আপুনিও খেলে নেকি ফ্ৰী ফায়াৰ , ফ্ৰী ফায়াৰৰ বিষয়ে নজনা কথা : Free Fire facts

আপুনিও খেলে নেকি ফ্ৰী ফায়াৰ , ফ্ৰী ফায়াৰৰ বিষয়ে নজনা কথা : Free Fire facts

free fire

বৰ্তমান ৰ ইন্টাৰনেটৰ পৃথিৱীত শাৰীৰিক ভাৱে খেলা- ধূলা ক্ৰমান্বয়ে কমি আহিছে। এতিয়া সৰুৰ পৰা ডাঙৰলৈকে সকলো ভিডিঅ'গেম খেলাত অভ্যস্ত। অতি কমসময়ৰ ভিতৰতে এই ভিডিঅ' গেম সমূহে , সমগ্ৰ বিশ্বতে এক খেলুৱৈ সমাজ গঢ়ি তুলিবলৈ সক্ষম হৈছে।

যুৱপ্ৰজন্মৰ প্ৰায় সকলোৰে মুখত আজিকালি PUBG ৰ বিষয়ে শুনা যায়। পিছে শুনি আচৰিত হ'ব যে, সমগ্ৰ বিশ্বতে PUBG ত কৈ অধিক খেলা খেলবিধ হ'ল- ফ্ৰী ফায়াৰ। ইন্টাৰনেট ৰ মাধ্যম ত খেলা খেলসমূহৰ গ্ৰাফ ডাললৈ যদি মন কৰে তেতিয়া দেখিব যে,এনে ধৰণৰ খেল খেলাৰ ক্ষেত্ৰত ভাৰতে দ্বিতীয় স্হান অধিকাৰ কৰিছে। আনহাতে কেৱল সংযুক্ত যুক্তৰাষ্ট্ৰ ৰ ক্ষেত্ৰত দেখিব যে, চলিত বৰ্ষৰ প্ৰথম চাৰি মাহৰ ভিতৰতে আটাইতকৈ বেছি ডাউনলড কৰা খেল হৈছে গেৰিনা ফ্ৰী ফায়াৰ, দ্বিতীয় স্হানত আছে PUBG আৰু তৃতীয় স্থান ত আছে COD(call of duty)।

এই ফ্ৰী ফায়াৰ খেল বিধ আটাইতকৈ বেছি খেলা হয় ইন্দোনেছিয়া, ভিয়েটনাম আৰু ভাৰতবৰ্ষত।২০২০ বৰ্ষত আগষ্টৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত ফ্ৰী ফায়াৰ ত এক্টিভ খেলুৱৈ ৰ সংখ্যা আটাইতকৈ বেছি হৈছিল।সেই সময়ত এক্টিভ খেলুৱৈ ৰ সংখ্যাই ১০০ মিলিয়ন স্পৰ্শ কৰিছিল,যি আন সকলো প্ৰতিদ্বন্দ্বী গেমতকৈ অধিক আছিল।

আপোনালোকে এটা কথা জানে নে যে ফ্ৰী ফায়াৰ গেৰিনা কোম্পানীয়ে তৈয়াৰ কৰা নাই।হয়, দৰাচলতে এই গেম ভিয়েটনাম ৰ এটি ক্ষুদ্ৰ কোম্পানীয়ে তৈয়াৰ কৰিছিল, গেৰিনা কোম্পানীয়ে এই গেমৰ ভৱিষ্যতে উজ্জ্বল সম্ভাৱনীয়তা দেখা পাই ,নিজা নিধি প্ৰয়োগ কৰে। সেইবাবে এই গেমৰ নাম ' গেৰিনা ফ্ৰী ফায়াৰ' ৰখা হ'ল।

এতিয়া আপুনি স্কীনত দেখা পোৱা ছবিখন মন কৰক।এই খন হ'ল গেৰিনা  কোম্পানীৰ অফিচৰ ছবি।কেনে অত্যাধুনিক নহয়নে?

ফৰেষ্ট লী হ'ল গেৰিনা কোম্পানীৰ মালিক।গেৰিলা কোম্পানীত তেখেতৰ ৪৫ শতাংশ অংশীদাৰীত্ব আছে। বৰ্তমানৰ ফ্ৰী ফায়াৰ ৰ বিপুল সফলতাৰ আঁৰত এইজন ব্যক্তি ৰেই  হাত আছে।

উৰ্পাজনৰ দিশৰ পৰা চাবলৈ গ'লে, থাইলেণ্ড শীৰ্ষত আছে,য'ৰ পৰা ফ্ৰী ফায়াৰে অধিক টকা উৰ্পাজন কৰিছে।১.৭৫ কোটিৰে দ্বিতীয় স্হান ত আছে ব্ৰাজিল। ভাৰতৰ পৰা বৰ্তমান ১২ লাখ টকাকৈ হে উৰ্পাজন হৈ আছে।গেৰিনা কোম্পানীয়ে ইতিমধ্যে ভাৰতত কেইবাখনো টুৰ্ণামেন্ট ৰখাৰ পৰিকল্পনা কৰি আছিল। পিছে শেহতীয়া পৰিস্থিতিৰ বাবে এই পৰিকল্পনা সদ্যহতে বাতিল কৰা হৈছে যদিও অতি সোনকালেই ইয়াক কাৰ্যকৰী কৰি তোলা হ'ব। তেতিয়া হয়তো উৰ্পাজনৰ ক্ষেত্ৰত ভাৰতবৰ্ষ ই শীৰ্ষ স্থান অধিকাৰ কৰিব বুলি আশা কৰা হৈছে।

By-Smriti Kakati

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.