অবাঞ্চিত ওজনৰ পৰা মুক্তিৰ উপায় : Ways to reduce your fat

অবাঞ্চিত ওজনৰ পৰা মুক্তিৰ উপায় : Ways to reduce your fat

fat

অতিৰিক্ত ওজন হৈ পৰে মানুহৰ দুঃচিন্তাৰ অন্যতম কাৰণ ৷যেনেকৈ  মানুহৰ দেহত ওজন বঢ়াৰ অনেক কাৰণ  থাকে তেনেকৈ ওজন কম কৰাৰো কৌশল নোহোৱা নহয় ৷ বিভিন্ন সময়ত চিকিৎসকৰ পৰামৰ্শ আৰু বহুত ঘৰুৱা উপায়েৰে মানুহে নিজৰ ওজন হ্ৰাস কৰিব পাৰে ৷তাৰ বাবে প্ৰয়োজন হয় একাগ্ৰতা ৷

১)মানুহে দৈনন্দিন খাদ্যৰ সতে কমেও পোন্ধৰ চামুচ চেনী গ্ৰহন কৰে ৷ ওজন কমাবলৈ হ’লে চেনী খাদ্যৰ তালিকাৰ পৰা সম্পূৰ্ণৰূপে ত্যাগ কৰিব লাগিব ৷

২)ফলমূল আৰু শাকপাচলি খাদ্যৰ তালিকাত নিয়মিয়া ভাৱে যোগ কৰি ল’লে শৰীৰৰ ওজন কমাত সহায় কৰে ৷কাৰণ ফলমূল শাকপাচলিত আমি ফাইবাৰ আৰু পুস্তি লাভ কৰিব  পাৰো ৷ লগতে মেতাবলিজিম চিষ্টেমো ভাল কৰি ৰাখে ফলমূল ,শাক পাচলিয়ে ৷সেয়ে সোনকালে খাদ্যৰ অভ্যাসত ফলমূল শাকপাচলি যোগ দি শৰীৰৰ ওজন কমাই আনক ৷

৩) পৰ্য্যাপ্ত পৰিমানৰ পানী খোৱাৰ অভ্যাসে সকলো ৰোগৰ পৰা মানুহক আৰোগ্য কৰাৰ লগতে শৰীৰৰ ওজনো কমাই মানুহৰ শৰীৰ সুস্থ কৰি ৰাখিব পাৰে ৷চালৰ সুস্থতাৰ বাবেও পানী মহৌষধ ৷

৩) খোৱাৰ বদঅভ্যাসত ত্যাগ কৰি জাংক ফুদ সম্পূৰ্ণ ৰূপে বৰ্জন কৰি সহজে পৰিপাক হ’ব পৰা সুষম আহাৰ গ্ৰহন কৰাটো ওজন কম কৰাৰ বাবে  অতি প্ৰয়োজনীয় ৷দিনত প্ৰায় তিনি গিলাচ ফলৰ ৰস গ্ৰহন কৰক ৷ বিনাচেনীৰ নেমুপানীৰ  প্ৰয়োগে চমৎকাৰী ৰূপত ওজন কমাই আনিব পাৰে ৷

৪)ব্লেক কফী বা গ্ৰীনটি ব্যৱহাৰৰ অভ্যাসে ওজন কমোৱাত সহায় কৰিব পাৰে ৷

৫) শীতল পানীয় ,মাদক দ্ৰব্য আদিয়ে শৰীৰ ওজন বৃদ্ধি কৰে ৷সেয়ে সেই সমুহৰ পৰা দুৰত থাকি শৰীৰ ওজন নিয়ন্ত্ৰণত ৰাখিব পৰা যায় ৷

৬) কাৰ্বোহাইড্ৰেট থকা খাদ্য কম পৰিমানে ব্যৱহাৰেও শৰীৰৰ ওজন কম কৰাত সহায়ক হয় ৷

৭) খাদ্য খোৱাৰ সময়ত লৰালৰি নকৰি সুস্থিৰে বহি সম্পূৰ্ণ চোবাই আহাৰ গ্ৰহন কৰিলে ওজন বৃদ্ধি হোৱাত বাধা দিয়ে ৷

৮) খালিপেটতে পৰ্য্যাপ্ত পৰিমানৰ পানী খাই নিয়মিত পূৱা খোজকঢ়াৰ অভ্যাসে শৰীৰো নিৰোগী কৈ ৰাখে লগতে ওজন কমোৱাটো সহায়ক হয় ৷

৯)ৰাতিপুৱা এগিলাচ গৰমপানীৰ লগত জিৰাগুৰি মিহলাই খালেও ওজন কম কৰাত সহায়ক হয় ৷

১০) মৌ আৰু নেমুৰস গৰম পানীৰ সতে ৰাতিপুৱা খালি পেটত সেৱন কৰিলেও ওজন কমি অহাত সহায়ক হয় ৷

উপৰুক্ত নিয়ম সমুহ নিয়মিত কৰিম বলি মন বন্ধাৰ আগতে আপুনি আপোনাৰ ওজন জুখি সঠিক ওজনৰ গম লৈ ল’লে প্ৰণালী সমুহৰ ব্যৱহাৰে আপোনাৰ শৰীৰৰ ওজন এসপ্তাহত কিমান কমালে আপুনি ধৰিব পাৰিব ৷ তেতিয়াহে নিজৰ ভিতৰত আত্মবিশ্বাস বাঢ়িব সেই আত্ম বিশ্বাসেই আপোনাক এজন বা এগৰাকী সুগঢ়ী ৰূপান্তৰিত কৰিব সেয়ে প্ৰয়োগ কৰাৰ আগতে নিজৰ শৰীৰৰ ওজন কৰাটো জৰুৰী ৷

ড° জুৰী গোস্বামী

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.