আমেৰিকাৰ ওপৰত পাকিস্তানৰ খং উঠিছে ৷ কাৰণ ? : Pakistan is angry with America
হয় পাকিস্তানৰ উৎকণ্ঠাৰ কাৰণ আছে ৷
জো বাইদেনৰ ৰাষ্ট্ৰপতি পদ চম্ভালি লোৱাৰ ছমাহৰ ওপৰ সময় পাৰ হ’ল ৷ ভাৰতৰ সৈতে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সৌহাৰ্দ্যপূৰ্ণ বাৰ্তালাপো ইতিমধ্যে বহু আগতেই সম্পন্ন হৈ গ’ল ৷
পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ দুঃচিন্তাৰ অন্ত নাই কাৰণ পৃথিৱীৰ আন আন দেশ সমুহৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ বাৰ্তালাপ সম্পন্ন হোৱাৰ পাছতো আমেৰিকাই পাকিস্তানৰ লগত কোনোধৰণৰ যোগাযোগৰ আগ্ৰহ দেখুৱা নাই বা সৌজন্যসূচক এটা ফোন কলো আমেৰিকাৰ পৰা পাকিস্তানী প্ৰধানমন্ত্ৰী ইমৰান খানে লাভ কৰা নাই ৷ উৎকণ্ঠাৰে সময় পাৰ কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে ৷ ইপিনে পাকিস্তানৰ বৈদেশিক ৰাষ্ট্ৰীয় সুৰক্ষাৰ পৰামৰ্শদাতা
মহিদ ইউচেফে জনাইছে যে , ৷,
"আমেৰিকাই পাকিস্তানৰ দৰে এখন মহত্বপূৰ্ণ দেশৰ লগত যোগাযোগ ৰক্ষা নকৰাকৈ চলিছে , আমেৰিকাই ইচাৰা কৰিছে যে পাকিস্তানক গুৰুত্ব নিদিয়াৰ আঁৰৰ কাৰণ হ’ল মেক এণ্ড ব্ৰেকৰ সমস্যা ৷আমি আমেৰিকাৰ ইচাৰাত এইটোকে বুজিছোযে আমেৰিকা আৰু পাকিস্তানৰ মাজত কিবা মতানৈক্য আছে ৷ আমাক বাৰে বাৰে কোৱাহৈছে যে আমেৰিকাৰ পৰা পাকিস্তানলৈ ফোন আহিব ৷ইমান উৎকণ্ঠাৰ পাছতো আমেৰিকাৰ পৰা পাকিস্তানৰ কোনো ধৰণৰ ফোন অহা নাই ৷"
যদি ফোন নাহে , আমেৰিকাই যোগাযোগো নকৰে তথাপি পাকিস্তানৰ ওছৰত ইয়াৰ বিকল্প আছে বুলি মইদে প্ৰকাশ কৰিছে ৷ তেনেহ’লে ইয়াৰ বিকল্প কি?
পৃথিৱীয়ে গম পাই যে পাকিস্তান সুহৃদ দেশ চীনৰ লগত এক বৰ নিবিৰ আৰু গাঢ় ভাতৃত্ববোধৰ সমন্ধ আছে ৷মইদ ইউচুফ আমেৰিকা উপস্থিত হৈ গতবিধিৰ বুজ লোৱাৰ লগতে আমেৰিকাৰ আৰু পাকিস্তানৰ সম্পৰ্ক সুন্দৰ কৰিবলৈকো যত্ন কৰিছে যদিও সফল হ’ব পৰা নাই ৷কিছুদিনৰ আগতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে আফগানিস্থানৰ সাম্প্ৰতিক সমস্যাৰ বাবে আমেৰিকাক দোষী সাব্যস্ত কৰি মন্তব্য দিছিল ৷ তাৰ আগতেও ভূত পুৰ্ব ৰাষ্ট্ৰপতি ডলাণ্ড ট্ৰামে পাকিস্তানলৈ আমেৰিকাই পথোৱা আৰ্থিক সাহায্য বন্ধ কৰি দিছিল ৷ তথাপি পাকিস্তানৰ শীৰ্ষ বিষয়াৰ মতে এতিয়াও আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে পৃথিৱীৰ আন বহু দেশৰ লগতে কথাবতৰা এতিয়াও পতা নাই ৷তেনে কিছু কাৰণতে আমেৰিকাৰ পৰা পাকিস্তানলৈ ফোন নাহিব পাৰে ৷ চীনে কিন্তু এতিয়াও পাকিস্তানলৈ আৰ্থিক সহায় আগবঢ়োৱাটো বন্ধ কৰা নাই ৷ চীনৰ সৈতে পাকিস্তানৰ মিতিৰালিয়েই আমেৰিকাৰ পৰা পাকিস্তানলৈ ফোন নহা বিষয়টো ভূ ৰখা মহলে অন্যতম কাৰণ বুলি ঠিৰাং কৰিছে ৷
ড° জুৰী গোস্বামী