কি হ'ব অসমৰ ? কোন চৰকাৰে জনতাৰ দোষ বুজিব ? কাৰ ভুলৰ বাবে আজি নিমাতী ঘাটে আজি চকুপানী টুকিছে ? হয় বিজেপি চৰকাৰৰ চৰম প্ৰতাৰনাৰ বলী নহয়নে এই সকল দুৰ্ভগীয়া লোক ? চৰকাৰেলৈ প্ৰশ্ন :- আপোনালোকে কৰা ঠগ -প্ৰবঞ্চনাৰ বাবে আজি এই দিন দেখিব লগা গৈছে। ২০১৬ চনৰ নিৰ্বাচনত মোদীয়ে টেঁটু ফালি ফালি কৈছিল এখন দলং লাগে হৈ যাব কি হল এতিয়া। আজি যদি কোনোবাই মৃত্যু হয় একমাত্ৰ আপোনালোকৰ বাবে ইয়াৰ বাবে জগৰীয়া । আজি মৃত্যুৰ কিৰিলি , কালিলৈ চৰকাৰৰ সমবেদনা , Tweeter, facebook ত অসমীয়াত দীঘলীয়া ভাষন ? এইবোৰেই নেকি ? হয়তো মৃৎকৰ পৰিয়াললৈ ১০ লাখ টকাকৈ আৰ্থিক অনুদান ঘোষনা । তাৰ পিছত ? ১ , ২ বছৰ যোৱাৰ পিছত আকৌ একেই • সকলো পাহৰি নিৰ্বাচনৰ কোলাহল ।
২০১৬ চনত নিৰ্বাচনৰ আগত কি কৈছিল নৰেন্দ্ৰ মোডীয়ে ?
" আমাক ভোট দিয়ক আমি কোটি কোটি টকা খৰচ কৰি ঘৰ , দলং , চাকৰি দিম "
নিৰ্বাচনৰ বৈতৰণী পাৰ কৰাৰ পিছত , সকলো ফুটুকাৰ ফেন কিয় ? কিয় আজিও চৰকাৰৰ বিৰুদ্ধে মাত মাতিলেই, চৰকাৰৰ ভুল দেখোৱাই দিলেই দোষী হয় : লেখক, সাংবাদিক , সমাজ সেৱক অন্যান্য । প্ৰশ্ন বহুত কিন্তু উত্তৰ দিওতো কোনো নাই ? ৰাইজেই ৰজা : কিন্তু প্ৰজাক যে ৰজাই চালে বেৰে কোবাই শোষন কৰিছে তাৰ বিষয়ে ৰাইজ সচেতন কিয় নহয় ? কেৱল চৰকাৰী আচঁনিৰ প্ৰলোভন , প্ৰতি বছৰে নতুন নতুন আচঁনিৰ লোভ দেখুৱাই সকলো পাহৰাব বিচাৰে কিয় ? অসমীয়া ৰাইজ ইমান সহজ সৰল যে চৰকাৰৰ প্ৰতিখন নতুন আচঁনি পোৱাৰ পিছতেই পাহৰি যায় সকলো । আৰু নিমাতী ঘাটৰ এই ঘটনাও কালক্ৰমে পাহৰি যাব সকলো । ৰাইজেই ৰজা : কিন্তু আজিৰ শাষন ব্যৱস্থাৰ মানৱ অধিকাৰ আইন খন ব্যৱহাৰ হয়নে ? চৰকাৰক দলং নালাগে ; লাগে মাথো টোলগেট । প্ৰতি ২০ কি.মি. মোৰে মোৰে টোলগেট নিৰ্মাণৰ লক্ষ্য নেকি চৰকাৰৰ । কোনে দিব ন্যায় নিমাতী ঘাটৰ কাণ্ডৰ ! চৰকাৰে বাইক আৰোহীক হেলমেট, চিটবেট লগাবলৈ বাধ্যতামূলক কৰে , কিন্তু প্ৰতিগৰাকী নাওঁ , ফেৰী যাত্ৰীক Life jacket বা এটা Tyre ৰ ব্যৱস্থা কিয় কৰি দিব নোৱাৰে ? কেৱল GST লগাই Tax সংগ্ৰহেই লক্ষ্য নেকি ? GDP বঢ়ালেই সকলো শেষ নেকি ? ৰাইজে পাহৰি যাব নেকি এই মৰ্মান্তিক , হৃদয় বিদাৰক ঘটনাৰ কথা ? কি হ'ব সিদ্ধান্ত ?
#CMASSAM লিখি নিজৰ ক্ষুভ উজাৰক 😭😭
#CMASSAM
ReplyDelete