প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে কিতাপৰ নদী : A River of Book to Control Pollution
আজি বাতৰিৰ শিৰোনাই চাগে আপোনাক আচৰিত কৰি তুলিছে! মনত নিশ্চয় প্ৰশ্ন জাগিছে, কেনেকৈ কিতাপৰ নদীয়ে প্ৰদূষণ নিয়ন্ত্ৰণ কৰিব?
আজি আপোনালোকক জনাব খুজিছোঁ কানাডাৰ টৰণট' চহৰত অনুষ্ঠিত হোৱা এক উৎসৱৰ অংশ হিচাপে দেখিবলৈ পোৱা এই কিতাপৰ নদীৰ বিষয়ে। আপুনি যদি কিতাপ পঢ়ি ভাল পায়, আপোনাৰ বাবে এখন নদীত আপুনি ভাল পোৱা কিতাপবোৰ উটি গৈ আছে ,আৰু আপোনাৰ যিমান মন যায় আপুনি তাৰ পৰা কিতাপ সংগ্ৰহ কৰিব পাৰিছে, কেনে এক ভাল লগা কথা, কল্পনা কৰকচোন!! এনে এক কল্পনাকে বাস্তৱত ৰূপায়িত কৰা হৈছিল, ২০১৬ চনত টৰণট'ৰ চহৰৰ এক ব্যস্ত ৰাস্তাত।
টৰণট'ৰ Nuit Blanche ( নুইট ব্লাঞ্চে) নামৰ এক বছেৰেকীয়া উৎসৱৰ এক অংশ হিচাপে ভাগ লৈ কোনো এক অজ্ঞাত শিল্পী গোষ্ঠীয়ে সৃষ্টি কৰিছিল এই অভিনৱ কিতাপৰ নদীৰ। তেওঁলোকে টৰণট'ৰ এক অতি ব্যস্ত ৰাস্তাত ১০,০০০ মূল্যবান কিতাপেৰে ঢাকি পেলাইছিল। কি যে এক দৃষ্টি নন্দন দৃশ্য, আপুনি ফটো দেখিয়েই নিশ্চয় অনুমান কৰিব পাৰিছে! কিতাপেৰে এনেদৰে নদীৰ সৃষ্টি কৰাৰ অন্তৰালত তেওঁলোকৰ মূল উদ্দেশ্য আছিল, ৰাজহুৱা স্থানত নগৰৰ প্ৰতিৰোধ নাইকিয়া কৰা। ইয়াৰ দ্বাৰা এদিনৰ বাবে হ'লেও সেই ব্যস্ত পথটো নগৰীয়া যান যঁটৰ পৰা মুক্ত কৰি এক প্ৰদূষণ মুক্ত বাতাবৰণ সৃষ্টি কৰা যাতে মানুহে দৈনন্দিন নগৰীয়া বাতাবৰণৰ পৰা আঁতৰি অনুভৱ কৰিব পাৰে এক মানসিক প্ৰশান্তি।
নুইট ব্লাঞ্চ এক কলা উৎসৱ, যি এটা নিশা জুৰি চলে।যিবোৰ কিতাপেৰে ইয়াৰ পথ ঢাকি দিয়া হয়, সেই কিতাপবোৰ দান কৰে উদ্ধাৰকাৰী সৈনিকে। ৫০ তকৈও অধিক স্বেচ্ছাসেৱীয়ে ১২ দিন জুৰি শ্ৰম দান কৰি সেই ব্যস্ত পথত সৃষ্টি কৰি উলিয়াই এই গ্ৰন্থৰ নদী। এনেদৰেই সদা ব্যস্ত, কোলাহলপূৰ্ণ, আৰু প্ৰদূষিত এই ঠাই এনিশাৰ বাবে পৰ্যবসিত হয় শান্ত আৰু কোমল পোহৰেৰে আলোকিত এক নিৰ্জন ঠাইলৈ। গ্রন্থ প্ৰেমীয়ে এই কিতাপবোৰ পঢ়ি পুনৰ তাতে থৈ যায় বা ঘৰলৈও নিয়ে । ১০ ঘণ্টা জুৰি এই কিতাপবোৰ তাত থাকে। যিবোৰ কিতাপ তাত থাকি যায়, পুৱা ষ্ট্ৰীট পৰিচালনা সেৱাই নিজৰ জিম্মাত ৰাখে। কিতাপৰ নদীৰ আয়োজক কলা শিল্পী সকলে কয় যে , "এই কিতাপৰ নদী মাত্ৰ ১০ ঘণ্টাৰ বাবে থাকিলেও আমি জানো এই উৎসৱ সেই গ্ৰন্থ প্ৰেমীসকলে বহু বেছি দিনলৈ মনত ৰাখিব।"
নগৰীয়া যান যটক "সাহিত্য বনাম যাতায়ত" এই নামাকৰণেৰে পৃথিৱীৰ আন কেইখনমান দেশতো এই উৎসৱ আয়োজন কৰা হৈছে। সেই কেইখন হৈছে--মাদ্রিড, নিউয়ৰ্ক আৰু মেলব'ৰ্ণ।
আপোনাৰ মনত আজি বাৰু এই খবৰে কেনে অনুভৱ দিলে? আপুনি যদি কিতাপ পঢ়ি ভাল পায়, আৰু পৃথিৱীত হোৱা প্ৰদূষণৰ প্ৰতি বিৰক্ত, তেন্তে এই খবৰে নিশ্চয়কৈ আপোনাক কিছু কথা ভবাই তুলিছে!!
By: Mallika Dutta