বটক্স ইনজেকচন' কিমান সুৰক্ষিত? : Botox Injection for wrinkles
বয়স বাঢ়ি অহাৰ লগে লগে আমাৰ ছালখনো শোতোৰা শোতোৰ হৈ পৰে নহয় জানো? ই এক প্ৰাকৃতিক প্ৰক্ৰিয়া। আমি ঘৰুৱা উপায় ব্যৱহাৰ কৰি তথা সুষম আহাৰ আৰু ব্যায়ামৰে ছালখন স্বাস্থ্যৱান কৰি ৰাখিব পাৰো , পিছে দেৰিকৈ হ'লেও আমি আমাৰ ছালখন বয়সৰ চাপ পৰাত সম্পূৰ্ণ ৰূপে বাধা দিব নোৱাৰোঁ।এনে ক্ষেত্ৰত সহায় লোৱা হয় ' বটক্স ইনজেকচন'ৰ ।আপোনালোকৰ বহুতেই এই বটক্সৰ বিষয়ে শুনিছে ,নহয়নে? বিশেষকৈ বলিউড বা হলিউডৰ চেলিব্ৰিটী সকলৰ ৰোচক খবৰৰ ভিতৰত বটক্স ৰ কথায়েও স্হান পায়।
হলিউডৰ বিখ্যাত অভিনেত্ৰী কিম কেৰদাৰচনৰ নিশ্চয়কৈ নাম শুনিছে। তেখেতৰ এটি সাক্ষাৎকাৰ ত জনোৱা মতে,বয়সৰ চাপ ৰোধ কৰিবলৈ তেখেতে বটক্স প্ৰয়োগ কৰিছিল, পিছে তাৰ যি ভয়ংকৰ পাৰ্শ্বক্ৰিয়া হ'ল যে তেওঁ শপত খালে ৪০ বছৰ বয়সলৈকে তেওঁ বটক্স ৰ কথা ভুলটো নাভাবে।
উল্লেখযোগ্য যে, বটক্সৰ বিষয়ে কিছু বছৰ পূৰ্বলৈকে কোনেও মুকলিকৈ কোৱা নাছিল।যিসকলে এই ইনজেকচন ব্যৱহাৰ কৰিছিল তেওঁ লোকেও এই কথা যিমান পাৰে লুকুৱাই ৰাখিবলৈ চেষ্টা কৰা দেখা গৈছিল। পিছে এতিয়া সময় সলনি হ'ল,আন আন ছালৰ দৰৱৰ দৰেই বটক্সৰ বিষয়ে বৰ্তমান মুকলিকৈ আলোচনা হোৱা দেখা যায়। বটক্স এতিয়া আৰু কেৱল চেলিব্ৰিটী সকলে ব্যৱহাৰ কৰা দ্ৰব্যয়েই হৈ ৰোৱা নাই।সাধাৰণ লোকেও এই ইনজেকচন প্ৰয়োগ কৰা পৰিলক্ষিত হয়।
কি এই বটক্স ? জানো আহক-বটক্স হ'ল লেবৰটৰীত তৈয়াৰ কৰা এক বিশেষ ধৰনৰ প্ৰ'টিন,যি এক ' ষ্টেৰাইল ইনজেকচন' ।এই ইনজেকচন পেশীত দিয়া হয়।বয়সৰ লগে লগে শোতোৰা পৰিবলৈ আৰম্ভ কৰা ছালত বটক্স প্ৰয়োগ কৰাৰ পাছত ই মাংসপেশী 'ৰিলেক্স' কৰি 'চেমি পেৰালাইজ' কৰি তোলে।এই বটক্স মুখমণ্ডল,,কপালৰ ওপৰত আহি পৰা ৰেখা,তাৰ উপৰিও ডিঙিৰ ছালটো প্ৰয়োগ কৰা হয়।যদি কাৰোবাৰ মুখমণ্ডল বহুত বেছি বহল বা শকত হয় , তেন্তে মুখ খন ক্ষীণ কৰি তুলিবলৈ ও বটক্স প্ৰয়োগ কৰা হয়। লগতে হাত বা ভৰিৰ তলুৱা যদি বেছিকৈ ঘামি থাকে তেনে ক্ষেত্ৰটো প্ৰয়োগ কৰা হয়।
