মামৰনো কি ? লোহাৰত মামৰে ধৰাৰ কাৰণনো কি ? What is rust ? Scientific reason of Rust

মামৰনো কি ? লোহাৰত মামৰে ধৰাৰ কাৰণনো কি ? What is rust ? Scientific reason of Rust 

rust

আমি সদায় দেখি থকা কিছুমান কথা সচৰাচৰ আমি অৱহেলা কৰো ,সেই পৰিবৰ্তন বোৰৰ কাৰণ আমি ভাবি নাচাওঁ যদিও কিছুমান মানুহে সেই বোৰ পৰীক্ষা নিৰিক্ষা কৰি তাৰ কাৰণো থাৱৰ কৰি উলিয়াই ৷এই ধৰক ,লোহাৰ দা বা কুঠাৰ এখন গৃহস্থই কেতিয়াও ৰ’দে বৰষুণে ঘৰৰ বাহিৰত পেলাই নাৰাখে ৷ব্যৱহাৰ কৰি ধুই মচি শুকাই সজতনে ওলোমাই ৰাখে ৷ ধুই মচি থোৱাৰ অৰ্থ হ’ল সামগ্ৰী বিধ শুকান কৈ সামৰি ৰখা ৷কাৰণ পানীৰ সংস্পৰ্শত থাকিলেই লোহাত মামৰে ধৰে ৷ তেনেহ’লে এই মামৰনো কি? মামৰে ধৰাৰ কাৰণনো কি? মামৰ হ’ল বতাহত থকা অক্সিজেন  লোহাৰ লগত লগলাগি কৰা এক ৰাসায়নিক বিক্ৰিয়া FeOH ৷অস্কিজেনে বতাহত থকা পানীৰ কণিকাৰ লগত মিহলি হৈ হাইদ্ৰক্সেল আইৰনৰ সৃষ্টি কৰে (OH)অক্সিজেন আৰু আইৰন মানে লোহাৰ এই বিক্ৰিয়াটোৱেই হ’ল মামৰ FeOH ৷পানী আৰু জলীয়ভাপৰ পৰা লোহাৰ লগত অস্কিজেনৰ মিলন ঘটি এদোখৰ লোহা ক্ৰমাত নষ্ট কৰি পেলাব পাৰে ৷

ৰ’দে বৰষুণে পৰি থাকিলেও কেতিয়াবা লোহাত মামৰে নধৰে ৷ তাৰো উদাহৰণ আমাৰ সমুখত আছে ,ক’ব খুজিছো দিল্লীৰ কথা ৷

দিল্লীৰ কুতুব মিনাৰৰ প্ৰাংগনৰ কেন্দ্ৰস্থলত ৭.০২ মিটাৰ (২৩ ফুট) উচ্চতাবিশিষ্ট যিটো চকচকীয়া লৌহস্তম্ভ আছে, তাত আজিপৰ্যন্ত অলপো মামৰে ধৰা নাই। । তাৰো কাৰণ আছে ,কুতুব মিনাৰৰ সেই স্তম্ভটো ৯৮% খাতি লোহাৰে নিৰ্মিত লগতে সেই খুটা বনোৱা লোহাবোৰত বহুত বেছি পৰিমানে ফছফৰাছ থকাৰ বিপৰিতে এই স্তম্ভটোৰ  লোহাত ছালফাৰ আৰু মেগনেছিয়ামৰ উপস্থিতও একে বাৰে শুণ্য ৷ সেয়ে এই স্তম্ভক আজিও মামৰে ধৰিব পৰা নাই ৷

গতিকে মামৰ হ’বলৈ ঘাঁইকৈ হ’লে FeOH  এই বিক্ৰিয়া হ’বই লাগিব এদোখৰ লোহাত সেই বিক্ৰিয়াটো হ’লেহে আমি তাক মামৰ বুলি ক’ব পাৰো ৷

ড° জুৰী গোস্বামী

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.