কেতিয়াবা খাবলে অনা কণী পানীত ওপঙি উঠে ,কিয় এনে হয় ? Why do eggs brought for food sometimes float in water ?

কেতিয়াবা খাবলে অনা কণী পানীত ওপঙি উঠে ,কিয় এনে হয় ? Why do eggs brought for food sometimes float in water ? 

egg

পুস্তিকৰ খাদ্যৰ তালিকাত আপুনি মাছ, মাংস ,গাখীৰৰ পাছতে  কণীৰ স্থান ৷ গতিকে গোটেই বিশ্বৰ মানুহে পুস্তিৰ বাবে কণী খাদ্য হিছাপে গ্ৰহন কৰে ৷

ভাৰতে বিশ্ব কণী দিৱসো ধুমধামেৰে পালন কৰে ৷তাৰো কাৰণ আছে ,বিশ্বৰ কণী উৎপাদনকাৰী দেশৰ তালিকাত ভাৰতে তৃতীয় স্থানত অৱস্থান কৰিছে ৷

কণী বজাৰৰ পৰা আনি ঘৰ পোৱাৰ পাছতে আমি কণীবোৰ সাৱধানে সংৰক্ষণ কৰো ৷ ৰান্ধিবলৈ লোৱাৰ আগতে আমি কণীবোৰ পানীত ডুবাই ভাল বেয়াৰ পৰীক্ষা কৰো ৷কেতিয়াবা কণী পানীত ডুব যায় আৰু কেতিয়াবা ওপঙি উঠে ৷ ডুবযোৱা বোৰক আমি নতুন কণী বুলি দৃঢ় হওঁ আৰু উপঙি যোৱা বোৰক ঘোলা কণী বুলি ঠাৱৰ কৰো ৷

কণীটো ব্যৱহাৰ কৰাৰ আগতে আমি সাধাৰণতে সিজাই লওঁ বা ভাঙি ইয়াক ব্যৱহাৰ কৰো ৷ কণীটো সাতদিন বা দহ দিনৰ পুৰণা হ’ল নেকি বুলি প্ৰমান চাবলৈ কনীবোৰ পানীত ডুবাই চোৱা হয় ৷ নিমখ পানীত কণী এনেয়ো উপঙি উঠে ৷ কিন্তু সাধাৰণ পানীটো কিছুমান কণী ওপঙি উঠে ৷সাধাৰণতে ঘোলা কণী পানীত ওপঙি উঠে ৷ কাৰণ আপুনি মই খালি চকুৰে সমান যেন দেখা কণীৰ বাকলিটোত ১৭,০০০ হাজাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ৰন্ধ্ৰ থাকে ৷সেই ৰন্ধ্ৰৰেই কনীৰ ভিতৰ ভাগলৈ বতাহ সোমাই কণীটো ঘোলা কৰে কাৰণ ঘোলা কণীটো আকাৰ বাঢ়ি যোৱাৰ ফলত কনী বাকলিৰ চিদ্ৰ বোৰ বহল হৈ পৰে ৷ ঘোলাকণীটো আকাৰত ডাঙৰহৈ পাতলহৈ পৰে ৷বতাহৰ উপস্থিতিৰ বাবেই কণীটো অাপেক্ষিক ভাবে পাতল হৈ পৰে ৷ 

কেতিয়াবা  আন এক পৰীক্ষাও কৰি চাব পাৰি ৷এগিলাচ পানীত এমুঠি নিমখ মিহলাই তাত এটা কণী ডুবাই দিলে কণীটো উপঙি উঠে ৷কাৰণ নিমখ মিহলোৱা পানীৰ ঘণত্ব কণীটোৰ ঘণত্বতকৈ  বাঢ়ি যায় ৷ সেয়ে কণীটো ওপঙি উঠে ৷

এগিলাচ পানীত এমুঠি নিমখ মিহলাই তাত এটা কণী ডুবাই দিলে কণীটো উপঙি উঠে ৷কাৰণ নিমখ মিহলোৱা পানীৰ ঘণত্ব কণীটোৰ ঘণত্বতকৈ  বাঢ়ি যায় ৷ সেয়ে কণীটো ওপঙি উঠে ৷ঘনত্বৰ বাবে পানীত  বা আনকোনো জুলীয়া পদাৰ্থৰ ওপৰত কণীৰ দৰে ওপঙি পৰা অৱস্থাটোক Bbuyancy বোলে ৷

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.