জোনাকী পৰুৱাৰ দৰে জিলিকি থকা কাঠফুলা : Facts of fungus
হয় ,মাচৰুম বা কাঠফুলা বৰ্তমান সময়ত বহুতৰে প্ৰীয় খাদ্য ৷ বহুসংখ্যক জাংক ফুদ প্ৰস্তুত কৰোতেও ইয়াক বহুল ভাৱে ব্যৱহাৰ কৰে ৷ পিজা বাৰগাৰ আদিৰ ভিতৰত মাচৰুম ভৰাই মানুহে খাদ্য হিচাপে বিশ্বজুৰি ইয়াক গ্ৰহন কৰে ৷মাংসৰ পৰিপূৰক হিচাপেও মাচৰুম ব্যৱহাৰ কৰা হয় ৷
আমি সচৰাচৰ দেখি থকা মাচৰুম বোৰতকৈ খাদ্য ৰুপে ব্যৱহাৰ হোৱা মাচৰুমৰ সুকিয়া ৷খাদ্য ৰুপে ব্যৱহাৰ কৰা মাচৰুমক বিশেষ পদ্ধতি প্ৰয়োগ কৰি প্ৰস্তুত কৰা হয় ৷ আপোনা আপুনি গছি উঠা মাচৰুম বোৰৰ প্ৰায় বোৰেই দেখাত ধুনীয়া হলেও এইবোৰ বিষাক্ত পদাৰ্থৰে ভৰা ৷গতিকে এনে কাঠফুলা বা মাচৰুম ব্যৱহাৰ কৰি মানুহ মৃত্যুৰ মুখটো পৰা দেখা যায় ৷
গোৱাৰ Mlhadei Wildlife Senctury মোলেম নেচনেল পাৰ্ক বা Mahavir Wildlife Senctury বুলি জনাজাত ঠাই খনত এবিধ কাঠফুলা বাৰিষা কালত দেখা পোৱা যায় ৷ এই বিধ এক চমৎকাৰী কাঠফুলা ৷যাৰ কথা আপুনি হয়টো জীৱনত শুনা নাই ৷ ৰাতিৰ আন্ধাৰত যি জোনাকী পৰুৱাৰ দৰে জলমলাই জিলিকি থাকে আৰু দিন হ’লে সপোন পৰী টোপনি যোৱাদি মাচৰুমৰ ৰং লৈ নিস্তেজ হৈ শুই পৰে ৷ আন্ধাৰ কমি পৃথিৱী পোহৰ হোৱাৰ লগে লগে এই মাচৰুম বিধো ৰাতিৰ মায়াবী ৰূপ এৰি নিজৰ ৰূপলৈ উলটি আহে ৷ যেন কোনোবা সৰগৰ শাপদ্ৰষ্টা পৰীহে আহি ৰাতিৰ আন্ধাৰত পৃথিৱীৰ মোহত বিলীন হৈ পৰিছে ,দেখিলে তেনেকুৱা লাগে বুলি প্ৰতক্ষ্যদৰ্শীয়ে জনাইছে ৷
কাৰণ ৰাতি হ’লে এই বিধ মাচৰুমৰ গাৰ পৰা পাতল নীলা অধবা বেঙুনীয়া ৰঙৰ পোহৰ বিয়পি পৰি এক দৃষ্টি নন্দন পৰিবেশৰ সৃষ্টি কৰে ৷ প্ৰকৃতিবীদ সকলে ইয়াক Mysena Genus বুলি নামাকৰণ কৰিছে আৰু বৈজ্ঞানিক সকলে ইয়াক Bio luminiscent মাচৰুম বুলি নামাকৰণ কৰিছে ৷ ভগৱানৰ সৃষ্টি আৰু পৃথিৱীৰ ৰহস্যৰ অন্ত নাই ৷ এই বিধ মাচৰুমো হ’ল পৃথিৱীৰ তথা ৰহস্যময় ভাৰতবৰ্ষৰ এক চমৎকাৰ ৷