পাৰ্শ্বক্ৰিয়া : বটক্স হ'ল এক কৌশলী ইনজেকচন প্ৰক্ৰিয়া। এই ইনজেকচন যিকোনো লোকে দিব নোৱাৰে।যিসকল লোক বটক্স ইনজেকচন' দিয়াৰ বাবে বিশেষভাৱে প্ৰশিক্ষণ প্ৰাপ্ত , তেওঁ লোকেহে ইয়াক প্ৰয়োগ কৰিব পাৰে।যদিহে কোনো প্ৰশিক্ষণ নোলোৱা ব্যক্তি ৰ ওচৰত বটক্স লোৱা যায়, তেন্তে কেতিয়াবা এই ইনজেকচন কোনো ভুল মাংসপেশীত দিয়া হৈ যাব পাৰে, তেতিয়াই ই পাৰ্শ্বক্ৰিয়া দেখুৱাই।ভুল মাংসপেশীত বটক্স লোৱাৰ ফলত মুখমণ্ডল সম্পূৰ্ণ ৰূপে সলনি হৈ বিকৃত হৈ উঠিব পাৰে। চকু কেইটা তললৈ হৈ যাব পাৰে বা কেতিয়াবা মুখমণ্ডল এফালে ওলমি যাব পাৰে।সেয়ে আপুনিও যদি বটক্স লোৱাৰ বিষয়ে চিন্তা চৰ্চা কৰি আছে, তেন্তে উচ্চ প্ৰশিক্ষণ প্ৰাপ্ত ব্যক্তিৰ দ্বাৰাহে এই ইনজেকচন প্ৰয়োগ কৰিব।
সময়সীমা: বটক্স ইনজেকচন লোৱাৰ পাছত তাৰ প্ৰভাৱ ৭ দিনৰ ভিতৰতে দেখিবলৈ পোৱা যায়।৩ দিনৰ পৰাই ইয়াৰ কিছু কিছু প্ৰভাৱ দেখা যায় যদিও ৭ দিনৰ পাছত ই সম্পূৰ্ণৰূপে কাৰ্যক্ষম হয়। এটা বটক্স ইনজেকচন ৰ প্ৰভাৱ ৪ ৰ পৰা ৬ মাহলৈকে থাকে।যিসকল লোকে বেছিকৈ ব্যায়াম কৰে বা জিম কৰে তেওঁ লোকৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ সোনকালে শেষ হয়,অন্যথা ই ৬ মাহলৈকে থাকে।
মুখমণ্ডল বা দেহৰ ছাল বয়সৰ লগে লগে শোতোৰা হ'বলৈ আৰম্ভ কৰিব ই , তেনে ক্ষেত্ৰত বটক্স ব্যৱহাৰ কৰিব নে নকৰে ,সেইয়া ব্যক্তি জনৰ নিজস্ব সিদ্ধান্ত।সেয়ে কোনো ব্যক্তিয়ে যদি বটক্স প্ৰয়োগ কৰে, তেওঁ লোকক ইতিকিং কৰা উচিত নহয়। কেৱল বটক্স ইনজেকচন ব্যৱহাৰ কৰিব খোজা ব্যক্তি সকলে এটা কথা মনত ৰখা উচিত যে,ইয়াক ব্যৱহাৰ ৰ পূৰ্বে চিকিৎসক ৰ পৰামৰ্শ ল'ব লাগে তথা উচ্চ প্ৰশিক্ষণ প্ৰাপ্ত ব্যক্তিৰ দ্বাৰাহে এই ইনজেকচন প্ৰয়োগ কৰিব লাগে।
By- Smriti Kakati