নিজৰ 'ভাৰ্জিনিটি' নিলাম কৰা এক যুৱতী : A woman who selling her verginity
সতীত্বৰ বজাৰ*
টকা-পইচা কোনেনো নিবিচাৰে,নহয় জানো?টকা আমাৰ সকলোৰে বাবেই অতি প্ৰয়োজনীয় এই টকা ঘটিবলৈকে কোনোৱে ৰাতিপুৱাৰ পৰা গধূলি লৈকে হাড়ভঙা পৰিশ্ৰম কৰিছে, কোনোৱে আকৌ টকা ঘটাৰ সহজ উপায় বিচাৰ ফুৰিছে। মুঠতে টকা লাগে, টকা।
টকা-পইচাৰ বাবে মানুহে কেতিয়াবা নিজৰ গহনা আনকি নিজৰ ঘৰ- মাটি পৰ্যন্ত বিক্ৰী কৰিব লগা হয়। পিছে চিডনী ৰ এক যুৱতী টকা ঘটাৰ এক অদ্ভূত কৌশলৰ বাবে শেহতীয়াকৈ চৰ্চালৈ আহিছে।পাৰ্থ চহৰৰ পৰা চিডনীলৈ পঢ়িবলৈ অহা কিৰা নামৰ এগৰাকী যুৱতীয়ে জাৰ্মান ' এছক'ৰ্ট এজেন্সী', ' চিনড্ৰলা এছক'ৰ্ট' ক নিজৰ ভাৰ্জিনিটি নিলাম কৰিবৰ বাবে দিছে।হয়, ঠিকেই শুনিছে, এগৰাকী ছোৱালীৰ বাবে আটাইতকৈ মূল্যবান বুলি গণ্য কৰা সতীত্ব আজি নিলামৰ বজাৰত।
২০ বছৰীয়া কিৰাৰ মতে ভাৰ্জিনিটি বিক্ৰী কৰি পোৱা টকাৰে তেওঁ বহুতো সপোন পূৰণ কৰিব পাৰিব। তেওঁ যদি ভৱিষ্যতে কোনো যুৱকৰ সৈতে সম্পৰ্কত আহেও, কিন্তু সেই সম্পৰ্ক যে সদায় টিকি থাকিব বা যুৱক জনে যে তেওঁ ক কেতিয়াও এৰি থৈ নাযাব, তাৰ কোনো নিশ্চয়তা নাই। সেয়েহে এই সময়ছোৱাতে কোনো সম্পৰ্কত বান্ধ খোৱাতকৈ, কিছু টকা-পইচা ঘটি লোৱাতো অধিক উত্তম হ'ব বুলি তেখেতে এই আচৰিত সিদ্ধান্ত লয় বুলি জানিবলৈ দিয়ে।
কিৰাৰ বহুতো সপোন আছে,সেই সপোনবোৰ পূৰণৰ বাবে যথেষ্ট পৰিমাণে টকাৰ প্ৰয়োজন। তেওঁ নিজৰ পঢ়া-শুনাত এই টকা খৰচ কৰাৰ লগতে পৰিয়ালকো কিছু সকাহ দিব বুলি জনায়। লগতে কিৰাৰ বহু দিনীয়া সপোন নিজাকৈ এটা ঘৰ আৰু পৃথিৱী ভ্ৰমণ,এই টকাৰে সম্ভৱপৰ হৈ উঠিব বুলি তেখেতে জানিবলৈ দিয়ে।কিৰাৰ মতে, এই সৰহ অংকৰ টকাই তেওঁৰ আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় হে কৰিব।প্ৰথমে তেওঁ ৰ এই সিদ্ধান্ত ভুল হ'ব নেকি বুলি নিজৰ ওপৰতে সন্দেহ উপজিছিল যদিও পিছলৈ তেওঁ ৰ নিজা সিদ্ধান্ত ত কোনো আপচোচ নাই বুলি কিৰাই কয়। তেওঁ ৰ মতে আমাৰ সমাজখনেই ,আমাক তেনে কাম কৰিবৰ বাবে উদ্বুদ্ধ কৰে। টকা-পইচা অবিহনে আমাৰ সমাজত বেলেগ বস্তু টো বাদেই মান সন্মানো পাবলৈ নাই ।
এছক'ৰ্ট এজেন্সী 'চিনড্ৰেলা'ই জনোৱা মতে,কিৰাৰ দৰেই আৰু প্ৰায় ৩০০ যুৱতীয়ে নিজৰ ভাৰ্জিনিটি বিক্ৰীৰ বাবে এজেন্সীৰ সৈতে যোগাযোগ কৰিছে।কিৰাৰ পূৰ্বেও বহু যুৱতীয়ে এইদৰে ভাৰ্জিনিটি বিক্ৰী কৰে বুলি এজেন্সীটোৱে জানিবলৈ দিয়ে। কিছুদিনৰ পূৰ্বে এগৰাকী আমেৰিকান ছাত্ৰীয়ে আবুধাবীৰ এজন ব্যৱসায়ীক ১৯.৫ কোটি টকাত নিজৰ ভাৰ্জিনিটি বিক্ৰী কৰিছে বুলিও এজেন্সীটোৱে জানিবলৈ দিয়ে।
কি এই ' চিনড্ৰেলা এছক'ৰ্ট' ? ই হৈছে এনে এক ৱেবছাইট ,য'ত যুৱতীসকলৰ ভাৰ্জিনিটি নিলাম কৰা হয়।এই নিলামত দৰ- দাম কৰিবলৈ অহাসকল কোটিপতি ব্যৱসায়ী, হলিউড চেলিব্ৰিটী তথা বিশ্বৰ ধনী-মানী ব্যক্তি ।কি ৰে আচৰিত আমাৰ পৃথিৱী খন ,কি আচৰিত টকা ঘটাৰ কৌশল নহয়নে? টকা-পইচাই মানুহক কি কি কৰাই , কিমান তললৈ নামিল আমাৰ মানৱতা,ই এক ক্ষুদ্ৰ উদাহৰণ মাত্ৰ।
By-Smriti Kakati