উৰাজাহাজৰ মাইলেজ কিমান? : What is the mileage of airplanes?
আপুনি জানেনে সমুদ্ৰত যেতিয়া তিমি মাছৰ মৃত্যু হয় তেতিয়া মাছটো ক'লৈ যায়?এইটো কথা জানেনে আপুনি ফ্ৰীজৰ আৱিষ্কাৰৰ পূৰ্বে মানুহে কেনেকৈ বৰফ জমা কৰিছিল?নে আপুনি এই বিষয়ে জানে যে এখন উৰাজাহাজে কিমান মাইলেজ দিয়ে?
১) আপুনি জানেনে যেতিয়া ফ্ৰীজৰ আবিষ্কাৰ হোৱা নাছিল তেতিয়া মানুহে কেনেকৈ বৰফ জমাইছিল? আপুনিও এই বিষয়ে জানি আজি আচৰিত হ'ব। ১৮০৬ চনত এজন আমেৰিকান ব্যক্তি ফেদ্ৰিক টিউদাৰে পুখুৰী আদিৰ পৰা বৰফ বোৰ কাটি ইঞ্চিলেটেড আইছ বক্সত ভৰাই গোটেই পৃথিৱীতে বেছিবলৈ আৰম্ভ কৰিছিল। লাহে লাহে তেওঁৰ এই ব্যৱসায় আগবাঢ়িবলৈ ধৰিলে আৰু লাহে লাহে প্ৰযুক্তি বিদ্যা উন্নত হোৱাৰ লগতে বহুতো বৰফ কোম্পেনীয়ে বৰফ বিচাৰি যোৱাৰ পৰিবৰ্তে বৰফ সমূহ নিজে নিৰ্মান কৰিবলৈ ললে। ১৯৩০ চনলৈকে লাহে লাহে মানুহে ফ্ৰীজৰ ব্যৱহাৰ কৰিবলৈ লয় আৰু ১৯৫০ লৈকে কিছুমান গাঁও অঞ্চলত এই বৰফৰ টুকুৰাবোৰ পঠোৱাৰ ব্যৱস্থা আছিল। ফ্ৰীজৰ ব্যৱহাৰ বাঢ়ি অহাৰ লগে লগেই এই সুবিধাও নোহোৱা হ'ল।
২) ৰাস্তাত চলা গাড়ী বা এখন বাইকৰ মাইলেজৰ অনুমানটো আপুনি নিশ্চয় লগাব পাৰিব কিন্তু এখন উৰাজাহাজৰ মাইলেজ কিমান আপুনি জানেনে?উৰাজাহাজত ব্যৱহাৰ হোৱা ইন্ধন আমাৰ গাড়ী বা বাইকত ব্যৱহাৰ কৰা পেট্ৰলৰ নিচিনা নহয়। ই এক বিশেষ ধৰণৰ ফিউল,যিয়ে এইটো নিৰ্ভৰ কৰে যে উৰাজাহাজত কি প্ৰকাৰৰ ইঞ্জিন ব্যৱহাৰ কৰা হৈছে আৰু ই কিমান ডাঙৰ?ইয়াৰ ওপৰত নিৰ্ভৰ কৰি উৰাজাহাজৰ মাইলেজ নিৰ্ধাৰণ কৰিব পাৰি।
৩) পৃথিৱীৰ সকলোতকৈ ডাঙৰ স্তন্যপায়ী জীৱ পানীত বাস কৰে। নীলাতিমি মাছৰ বিষয়তো আপুনি শুনিয়েই, যাৰ ওজন ১০০ টন ৰ পৰা ১৫০ টন ৰ ভিতৰত। কেতিয়াবা আপুনি ভাবিছেনে যদি তিমি মাছৰ মৃত্যু হয় তেতিয়া কি হয়? যেতিয়া তিমি মাছৰ মৃত্যু হয় তেতিয়া সেই মাজতো সমুদ্ৰৰ নিমখীয়া মাটিত ওপঙি থাকে আৰু কেতিয়াবা মৃত্যুৰ পিছত গেছ সোমোৱাৰ ফলতো ওপঙি থাকে।
৪) যেতিয়া ফাইটাৰ প্লেইন নাছিল তেতিয়া মানুহে টোপ ৰ ব্যৱহাৰ কৰিছিল। যাৰ ওচৰত সকলোতকৈ ডাঙৰ টোপ আছিল সিয়ে যুদ্ধত জয় লাভ কৰিছিল। পৃথিৱীৰ সকলোতকৈ ডাঙৰ টোপ ৰ বিষয়ে জানেনে আপুনি? যি নিজে নিৰ্মান কৰিছিল আৰু ধ্বংসও কৰিছিল। পৃথিৱীৰ বৃহৎ টোপ টোৰ নাম হৈছে স্বৰাৰ গুষ্টা(Schwerer Gustav) । যাৰ ওজন ১৩৫০ টন। ১৯৪৫ চনত তেওঁ নিজে এই টোপ টো নষ্ট কৰি দিয়ে যাতে আৰ্মীয়ে এইটো নিজৰ কৰি নলয়।
৫) আপুনি জানেনে Google Earth ৰ সহায়ত আমেৰিকাৰ ফ্লৰিডাৰ 20 বছৰ পুৰণা মৃত্যুৰ ৰহস্য ফাদিল হয়। উইলিয়াম মল্ড নামৰ এজন ব্যক্তি ৭ নৱেম্বৰ ১৯৯৭ চনৰ ৰাতি এটা ক্লাৱত পাৰ্টি কৰি উভতি অহাৰ সময়ত তেওঁ নিৰুদ্দেশ হৈছিল আৰু বহুত বিচৰাৰ ফলটো পোৱা নাছিলে। ২০১৯ চনৰ আগষ্ট মাহত এজন ব্যক্তিয়ে Google Earth ত তেওঁ ওচৰ চুবুৰীয়া ঘৰৰ ফটো চাই আছিল আৰু তেতিয়াই তেওঁ এখন গাড়ী পানীত ওপঙি থকা দেখা পালে আৰু তেওঁ সেইটো নিশ্চিত কৰিবলৈ সেই এলেকাত দ্রুনৰ সহায়ত পৰ্যবেক্ষণ কৰিলে আৰু লাহে লাহে সেই বিষয়ে প্ৰশাসনৰ ওচৰ পালে আৰু ২০ বছৰ আগতে নিয়ন্ত্ৰণ হেৰুৱাই পানীত পৰা গাড়ী খনৰ সৈতে তেওঁৰ অস্তিত্ব নোহোৱা মৃতদেহ উদ্ধাৰ কৰা হয়।
এইবোৰেই হৈছে আমাৰ আজব পৃথিৱীৰ আজব কথা।
By: Sukanya Rajbongshi