বন্য পশু- পক্ষী সুৰক্ষা আইন১৯১২ : The Wild Bird and Animals protection act,1912
আমাৰ পৃথিৱী খন গছ গছনি,জীৱ জন্তুৰে ভৰপূৰ। আমাৰ চাৰিওকাষৰ প্ৰাকৃতিক পৰিৱেশেই মানৱজাতিৰ জীৱন ধাৰণত মূল ভূমিকা পালন কৰিছে। পৰিৱেশ তন্ত্ৰত পৃথিৱীৰ প্ৰত্যেক জীৱ জন্তু,প্ৰতিজোপা গছ ৰ বৰঙণি আছে।ইয়াৰে এটা ভাগৰো যদি হানি ঘটে, পৃথিৱী ভয়ংকৰ ক্ষতিৰ সন্মূখীন হ'ব। বৰ্তমানৰ আধুনিক জীৱন ব্যৱস্থা তথা প্ৰদূষণৰ বাবে পৃথিৱীৰ পৰিৱেশ তন্ত্ৰৰ যথেষ্ট ক্ষতিসাধন হৈছে। বহুতো মূল্যবান জীৱ জন্তু, পক্ষীৰ ইতিমধ্যে পৃথিবীৰ পৰা বিলুপ্তি ঘটিছে।আমি যদি এতিয়াই সজাগ নহও, এদিন মানৱ জাতিও পৃথিৱীৰ পৰা নাইকীয়া হৈ যাব। কাৰণ , মানুহ জীয়াই থাকিবৰ বাবে গছ গছনি,পশু- পক্ষীৰ দ্বাৰা সন্তুলিত এক বসবাস যোগ্য পৰিৱেশ থকাটো বাঞ্চনীয়।
বনৰীয়া পশু পক্ষীৰ সুৰক্ষাৰ বাবে আমাৰ ভাৰতবৰ্ষ টো কঠোৰ আইন প্ৰণয়ন কৰা আছে।এই বিষয়ে হয়টো বহুতেই নাজানে।হয়, এই বনৰীয়া পশু পক্ষী ,যি আমাৰ জীৱন ধাৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, তাৰ সুৰক্ষাৰ বাবে ১৯১২ চনতে ' The wild Bird and Animals protection act" লাগু কৰা হৈছিল।এই আইনৰ অধীনত বন্য পশু-পক্ষী ৰ সুৰক্ষা তথা সংৰক্ষণৰ ওপৰত গুৰুত্ব দিয়া হৈছে। কেইবাটাও সূচীত এই আইনৰ নীতি-নিয়ম প্ৰস্তুত কৰা হৈছে,যি যথেষ্ট দীঘলীয়া। গতিকে সহজ ভাষাত এই আইনৰ নীতি-নিয়ম জানো আহক-
১/ এই আইন সমগ্ৰ ভাৰততে প্ৰযোজ্য ,কেৱল জন্মু কাশ্মীৰক বাদ দি, তেওঁ লোকৰ নিজা আইন আছে। বনৰীয়া অৱস্থাত থকা সকলো জন্তু তথা পক্ষীৰ ক্ষেত্ৰত এই আইন প্ৰযোজ্য।
২/ এই আইনৰ অধীনত ৰাজ্য চৰকাৰ সমূহে যিকোনো বন্যপ্ৰাণী সংৰক্ষিত এলেকাত গোটেই বছৰ বা বছৰৰ কোনো এক সময়ৰ বাবে বন্ধ ৰাখিব পাৰে অৰ্থাৎ 'closing Time' হিচাপে ঘোষণা কৰিব পাৰে।
৩/ কোনো ধৰণৰ বনৰীয়া জীৱ-জন্তু বা পক্ষী চিকাৰ কৰা বা বন্দী কৰি ৰখাটো আইনমতে দন্ডনীয়।
৪/ বনৰীয়া জীৱ-জন্তু বা পক্ষী ৰ মাংস কিনা -বেচা কৰাটো আইনমতে দন্ডনীয়।
শাস্তি সমূহ- কোনো ব্যক্তিয়ে যদি বনৰীয়া জন্তু বা পক্ষী বন্দী কৰি ৰাখে বা মাংস কিনা-বেচা কৰে , তেন্তে ৫০ টকাৰ পৰা জৰিমনা লগতে একমাহ পৰ্যন্ত কাৰাবাসৰ ব্যৱস্থা আছে। কোনো কোনো ক্ষেত্ৰত জৰিমনা আৰু জেইলত দুয়োটাই প্ৰদান কৰা হয়।
হৰিণা চিকাৰ কৰি আদালতলৈ তাত- বাতি কাঢ়ি কাহিল হৈ পৰা বলিউডৰ তাৰকা চলমান খানৰ কথা নিশ্চয় আপোনালোকে পাহৰা নাই , নহয় জানো? তেখেতৰ বিৰুদ্ধে ও ' The Wild Bird and Animals protection act' ৰ অধীনতে গোচৰ ৰুজু কৰা হৈছিল। কিমান কঠোৰ এই আইনৰ নীতি-নিয়ম , তেখেতৰ গোচৰতে নিশ্চয় বুজিব পাৰিছে।
উল্লেখযোগ্য যে,১৯১২ চনতে প্ৰস্তুত কৰা এই আইন খন ১৯৭২ চনত সংশোধন কৰা হয়,য'ত শাস্তিৰ ম্যাদ তথা জৰিমনাৰ পৰিমাণ বৃদ্ধি কৰা হয়। কিছুমান জন্তু বা পক্ষীৰ হত্যাৰ বাবে ৩ ৰ পৰা ৫ বছৰলৈকে কাৰাবাস প্ৰদানৰ আইন প্ৰণয়ন কৰা হয়।
কিছুদিন পূৰ্বে এজনী গৰ্ভৱতী হাতীৰ নিৰ্মম হত্যাৰ ছবি সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈছিল।যি ছবি দেখা পোৱা প্ৰত্যেক ব্যক্তিৰে হৃদয়ত কপনি উঠিছিল, চকুপানী টুকিছিল সকলোৱে। পিছে সেয়া মাত্ৰ এটা উদাহৰণহে।তেনেদৰেই হাজাৰ হাজাৰ,লাখ লাখ পশু পক্ষীৰ হত্যা চলিয়ে আছে।নিদাৰুণ মানৱ জাতিয়ে যদি এনেদৰেই নিৰ্বোধ পশু পক্ষীৰ ধ্বংস যজ্ঞ পাতি যাই, তেন্তে তাৰ ভয়ংকৰ প্ৰভাৱৰ অতিসোনকালেই সন্মূখীন নিশ্চয় হ'ব।সেয়ে আজিয়ে সজাগ হওক আৰু বনৰীয়া পশু পক্ষীৰ প্ৰতিও মৰম প্ৰৰ্দশন কৰক , সিহঁতক সুৰক্ষা প্ৰদান কৰি।
By- Smriti Kakati