বন্ধ হ’ব ভোডাফোন আইডিয়া : Vodafone Idea's services will be closed
যদি ভোদাফোন আৰু আইদিয়া বন্ধ হৈ যায় তেনেহ’লে আপোনাৰ মোতকৈ লাখ গুণ ক্ষতিৰ সমুখিন হ’ব চৰকাৰ ৷
কাৰণ হ’ল ভদাফোন আইদিয়া বন্ধ হ’লে স্পেকট্ৰাম আৰু AGI সৰ্বস্ৰান্ত হৈ যাব ৷ AGR হ’ল এক প্ৰকাৰৰ লাইচেঞ্চিং ফিজ ৷ এই ফিজ কমিউনিকেচন আৰু টেলিকমিউনিকেচন বিভাগক নেটৱৰ্ক কম্পেনিসমুহে জমা দিব লাগে ৷ভদাফোন আৰু আইদিয়া কম্পেনীয়ে ইতিমধ্যে ১৬ কোটিৰ ওচৰাওচৰি টকা AGR আৰু স্পেকট্ৰামক দিবলৈ আছে ৷
তাৰ ওপৰি এই দুইটা কম্পেনিয়ে প্ৰায় ২৭ হাজাৰ কোটি মান টকা বেংককো দিবলৈ আছে ইয়াৰে ৭০ টাই হ’ল চৰকাৰী বেংক ৷ বেংকে হাজাৰ কোটি টকাৰ গেৰাণ্টীও কম্পেনিক দি থৈছে ৷এনে অৱস্থাত যদি এই দুইটা কম্পেনি বন্ধ হৈ যায় তেনে কি হ’ব চৰকাৰৰ অৱস্থা বা কি হ’ব ইতিমধ্যে কম্পেনিক কেইটাক গেৰাণ্টিৰে টকা মোকোলাই দিয়া বেংক সমুহৰ অৱস্থা?
ওপৰুক্ত সকলো ধাৰৰ বোজা চৰকাৰে মুৰ পাতি লোৱাৰ বাদে এতিয়া আন কোনো বিকল্প নাই ৷
বৰ্তমান সময়ত ৰিলায়েন্স আৰু এয়াৰচেলৰ নেটৱৰ্ক চিষ্টেম অতি শোচনীয় ৷গতিকে গ্ৰাহকৰ ইন্টাৰেষ্ট এই দুটা কম্পেনীৰ প্ৰতি প্ৰায় শুণ্য ৷
ভোদাফোন আৰু আইদিয়া বন্ধ হৈ যোৱা মানে Jio আৰু এয়াৰ টেল ৰ ভাগ্য মুকলি হোৱা ৷কাৰণ ভোদাফোন আৰু আইদিয়া ইতিমধ্যে ২ কোটি পোষ্ট পেইদ আৰু ২৫ কোটি প্ৰী পেইদ গ্ৰাহক আছে ৷মুঠ গ্ৰাহক ২৭ কোটিৰ ওচৰাওচৰি৷ভোদাফোনৰ প্ৰীপেইদ গ্ৰাহকৰ পৰা ১০৯ টকা আৰু পোষ্ট পেইদ গ্ৰাহকৰ পৰা ৩৫০ এভাৰেজ ইনকাম হয় ৷ ইয়াৰ দ্বাৰা কম্পেনিৰ প্ৰায় ২০ হাজাৰ কোটি টকা লাভ হয় ৷ তথাপি অকল দুৰ্বল নেটৱৰ্ক ব্যৱস্থাৰ বাবে অসন্তুষ্ট গ্ৰাহকে এই দুইটা কম্পেনি ত্যাগ কৰি Jio আৰু এয়াৰটেল নিজৰ পচন্দৰ নেটৱৰ্ক বুলি বাচি ল’বলে বাধ্য হৈ পৰিছে ৷
অৱশ্যে এই দুটা কম্পেনি বন্ধ হৈ যোৱাৰ ত্ৰিশ দিনৰ আগতে গ্ৰাহকলৈ কম্পেনিৰ ফালৰ পৰা বাৰ্তা প্ৰেৰণ কৰা হ’ব ৷এই ত্ৰিশ দিনৰ ভিতৰত গ্ৰাহকে নিজৰ পছন্দৰ পচন্দৰ টেলিকম কম্পেনিলৈ নিজৰ নম্বৰ পোৰ্ট কৰিব পাৰিব ,কিন্তু ত্ৰিশ দিনৰ সময় সীমা পাৰহ’লেই গ্ৰাহকে নিজৰ ভদাফন কানেকচন চাৰেন্দাৰ কৰিব লাগিব ৷
ভোদাফোন আৰু আইদিয়া বন্ধ হোৱাৰ লগে লগে এয়াৰটেল আৰু Jio বিজনেচ সাংঘাতিক ওপৰলৈ যোৱাৰ সমানে সমানে ভাৰত চৰকাৰৰ ওপৰত পৰিব টেলিকম কম্পেনিৰ সৰ্বনাশী মাধমাৰ ৷
ড° জুৰী গোস্বামী