পৃথিৱীৰ আটাইতকৈ কনমানি শিশুটি : The Tiniest Baby of the World
আপুনি বাৰু জন্মতে কিমান সৰু শিশু দেখিছে? মানে মই সুধিব খুজিছোঁ, কিমান কম ওজনলৈ জন্ম হোৱা শিশু আপুনি দেখিছে? হয়তো ৪০০ গ্রাম বা ৫০০ গ্রাম! কিন্তু জন্মতে মাত্ৰ ২১২ গ্রাম ওজনৰ শিশু এটিৰ কথা আপুনি কল্পনা কৰক, কিমান সৰু হব পাৰে!
অলপতে চিংগাপুৰৰ এহাল দম্পত্তিৰ এটি শিশু জন্ম হৈছিল, যিটো সময়তকৈ আগত জন্ম হ'ল। মাত্ৰ ৫ মাহ এসপ্তাহ হওঁতেই শিশুটি জন্ম পালে। জন্মৰ সময়ত শিশুটিৰ ওজন আছিল মাত্ৰ ২১২ গ্রাম। চিংগাপুৰৰ National University Hospital ত জন্ম হোৱা শিশুটি জন্ম হৈছিল ২০২০ চনৰ ৯ জুনত। ২১২ গ্রাম ওজনৰ শিশুটিৰ ওজন এটা অপেলৰ সমান বুলিয়েই ক'ব পাৰি।আৰু জন্মৰ সময়ত শিশু টিৰ দৈঘ্য আছিল মাত্ৰ ২৪ চেণ্টিমিটাৰ।
কুৱেক ইউ উৱান নামৰ এই শিশুটি চিংগাপুৰৰ National University Hospital ত জন্মৰ পৰা সম্পূৰ্ণ ১৩ মাহ থকাৰ পাছত এতিয়া ঘৰলৈ উভটিছে। এই কণমানি শিশুটিক নাৰ্চে যেতিয়া ICU লৈ লৈ গৈছিল, তেতিয়া তেওঁ নিজৰ চকুকে বিশ্বাস কৰিব পৰা নাছিল ,যে ইমান সৰু আছিল !।তেওঁ প্ৰফেচৰক সুধিছিল ,"ছাৰ আপুনি বিশ্বাস কৰিছেনে?
যোৱা ২২ বছৰ নাৰ্চ হিচাপে কাম কৰি থকা অৱস্থাত ,জন্মতে ইমান সৰু কেঁচুৱা কেতিয়াও দেখা নাছিলোঁ।" নাৰ্চ গৰাকীয়ে কয়।
হস্পিটেলত থকা সময় চোৱাত শিশুটি intensive treatment ত আছিল আৰু একসপ্তাহ আছিল ভেন্টিলেটৰত। সম্পূৰ্ণ ১৩ মাহ হস্পিটেলত থকাৰ পাছত ২১২ গ্রাম ওজনৰ শিশুটি ৬.৩ kg ওজনৰ হ'লগৈ। যোৱা মাহত হস্পিতালৰ পৰা discharged হোৱা এই শিশুটি জন্মতে পৃথিৱীৰ আটাইতকৈ কণমানি শিশু বুলি বিশ্বাস কৰা হৈছে।
সময়তকৈ আগত জন্ম পোৱা,যাক premature baby বুলি কোৱা হয়,তেনে শিশুৰ চিকিৎসাৰ ক্ষেত্ৰত চিকিৎসক সকল যথেষ্ট প্ৰত্যহ্বানৰ সন্মুখীন হ'ব লগা হয়।তেওঁলোকৰ ছালখন ইমান অলসুৱা হয় যে চিকিৎসকে তাত চিকিৎসা দিওত সোমাব লগীয়া একো সামগ্ৰী সোমাব নোৱাৰে। শিশুটি ইমান সৰু যে চিকিৎসকে অক্সিজেন দিয়া পাইপডালো অতিশয় সৰু বিচাৰিব লগা হৈছে। আৰু শুশ্ৰুসাকাৰীয়ে শিশুটিৰ diapar বোৰ কাটি সৰু কৰিব লগা হৈছে যাতে তাৰ গাত খাপ খায়।এজন চিকিৎসকে কৈছে যে শিশুটিৰ বাবে দিব লগা ঔষধৰ পৰিমাণ ও decimal ত জুখি দিব লগা হৈছে।
Covid-19 ৰ ইমান ধুমুহাৰ মাজতো এই শিশুটিৰ চিকিৎসা কৰি সুস্থ সবল কৰিব পৰা বাবে চিকিৎসক সকলে আনন্দ প্ৰকাশ কৰিছে। এই ক্ষেত্ৰত শিশুটিয়ে দেখুৱা ধৈৰ্য্য আৰু উৎসাহ আৰু বিকাশে তাইক এটি অসাধাৰণ শিশুত পৰিণত কৰিলে। এনে premature শিশুৰ ক্ষেত্ৰত ২০১৮ চনত US ত ২৪৫ গ্রাম ওজনৰ এটি শিশু জন্ম হৈছিল। চিংগাপুৰত জন্ম লোৱা ২১২ গ্রাম ওজনৰ Kwek Yu Xuan ( কুৱেক ইউ উৱান) ই এই অভিলেখ ভংগ কৰিলে।
By: Mallika Dutta