ৰাতি টোপনি নাহিল নেকি ? কেনেকৈ আহিব সুন্দৰ টোপনি ? How can we get good sleep ?

ৰাতি টোপনি নাহিল নেকি ? কেনেকৈ আহিব সুন্দৰ টোপনি ? How can we get good sleep ? 

sleep

টোপনি সুস্বাস্থ্যৰ মহৌষধ ৷ ৰাতিৰ ভাল টোপনিয়ে মানুহক নিৰোগী স্বাস্থ্য প্ৰদান কৰে ৷ মানুহৰ শৰীৰটোও যন্ত্ৰৰ দৰে ৷ টোপনিৰ সময়ত দেহটোৱে বাহ্যিক ভাৱে ৰেষ্ট পাই যদিও আভ্যন্তৰীণ ভাৱে পৰিপাক যন্ত্ৰটোৱে তেতিয়াই নিজৰ কাম সমাধা কৰে ৷সেয়ে আপোনাৰ টোপনি সময়ত অহাৰ বাবে দুটামান কৌশল অৱলম্বন কৰিব পাৰে ৷ কাৰণ ৰাতিৰ টোপনি সম্পূৰ্ণ নোহোৱাৰ প্ৰভাৱ দিনৰ কাম কাজটো পৰি উদ্যমহীন কৰি দিনৰ কামবোৰ বেয়া কৰি পেলাই ৷তাৰ ফল আপোনাৰ পৰিয়াল ,চাকৰি জীৱন ,সমাজ জীৱনৰ ওপৰটো পৰে ৷ সেয়ে চিকিৎসকে আঠ ঘটাৰ টোপনিৰ পৰামৰ্শ দিয়ে ৷টোপনিৰ নিজস্ব এটা বৃত্ত থাকে আৰু বৃত্ত মানি মানুহৰ আগদিনাৰ টোপনিৰ সময় অনুসৰণ কৰি মানুহৰ টোপনি আহে ৷

১) সুন্দৰ টোপনিৰ বাবে মানুহে শোৱাৰ আগত এগিলাছ গৰম গাখীৰ সেৱন কৰাটো প্ৰয়োজনীয়  ৷

২)ভাল টোপনিৰ বাবে  মানুহে লঘু ব্যায়াম ,খোজকঢ়া আদি জৰুৰী অভ্যাস গঢ়িতোলাটো জৰুৰী ৷

৩) ভাল টোপনিৰ বাবে আৰাম দায়ক পোছাক পৰিধান কৰাটো জৰুৰী ৷কপাহী ঢিলা পোচাকে সুন্দৰ টোপনিত সহায় কৰে ৷

৪) শোৱনীকোঠাত বতাহ চলাচল কৰাৰ ব্যৱস্থাই সুন্দৰ টোপনিত সহায় কৰে ৷ 

৫) শোৱনীকোঠাত গৰম দিনত কম তাপ মাত্ৰাৰ 

 হোৱাটো জৰুৰী ৷ কম তাপ মাত্ৰাই ভাল টোপনিত সহায় কৰাৰ লগতে ঠাণ্ডা দিনত অলপ উমাল গৰম হোৱাটো প্ৰয়োজনীয় ৷

৬) কম পোহৰৰ ড্ৰীম লাইট , বিচনালৈ যোৱাৰ আগে আগে পাতল মৃদু সংগীতে মানুহৰ মন পাতল ,চাপ মুক্ত কৰি তোলে ৷যি কামে ৰাতিৰ টোপনিত সহায় কৰে ৷

৭) নিজৰ শোৱা বিচনাৰ বিচনা চাদৰ ,গাৰুকভাৰ ,আঠুৱা  আদি চাফাকৈ ধোৱা হোৱাটোৱেও ভাল টোপনিত সহায় কৰে ৷ 

৮) বিচনালৈ যোৱাৰ দুঘন্টাৰ আগেয়েই ৰাতিৰ আহাৰ লোৱাটো জৰুৰী ৰাতিৰ পাতল আহাৰেও টোপনিত সহায় কৰাৰ লগে লগে সুস্বাস্থ্যটো প্ৰভাৱ পেলাই ৷

ড° জুৰী গোস্বামী

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.