আপোনাৰ ওঁঠ খন কেনেকৈ আকৰ্ষণীয় আৰু সুন্দৰ কৰি ৰাখিব ? How to keep your lips attractive ?
মুখমণ্ডলৰ ভিতৰতে ওঁঠ খনেই হ’ল মানুহৰ স্বঅভিব্যক্তি প্ৰকাশ কৰা প্ৰথম অংগ ৷ মুখমণ্ডলৰ সৌন্দৰ্যতা ওঁঠৰ যোগেদি সুন্দৰকৈ প্ৰতিফলিত হয় ৷ফটা ওঁঠে মানুহৰ ব্যক্তিত্বত ম্লান কৰে ৷তাৰ পৰিবৰ্তে কোমল গুলপীয়া ওঁঠ যুৰিৰে মানুহৰ ব্যক্তিত্ব দুগুনে চৰাই ৷সেয়ে সৌন্দৰ্যপ্ৰীয় সকলো মানুহে ওঁঠখনৰ যত্ন লোৱাত গুৰুত্ব দিয়ে ৷
ওঁঠখনি আকৰ্ষণীয় কৰি ৰাখিবলৈ কেইটিমান ঘৰুৱা দিহা প্ৰয়োগ কৰিব পাৰে ৷সেই বোৰ হ’ল
১) বাদাম তেলেৰে নিয়মিত ওঁঠ মালিচ কৰিলে ওঁঠৰ শুষ্কতা দুৰ হৈ ওঁঠ যুৰি মোলায়েম হৈ পৰে ৷
২)হালধী পিহি ওঠত লগালেও ওঁঠযুৰিৰ ৰং সুন্দৰ হয় ৷
৩)ওঁঠত নাৰীকল তেল লগালে ওঁঠ ফটা বন্ধ হয় ৷
৪)ওঁঠত মৌৰে মালিছ কৰিলে ওঁঠৰ ক’লা পৰা নোহোৱা হোৱাৰ লগতে ওঁঠৰ ৰং উজ্বল হৈ পৰে ৷
তাৰ উপৰিও
১)খাদ্য তালিকাত পুস্তিক আহাৰৰ অন্তৰ্ভুক্তি কৰিব লাগে ৷
২)ওঁঠ কেতিয়াও দাতেৰে কামুৰি থাকিব নালাগে ৷
৩) ধুম্ৰপাণ আদিৰ পৰা দুৰত থাকিলে ওঁঠযুৰি সুন্দৰহৈ থাকে
৪) সূৰ্য্যৰ হানিকাৰক ৰশ্মীৰ পৰা ওঁঠ যুৰি বচাই ৰখাটো প্ৰয়োজনীয় ৷
৫)পৰ্য্যাপ্ত পৰিমানে পানী আৰু ফলৰ ৰস সেৱন কৰিলে ওঁঠ যুৰিৰ সুন্দৰতা ধৰি ৰাখিব পাৰি ৷
ড° জুৰী গোস্বামী