ATM মেচিনত টকা ফচি গ'লে কি কৰিব ? RBI New rule 2021

ATM মেচিনত টকা ফচি গ'লে কি কৰিব ? 

What should you do if your money stucks in ATM machine

What should you do if your money stucks in ATM machine


আজিকালি অধিকাংশ লোকেই বেংকৰ ভিতৰত শাৰী পাতি পাতি টকা উলিওৱাতকৈ ATM অৰ পৰা উলিয়াই ভাল পায়। ATM ব্যৱহাৰ কৰিলে সময়ো ৰাহি হয় আৰু বেংকৰ পৰা উলিওৱাতকৈ তুলনামূলকভাৱে সমস্যা কম হয়। ATM ব্যৱস্থা নিসন্দেহে সুবিধাজনক হয় যদিও কেতিয়াবা অৱশ্যে ATM মেচিনত টকা ফচি যাব পাৰে আৰু আপোনাক অসুবিধাত পেলাব পাৰে। আপুনি যদি এনে সমস্যাৰ সন্মুখীন হয়, অৰ্থাৎ আপোনাৰ টকা যদি ATM মেচিনত ফচি যায়, তেতিয়া আপুনি কি কৰিব? এনে ক্ষেত্ৰত আপোনাৰ সুবিধাৰ বাবে আমি এই প্ৰতিবেদন প্ৰস্তুত কৰিছো। 

কেতিয়াবা কেতিয়াবা এনেকুৱা হ'ব পাৰে যে আপুনি ATM অৰ দ্বাৰা টকা উঠাবলৈ চেষ্টা কৰিছে আৰু কিবা বিসংগতিৰ বাবে আপুনি টকাকেইটা উলিয়াব পৰা নাই। এনে হ'লে চিন্তাৰ কাৰণ একো নাথাকে। আপুনি পুনৰ কেইবাৰমান চেষ্টা কৰিলে টকা উলিয়াব পাৰিব। কিন্তু সমস্যা তেতিয়াহে হয়, যেতিয়া আপুনি ATM অৰ পৰা টকাটো উলিয়াব নোৱাৰে অথচ আপোনাৰ বেংক একাউণ্টৰ পৰা টকাটো কটা যায়। ATM মেচিনৰ বাবে হোৱা এনে সমস্যাত আপোনাৰ কিন্তু কোনো ভুল নাথাকে। তৎস্বত্ত্বেও আপুনিয়ে ভীষণ অসুবিধা ভোগ কৰিব পাৰে। অৱশ্যে এতিয়া এই বিষয়ত চিন্তাৰ কোনো কাৰণ নাই। RBI য়ে এই ক্ষেত্ৰত নতুন নিৰ্দেশাৱলী জাৰি কৰিছে। 

                  Reserve Bank of India (RBI) ৰ নতুন নিৰ্দেশাৱলী অনুসৰি ATM লাগিলে আপোনাৰ নিজৰ বেংকৰে হওঁক বা আনৰ বেংকৰ, মুঠৰ ওপৰত আপোনাৰ হাতত উলিয়াব খোজা টকাটো নহাকৈ যদি আপোনাৰ বেংক একাউণ্টৰ পৰা টকা কটা যায়, তেন্তে আপুনি ২৪ (চৌবিছ) ঘণ্টাৰ পিছত নিজৰ বেংকৰ শাখাটোৰ লগত যোগাযোগ কৰিব লাগিব। ২৪ ঘণ্টা অপেক্ষা কৰিবলৈ এই কাৰণেই কোৱা হয় যে কেতিয়াবা টকাটো কটাৰ পিছত পুনৰ স্বয়ংক্ৰিয় ভাৱে আপোনাৰ একাউণ্টত জমা হৈ যায়। সেয়ে ২৪ ঘণ্টা অপেক্ষা কৰাটো বাঞ্ছনীয়। যদি ২৪ ঘণ্টা অতিক্ৰম কৰাৰ পিছতো আপোনাৰ একাউণ্টত টকা জমা নহয় আৰু সেই সময়ত যদি বেংক বন্ধ হৈ যায় নাইবা বন্ধ দিন যদি চলি থাকে, তেন্তে আপুনি কাষ্টমাৰ কেয়াৰৰ লগত কথা পাতিব পাৰে নাইবা নিম্নোলিখিত উপায়কেইটা অৱলম্বন কৰিব পাৰে...

