যদি চীন আৰু ভাৰতৰ মাজত যুদ্ধ হয় তেনেহ’লে জয়ী কোন হ’ব ? পাৰিবনে ভৰতে চীনক সমুচিত উত্তৰ দিব ? Who will win the war ?
৩৩৮৭৫৯০ বৰ্গ কিলোমিটাৰ মাটি কালিৰে ভাৰত হ’ল পৃথিৱীৰ দ্বিতীয় বৃহৎ জনসংখ্যাৰ দেশ । মুঠ জনসংখ্যা ১২৭৬২৬৭০০০ জন। সামৰিক বাহিনীৰ নামত ভাৰতৰ বাজেত হ’ল ৭০ বিলিয়ন ডলাৰ। মুঠ জিডিপি ২.৫ শতাংশ ভাৰতে সামৰিক বাহিনীৰ শিতানত খৰছ কৰে ৷পৃথিৱীৰ ভিতৰত ভাৰতৰ সামৰিক বাজেট আছে তৃতীয় স্থানত।
বৰ্তমান চীন ভাৰতৰ সীমান্তত উত্তেজনা ৷ যিকোনো মুহুৰ্ততে চীন ভাৰতে যুযুধান স্থিতি গ্ৰহন কৰিব পাৰে ৷
চীনৰ সৈণিকক ভেটা দিব পৰাকৈ ভাৰতীয় সেনাৰ হাতত আছেনে অত্যাধুনীক সামৰিক অস্ত্ৰ ?
জানিব পৰা মতে, শেহতীয়াকৈ ২০১৫ চনত ভাৰত আৰু মার্কিন যুক্তৰাষ্ট্রই ভাৰতৰ সামৰিক শক্তি বৰ্ধিত কৰাৰ বাবে এপাচি হেলিকপ্টাৰ ক্ৰয়ৰ নামত ৯৩০ মিলিয়ন ডলাৰৰ চুক্তি কৰিছে। ২০১৫ চনত স্বাক্ষৰিত এই চুক্তি অনুসৰি ভাৰতীয় বায়ু সেনাই ২২ খন এপাচি হেলিকপ্টাৰৰ মাৰ্কিন যুক্ত ৰাষ্ট্ৰৰ পৰা লাভ কৰিব । এই চুক্তি অনুসৰি, মুঠ ২২ খন হেলিকপ্টাৰৰ ভিতৰত ইতিমধ্যে ১৭ খন হেলিকপ্তাৰ ভাৰতে লাভ কৰিছে আৰু বাকী থকা কেইখন ২০২৩ চনৰ ভিতৰত বিতৰণ কৰা হ’ব।
AH-64E এপাচি হেলিকপ্টাৰ প্ৰধানতঃ Advanced Attack Helicopter ।
এই হেলিকপ্টাৰসমূহ ৱেষ্টাৰ্ণ চেক্টৰত পাকিস্তান সীমান্তৰ ৰাজস্থানত সৈণিক সকলক শক্তিশালী কৰি মোতায়েন কৰা হ’ব।
মেছা, এৰিজনাত নিৰ্মান কৰা এই এপাচি হেলিকপ্তাৰ পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰলৈ ইতিমধ্যে ৪০০ ৰো অধিক সৰবৰাহ কৰা হৈছে। পৃথিৱীৰ সবাতোকৈ শক্তিশালী হেলিকপ্তাৰ হ’ল এই এপাচি হেলিকপ্তাৰ ৷ ২০১৫ চনত সম্পন্ন হোৱা এই চুক্তি অনুসৰি ভাৰতীয় সেনাই AH-64E এপাচি কনফিগাৰেশ্যন লাভ কৰিব ৷ বিশ্বৰ সকলোতকৈ উন্নত মাল্টি-ৰোল হেলিকপ্টাৰ ৷
এই চুক্তি অনুসৰি যুদ্ধযান চলোৱাৰ প্রশিক্ষণ, বিমানৰ প্ৰশংসাপত্র আৰু উপাদানৰ ভিতৰত ইঞ্জিন, ইঅ’ চেন্সর আৰু ৰাডাৰো ভৰতে লাভ কৰিছে । এই চুক্তি অনুসৰি ভাৰতীয় সেনাই AH-64E এপাচি কনফিগাৰেশ্যন পাব৷ উন্নত ডিজিটেল সংযোগৰে, যৌথ কৌশলগত তথ্য বিতৰণ ব্যৱস্থা সম্বলিত আৰু উন্নত ফেছ গিয়াৰ ট্রান্সমিশ্যন সহ অধিক শক্তিশালী T700-GE-701D ইঞ্জিন, আৰু নতুন সংমিশ্রণ মূল ৰটাৰ ব্লেড নিয়ন্ত্রণৰ ক্ষমতা এই হেলিকপ্তাৰ সমুহত আছে।
এই সকলো শক্তিৰ ওপৰত আছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিচক্ষণতা আৰু অভূতপূৰ্ব কুটনৈতিক বিচক্ষণতা ৷ চীনে ভাবি লৈছিল পুৰ্বৰ দৰে ভাৰত এতিয়াও দুৰ্বল হৈ আছে চীনে সহজেই ভাৰতক পৰাভূত কৰি পেলাব পাৰিব ৷সেই ধাৰণাক নস্যাৎ কৰি ভাৰতে এনে কুটনৈতিক কৌশল অৱলম্বন কৰিলে যে 2020 চনৰ আক্ৰমণ মুখি চীন পিছহুহুকিবলৈ বাধ্য হ’ল ৷
সমগ্ৰ কূটনীতির ভূমিকা গ্ৰহন কৰিছিল বিদেশ মন্ত্রক (এমইএ) ৰ পৰাএনএসএ-লৈ । ভাৰতৰ দৃষ্টিভঙ্গি চিহ্নিত কৰিবৰ বাবে ভাৰতীয় দূতাবাস আৰু বিদেশী ভাৰতীয় সকলৰে এটি নেটওয়ার্ক গঠন হয়েছিল। ফলস্বৰূপে, মার্কিন কংগ্রেসৰ অনেক নেতা আৰু সিনেটৰ যেনে ৰিক স্কট, মার্কো ৰুবিও, টম কটন, এলিয়ট এঞ্জেল, আদি বিক্ষাৎ ব্যক্তি সকল চীনৰ এই কাৰ্য্যৰ বিৰোধিতা কৰি ভাৰতৰ সপক্ষে ঠিয় দিছিল ৷গতিকে ভাৰতৰ কুটনৈতিক কৌশলৰ আগত চীনে তিস্থিব পৰাটো এতিয়া সহজ নহয় ৷যদিও ভাৰত কৰোণাৰ বাবে অৰ্থনৈতিক ভাৱে দুৰ্বল ,তথাপিও চীন ভাৰতৰ যুদ্ধ হ’লে সমুচিত উত্তৰ দিব পৰাকৈ ভাৰত বৰ্তমান সময়তো সাজু ৷
ড° জুৰী গোস্বামী