এই জনজাতিৰ পুৰুষে আনৰ পত্নীক পলাই বিয়া কৰে : A tribe where man marry others wife

এই জনজাতিৰ পুৰুষে আনৰ পত্নীক পলাই বিয়া কৰে : A tribe where man marry others wife

stral

     আনৰ পত্নীৰ লগত সম্পর্ক ৰাখাটো আমাৰ সমাজত বেয়া বুলি গণ্য কৰা হয় । যাৰ বাবে ইয়াক অবৈধ সম্পর্ক বুলি কোৱা হয়। আনৰ পত্নীৰ  লগত অবৈধ সম্পর্ক ৰাখি বিপদত পৰাৰ কথা নিশ্চিয় শুনিছে। কিন্তু আমাৰ পৃথিৱীতে এনে এক জনজাতি আছে যি জনজাতিত আনৰ পত্নীক পলুৱাই বিয়া পতাৰ প্ৰথা প্ৰচলিত। 

   এই আচৰিত প্ৰথা থকা জনজাতিটো হৈছে, পশ্চিম আফ্রিকাৰ ব'দাব্বে (वोदाब्बे) জনজাতি। এই জনজাতিত প্ৰচলিত নিয়ম অনুসৰি এজন ল'ৰাই দুবাৰকৈ বিয়া পাতিব লাগে, ইয়াৰে প্ৰথমটো বিয়া নিজৰ মাতৃ- মাতৃৰ পচন্দ অনুসৰি কৰে যদিও দ্বিতীয় বিবাহ আনৰ পত্নীৰ লগত কৰিব লাগে । দ্বিতীয় বিবাহৰ এই পৰম্পৰা পালন কৰিবলৈ প্ৰতিবছৰে গেৰেৱ'ল (गेरेवोल) নামৰ এক অনুষ্ঠান আয়োজন কৰা হয় ।পুৰুষ আৰু মহিলা উভয়ে উপস্থিত থকা এই অনুষ্ঠানত পুৰুষ সকলে বিভিন্ন ৰং আৰু আ - অলংকাৰৰ জড়িয়তে  নিজকে সু - সজ্জিত কৰি তোলে। ইয়াৰ পিছতে পুৰুষ সকলে পৰ পত্নী সকলক আকৰ্ষিত কৰিবলৈ বিভিন্ন প্ৰক্ৰিয়া অবলম্বন কৰে। উল্লেখযোগ্য যে এই প্ৰক্ৰিয়াত মহিলা সকলৰ প্ৰথম স্বামী তেওঁলোকৰ লগত উপস্থিত থাকিব নোৱাৰিব। এনেদৰে পুৰুষে কোনো মহিলাক  আকৰ্ষিত কৰিব পাৰিলে, সেই মহিলাক লৈ পলাই যায় আৰু পৰৱৰ্তী সময়ত তেওঁক জনজাতি লোকসকলে নীতি নিয়মৰ মাধ্যমেৰে  তেওঁলোকক বিয়া পতাই দিয়ে। 

  পৃথিৱীখনক এনেই আচৰিত গ্ৰহ বুলি ন'কয়, ইয়াত এফালে য'ত কিছুমান কাৰ্যকলাপক সমাজ বিৰুধী বুলি গণ্য কৰা, কিন্তু আনফালে কিছুমান ঠাইত ই সমাজৰ এক গুৰুত্বপূৰ্ণ প্ৰথা হিচাপে প্ৰচলিত। 

By Prasenjit Chakraborty

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.