প্ৰযুক্তি জগতৰ কিছু আমোদজনক খবৰ : Some interesting fact about Technology

প্ৰযুক্তি জগতৰ কিছু আমোদজনক খবৰ  : Some interesting fact about Technology

computer

আজি বাতৰিত আপোনালোকলৈ লৈ আনিছোঁ প্ৰযুক্তি জগতৰ কিছু আমোদজনক খবৰ ।

১। আপুনি হয়তো নাজানে যে আপোনাৰ কম্পিউটাৰত প্ৰতি মাহে  প্ৰায় ৬০০০ কম্পিউটাৰ ভাইৰাছ সৃষ্টি হয়।  e mail ত অহা ৯০% হৈছে malware আৰু ক্ষতিকাৰক ।

২। আপুনি জানেনে  Samsung মোবাইল apple ত কৈ ৩৮ বছৰ ১ মাহ পুৰণি!

৩।  আপুনি জানেনে ,1 পেটা বাইট = 1024 টেৰা বাইট। আৰু ভাৱকচোন, এনে ৫০ পেটা বাইটৰ এটা hard drive ত মানুহে যেতিয়া পৰা লিখিৰূপত তথ্য নথিভূক্ত কৰিছে সেই গোটেইখিনি লিখিত তথ্য বিভিন্ন ভাষাত ধৰি ৰাখিব পাৰিব।

 ৪। Alexa ই সদায় আপোনাৰ কথা বতৰা শুনি থাকে। আপুনি জানেনে, নিজৰ অভিজ্ঞতা উন্নত কৰিবলৈ Alexa ই আপোনাৰ সকলো কথা বতৰাৰ  ইতিহাস ধৰি ৰাখে।

৫। গড় অনুসৰি,বেছিভাগ  মানুহেই কাগজত লিখা পঢ়াতকৈ মোবাইল স্ক্ৰীনত ১০% ধীৰ গতিত পঢ়ে! 

৬। আমি ব্যৱহাৰ কৰা কম্পিউটাৰৰ mause টো নিৰ্মান কৰিছিল Doug Engelbert য়ে ১৯৬৪ চনত। আপুনি জানি আচৰিত হব, সেই mause টো নিৰ্মাণ কৰা হৈছিল কাঠেৰে আৰু ইয়াৰ আকাৰ আছিল আয়তাকাৰ।

৭। আপুনি জানেনে, আপোনালৈ অহা কিছুমান অদৰকাৰী e mail সকলোৰে মোবাইললৈ আহে। এনেকুৱা ১২ নিযুত e-mail ৰ মাজত কেতিয়াবা মাত্ৰ এটা mail ৰ হে উত্তৰ পোৱা যায়।

৮। NASA ৰ ইণ্টাৰনেট speed হৈছে প্ৰতি চেকেণ্ডত ৯১ GB

৯। ১৯৭১ চনত প্ৰথম কম্পিউটাৰ ভাইৰাছ বিকাশ কৰা হৈছিল। creeper নামেৰে নামাকৰণ কৰা এই ভাইৰাছটো নিৰ্মান কৰা হৈছিল কেনেকৈ কম্পিউটাৰত ভাইৰাছ বিয়পে সেই কথা পৰীক্ষা কৰিবলৈ। এই ভাইৰাছটোৱে মাত্ৰ message দিছিল, "I'm the creeper, catch me if you can."।

এনে ধৰণৰ আৰু অনেক আমোদজনক কথাৰে পৰিপূৰ্ণ এই প্ৰযুক্তিৰ জগতখন! কেতিয়াবা আকৌ লৈ আহিম একে কিছুমান খবৰ আপোনালোকৰ বাবে!

By: Mallika Dutta

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.