নিজৰ স্তন কাটি এগৰাকী নাৰীৰ বৈষম্যতাৰ প্ৰতিবাদ : Tax imposed on the Hindu women

নিজৰ স্তন কাটি এগৰাকী নাৰীৰ বৈষম্যতাৰ প্ৰতিবাদ : Tax imposed on the Hindu women

breast

আপুনি কিমান প্ৰকাৰৰ প্ৰতিবাদৰ কথা শুনিছে ? হয় বহু কথাতে মানুহে প্ৰতিবাদ কৰাৰ কাৰণ থাকে ৷কিন্তু নাৰীয়ে নিজৰ স্তন কাটি কৰা প্ৰতিবাদৰ কথা হয়তো আপুনি আজি প্ৰথম শুনিব ৷


টাৰাভানকৰ নামৰ ঠাইত ৰজাই শোষিত দলিত মহিলাৰ ওপৰত জাপি দিছিল এক বিস্ময়কৰ কৰ বা টেক্স ৷ ৫৫০ নম্বৰ বৃটিছ শাষিত ৰাজ্য আছিল সেই টাৰাভানকৰ ৷ নীম্ন শ্ৰেণীৰ মহিলা সকলৰ দেহৰ ওপৰ ভাগ ঢাকি ৰখাৰ অধিকাৰ নাছিল সেই ৰাজ্যত  ৷ঢাকি ৰাখিব বিছাৰিলেও তেওঁলোকে ৰজাক দিব লগা হৈছিল স্তন কৰ ৷ টাৰাভানকৰৰ  এগৰাকী মহিলাই প্ৰতিবাদ কৰি ৰজাৰ ঘৰত এই টেক্স দিবলৈ অমান্তি হৈছিল ৷হয় এই খন ভাৰতৰে ইতিহাস ৷ দক্ষিনভাৰতৰ কেৰেলা ৰাজ্যৰ এজনী দলিত জীয়ৰীয়ে নিজৰ দেহৰ পৰা স্তনক চোকা অষ্ট্ৰৰে বিচিন্ন কৰি সাৱতি লৈছিল মৃত্যু বৈসম্যতাৰ প্ৰতিবাদ কৰিবলৈ গৈ ৷

নাৰীৰ স্তনৰ আকাৰৰ ওপৰত ধাৰ্য্য কৰা হৈছিল টেক্স আৰু ৰজা ঘৰীয়া টেক্স কালেক্টৰ নিজৰ শৰীৰৰ ওপৰ অংশ ঢাকি ৰাখিব বিছৰা প্ৰতি গৰাকী মহিলাৰ দুৱাৰে দুৱাৰে গৈ হাতেৰে ওজন নিৰ্ধাৰণ কৰি তাৰ ওপৰত ধাৰ্য্য কৰিছিল টেক্স ৷ তাৰেই প্ৰতিবাদ কৰি নাংগেলী নামৰ মহিলা গৰাকীয়ে নিজৰ স্তনযুগল নিজেই চোকা অষ্ট্ৰৰে কাটি কলপাটত বান্ধি কৰ হিচাপে আগবঢ়াইছিল ৰজাঘৰলৈ ৷অতিমাত্ৰা ৰক্ত ক্ষৰনৰ ফলত নাংগেলিৰ মৃত্যু হৈছিল আৰু  তেওঁৰ পতিয়েও নাংগেলীৰ চিতাৰ জুইত জাপদি দেহত্যাগ কৰিছিল ৷এই কলংকিত অধ্যায় ভাৰতৰ বুৰঞ্জীৰ কোনো ঠাইত পঢ়ি বলৈ পোৱা নাযায় ৷ শংকৰাচাৰ্যৰ সংস্কৃত বিশ্ববিদ্যালয়ৰ ,জেনদাৰ ইক’লজিৰ এজন এচ’চিয়েট প্ৰফেছাৰ Sheeba KM ৰ মতে এই Breast tax ৰ কাৰণ আছিল সামাজিক বৈসম্য বজাই ৰখা ৷

নাংগেলীৰ এই প্ৰতিবাদ আজিও সেই অঞ্চলৰ মানুহৰ মুখে মুখে ৷খেতি বাটি কৰি জীৱন নিৰ্বাহ কৰা নাংগেলীৰ পৰিয়ালৰ উত্তৰপুৰুষে আজিও গৌৰৱ বোধ কৰে নাংগেলীৰ এই চৰম ত্যাগৰ কথা স্মৰন কৰি ৷নাংগেলিৰ চৰম ত্যাগৰ সোঁৱৰণতেই সেই ঠাইৰ নাম হৈছিল মুলাচীপুৰম বা land of the woman with breast .
ড° জুৰী গোস্বামী

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.