত পদবীৰ বাবে ও চাৰিবছৰীয়া পাঠ্যক্ৰম অধ্যয়ন কৰিব লাগে।

৭/ জলবিজ্ঞান ( Hydrology):  জলবিজ্ঞানী সকলে বৰষুণ ,বৰফ তথা পানীৰ লগত জড়িত সকলো বিষয়ৰ লগতে পানীৰ তলৰ জগত খনৰ বিষয়েও অধ্যয়ন কৰে। এজন জলবিজ্ঞানী হ'বৰ বাবে চাৰিবছৰীয়া পাঠ্যক্ৰম অধ্যয়ন কৰিব লাগে।

৮/ পৌৰ আৰু ক্ষেত্ৰীয় পৰিকল্পনা বিষয়( Urban and regional planning): এওঁ লোকে এখন ঠাইৰ উন্নতিকৰণৰ কাম কৰে। পৰিকল্পিত ভাবে ঠাই এখন সলনি কৰে ,যাৰদ্বাৰা সেইঠাইৰ প্ৰাকৃতিক পৰিৱেশৰ কোনো ক্ষয়-ক্ষতি নহয়। এনে প্ৰকল্প সমূহত কাম কৰিবৰ বাবে সাধাৰণতে স্নাতক ডিগ্ৰীধাৰী সকলেও আবেদন কৰিব পাৰে।

৯/ কৃষি আৰু খাদ্য বিজ্ঞান( Agriculture and food science): এওঁলোকে আমাৰ পৃথিৱীৰ খাদ্য উৎপাদন, বৃদ্ধি তথা ইয়াৰ লগত জড়িত অসুবিধা সমূহৰ বিষয়েও অধ্যয়ন কৰে। কৃষি তথা খাদ্য বিজ্ঞানী হ'বলৈ চাৰিবছৰীয়া পাঠ্যক্ৰমৰ ব্যৱস্থা আছে।

১০/ বতৰবিজ্ঞান ( Meteorology): ই এক অতিশয় গুৰুত্বপূৰ্ণ বিষয়। বতৰ বিজ্ঞানীসকলে বিজ্ঞান আৰু অংকৰ জৰিয়তে বতৰৰ বিষয়ে অধ্যয়ন কৰে। পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান,অংক আদি বিষয়ৰ স্নাতক সকলে এই বিষয়ত উচ্চ শিক্ষা গ্ৰহণ কৰিব পাৰে।

By- Smriti Kakati

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.