১) বেছিভাগ লোকেই বিভিন্ন কাৰণত নিৰ্দিষ্ট সময়ত বেংকলৈ যোৱাৰ ক্ষেত্ৰত অপাৰগ হয়। তেতিয়া কাষ্টমাৰ কেয়াৰৰ লগত কথা পাতিব লাগিব। কিন্তু আপুনি যদি ভাবি আছে যে কাষ্টমাৰ কেয়াৰৰ নম্বৰ ক'ত পাম, তেন্তে আপোনাক জনাই দিওঁ যে ডেবিট কাৰ্বনৰ পিছফালে লিখা থকা তথ্য খিনিতে আপুনি কাষ্টমাৰ কেয়াৰৰ নম্বৰ পাই যাব। নহ'লে বা আপুনি গুগলত চাৰ্চ কৰিলেও যিকোনো বেংকৰে কাষ্টমাৰ কেয়াৰ নম্বৰ অনায়াসে পাই যাব। 

            যেতিয়া আপুনি Customer care লৈ কল কৰিব, তেতিয়া তেওঁলোকে ATM অৰ পৰা ওলোৱা আপোনাৰ শ্লিপ খনৰ বিষয়ে তথ্য জানিবলৈ বিচাৰিব আৰু ভেৰিফাই হোৱাৰ পিছত সাত দিনৰ ভিতৰত আপোনাৰ একাউণ্টত টকাটো জমা কৰাই দিব।  

২) প্ৰায়ে এনে হয় যে কিবা কাৰিকৰী বিসংগতিৰ ফলত ATM অৰ পৰা শ্লিপেই নোলায়। ATM মেচিনৰ ভিতৰত কাগজৰ ৰ'ল শেষ হৈ যোৱাৰ ফলতো এনে হয়। ATM অৰ পৰা শ্লিপ নোলোৱা পৰিস্থিতিৰ সন্মুখীন হ'লে আপুনি ATM অৰ ক্ৰমিক সংখ্যাটো লিখি নিজৰ বেংকৰ শাখালৈ যাব লাগিব।

              বেংকলৈ গৈ আপুনি এখন লিখিত আবেদনৰ দ্বাৰা আপোনাৰ নাম, একাউণ্ট নম্বৰ, ঠিকনা, শাখাৰ নাম আৰু সমস্যা- এই সকলোখিনি সামৰি অভিযোগ দাখিল কৰিব লাগিব। যদি আপোনাৰ অভিযোগ সঁচা প্ৰমাণিত হয়, তেনেহ'লে আপোনাৰ টকাটো পুনৰ আপোনাৰ বেংক একাউণ্টত জমা কৰাই দিয়া হ'ব। 

৩) এনেইতো লিখিত আবেদনৰ ভিত্তিত অনতিপলমে আপোনাৰ টকাটো একাউণ্টত ভৰোৱাৰ ব্যৱস্থা কৰা হ'ব। কিন্তু যদি পলম কৰে, তেন্তে আপুনি শাখাৰ মেনেজাৰৰ লগত যোগাযোগ কৰিব লাগিব। মেনেজাৰে আপোনাৰ সমস্যা সমাধানৰ বাবে কৰণীয় সকলোখিনি কৰিব।

এনেধৰণৰ সমস্যাৰ সন্মুখীন হ'লে আপুনি দুটা কথাত বিশেষভাৱে ধ্যান দিব লাগিব... 

এটা হ'ল ATM অৰ পৰা ওলোৱা শ্লিপ খন আপুনি ভালদৰে ৰাখিব লাগিব, যাতে আপোনাৰ অভিযোগৰ সপক্ষে এক স্পষ্ট প্ৰমাণ থাকে। 

দ্বিতীয় কথা, এনে সমস্যাৰ ক্ষেত্ৰত আপুনি ৩০ দিনৰ ভিতৰতে আবেদন কৰিব লাগিব। ৩০ দিন অতিক্ৰম কৰিলে আপোনাক কোনোধৰণৰ সহায় নকৰিব। 

আপোনাৰ জ্ঞাতাৰ্থে জনাই থওঁ যে RBI ৰ নিৰ্দেশাৱলী অনুসৰি, আপোনাৰ আবেদনৰ সাত দিনৰ পিছতো যদি কোনো বেংকে আপোনাৰ একাউণ্টত টকাটো পুনৰ জমা কৰাই নিদিয়ে, তেন্তে সেই বেংকটোৱে প্ৰতি দিনে ১০০ টকাকৈ জৰিমনা ভৰিবলগীয়া হ'ব। 

Post a Comment

1 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
  1. আৰু কিবা ইয়াতকৈ দীঘলীয়া পদ্ধতি আছেনে,😂

    ReplyDelete