বনৌষধি উদ্ভিদ অশ্বগন্ধা আৰু ইয়াৰ স্বাস্থ্য উপকাৰী গুণসমূহ : Ashwagandha and it's health benefits
ভাৰতত 'অশ্বগন্ধা' নাম নুশুনা বা চিনি নোপোৱা মানুহ খুব কমেইহে ওলাব। আয়ুৰ্বেদিক চিকিৎসাত বহুলভাৱে ব্যৱহৃত এইবিধ বনৌষধি উদ্ভিদৰ আছে অনেক উপকাৰী গুণ।
অশ্বগন্ধা হৈছে এবিধ চিৰ সেউজ জোপোহা গুল্ম জাতীয় উদ্ভিদ। এই বিধ গছ ভাৰতৰ লগতে আফ্ৰিকাৰ কোনো কোনো অঞ্চলত পোৱা যায়। ভাৰতত কেইবাশ বছৰৰ আগৰ পৰা মানুহে অশ্বগন্ধাৰ শিপা আৰু ফল ঔষধ হিচাপে ব্যৱহাৰ কৰি আহিছে। এই গছৰ শিপাৰ গোন্ধ ঘোঁৰাৰ গাৰ গোন্ধৰ দৰে। সেয়ে ভাৰতত ইয়াৰ নাম অশ্বগন্ধা। ই এটা সংস্কৃত শব্দ। তদুপৰি ভাৰতত ইয়াক Indian winter sherry বা Indian Ginseng বুলিও কোৱা হয়। ইয়াৰ বৈজ্ঞানীক নাম হৈছে withania somnifera (ৱিথানিয়া চমনিফেৰা)।
এতিয়া জানো আহকচোন, 'অশ্বগন্ধা' কি কি ক্ষেত্ৰত আৰু কেনেকৈ ব্যৱহাৰ কৰা হয়:---
আয়ুৰ্বেদত 'অশ্বগন্ধা' ক 'ৰসায়ন' অৰ্থাৎ 'টনিক' বুলি কোৱা হয়। ইয়াৰ অন্তৰ্নিহিত কথাটো হৈছে-- অশ্বগন্ধাই মানুহৰ মানসিক আৰু শাৰীৰিক যৌৱন বৰ্তাই ৰখাত সহায় কৰে। কেইবাটাও ৰোগত অশ্বগন্ধা ঔষধ হিচাপে ব্যৱহাৰ হয়।
১। মানসিক চাপ ( mental Stress)নাইকিয়া কৰিবলৈ।
২। মানসিক উদ্বিগ্নতা( anxiety) হ্ৰাস কৰাত
৩।অৱসাদ ( fatigue) নাইকিয়া কৰাত
৪। বিষ (pain)
৫। চালৰ ৰোগ ( skin care)
৬।বহুমূত্ৰ ৰোগ ( diabetes)
৭। বাতবিষ ( arthritis)
৮।মৃগীৰোগ ( epilepsy) ইত্যাদি।
প্ৰধানকৈ এইসমূহ ৰোগত আয়ুৰ্বেদিক চিকিৎসাত অশ্বগন্ধা ব্যৱহাৰ কৰা হয়। তদুপৰি অশ্বগন্ধাই মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। কেঞ্চাৰ প্ৰতিৰোধ আৰু বৃদ্ধিত বাধা দিয়ে। চুলি মজবুত কৰে। ই এক শক্তিশালী antioxident । তদুপৰি ই আমাৰ শৰীৰৰ কলেষ্টৰেলৰ মাত্ৰা হ্ৰাস কৰি হৃদ ৰোগ প্ৰতিৰোধ কৰে।ইয়াক স্মৃতি বৰ্ধক হিচাপেও ব্যৱহাৰ কৰা হয়। এইদৰে অনেক গুণৰ সমাহাৰ হৈছে অশ্বগন্ধা!
ঔষধ হিচাপে অশ্বগন্ধা পাউদাৰ, টেবলেট, পনীয়া ঔষধ আৰু কেপচুল ইত্যাদি ৰূপত পোৱা যায়। কিন্তু কিদৰে আৰু কিমান পৰিমাণত খাব লাগে, এই সকলো কথা চিকিৎসকৰ পৰামৰ্শ অনুসৰি গ্ৰহণ কৰা উচিত। কিছুমান ৰোগত ভুগি থকা ব্যক্তিৰ বাবে ই ক্ষতিকাৰক হ'ব পাৰে। উদাহৰণ স্বৰূপে থাইৰয়ড ৰোগত ভুগি থকা ৰোগীৰ বাবে ই অপকাৰী।
অতীতৰ পৰা এইবিধ ঔষধি উদ্ভিদ ভাৰতত উপলব্ধ। কিন্তু ইয়াৰ ব্যৱসায়িক ভাবে খেতি কৰা হয় ভাৰতৰ কেইখন মান ৰাজ্যত। প্ৰতি কিলোগ্ৰাম অশ্বগন্ধাৰ শিপাৰ গুৰিৰ দাম ১০০০ টকা। ভাৰতত মধ্য প্ৰদেশ, গুজৰাট, হাৰিয়ানা, মহাৰাষ্ট্ৰ, পঞ্জাৱ, ৰাজস্থান আৰু উত্তৰ প্ৰদেশত ইয়াৰ খেতি কৰা হয়। বালিচহীয়া আৰু ৰঙা মাটিত ইয়াৰ খেতি ভাল হয়।
৫০০- ৮০০ মিলি মিটাৰ বৰষুণ এই খেতিৰ বাবে প্ৰয়োজন।
অসমটো বৈজ্ঞানিক পদ্ধতিৰ ৰে অশ্বগন্ধাৰ খেতি কৰি স্বাৱলম্বী হোৱাৰ পথ মোকলাব পৰা যায়। তাৰ বাবে আগ্ৰহীসকলে কৃষি বিভাগৰ লগত আলোচনা কৰিলে উপকৃত হ'ব।
By: Mallika Dutta
