দেশত ক'ত কেনেকৈ টকা ছপা কৰা হয়? : How and where notes are made in the country?
আপুনি জানেনে দেশত ক'ত কেনেকৈ টকা ছপা কৰা হয়? বা আপুনি জানেনে এই পৃথিৱীৰ আটাইতকৈ ডাঙৰ ষাড় গৰু ক'ত আছে? আৰু আপুনি ভাবে নেকি বিয়েৰ খালে মানুহ শকত হয়? এনেকুৱা বহুত প্ৰশ্ন হয়তো আমাৰ মনত আহি থাকে বাবে আমি ভাবো। জানো আহক আমি ইয়াৰ লগতে আৰু কিছুমান আমোদ জনক কথা।
১) আপুনিও সেইসকলৰ ভিতৰত পৰে নেকি যিয়ে ভাবে যে বিয়েৰ খালে মানুহ শকত হয়? বা আপোনাৰ শকত কোনোবা বন্ধুক দেখি তেওঁক বিয়েৰ বেলিৰ বাখ্যা দিয়ে নেকি? আপোনাৰ এই ভাৱনা একেবাৰে মিছা কিয়নো বৈজ্ঞানিক ভাবে বিয়েৰ এবিধ এলক'হলিক পানীয় । যি ঘেঁহু আদিৰ দৰে কিছু কিছু বস্তুৰ পৰা তৈয়াৰ কৰা হয় আৰু আপুনি যদি এটা বিয়েৰৰ পুষ্টিৰ ওপৰত চকু দিয়ে তেতিয়া হ'লে আপুনি তাত পাব এটা বিয়েৰৰ বটলত এলক'হল,প্ৰটিন,কাৰ্বোহাইড্ৰেত আৰু কিছুমান পুষ্টি থাকে যদিও তাত ফেটচ নাথাকে। বিয়েৰে কেলৰিছ সংৰক্ষণ কৰি নাৰাখে।
২) আপুনি এই দুনীয়াৰ বৃহৎ ষাড় গৰুৰ বিষয়ে জানেনে? অষ্ট্ৰেলিয়াৰ নিকাৰ্ছ নামৰ ষাড় গৰুটো পৃথিৱীৰ ভিতৰতে ডাঙৰ নহ'লেও সকলোতকৈ ওখ আৰু ডাঙৰ ষাড় গৰু ।যাৰ ওজন ১৩৫০ কি:গ্ৰা: আৰু ইয়াৰ উচ্চতা ৬.০৪ ইঞ্চি ।
৩) দেশৰ টকা ক'ত ছপা কৰা হয় আপুনি জানেনে? দেশৰ ৪ খন বেলেগ বেলেগ ঠাইত আমাৰ দেশ টকা ছপা কৰা হয়। সেই চাৰিখন ঠাই হ'ল মধ্যপ্ৰদেশৰ দিৱাস(Dewas),মহাৰাষ্ট্ৰৰ নাচিক, পশ্চিম বেংগলৰ চালৱনী আৰু কৰ্ণাটকৰ মাইছুৰ।ৰিজাৰ্ভ বেংকৰ মতে আমাৰ দেশত প্ৰতি বছৰে ২০০০ কোটি টকা ছপা কৰা হয়।এই নোট বনাবলৈ কটনৰ কাগজ আৰু এক বিশেষ ধৰণৰ চিয়াঁহী পোৱা যায় যি বজাৰত উপলব্ধ নহয়। ৰিপোৰ্ট অনুসৰি চুজাৰলেণ্ডৰ চিকপা কোম্পানীয়ে এই চিয়াঁহী বিধৰ নিৰ্মান কৰে।ভাৰতবৰ্ষৰ বাহিৰেও বেলেগ বেলেগ দেশৰ টকা ছপা কৰিবলৈ এই চিয়াঁহী প্ৰেৰণ কৰা হয়।
৪) একণ(Akon),ৱৰ্ল্ড ফেমাছ মিউজিছিয়ানৰ বিষয়ে হয়তো আমি সকলোৱে জানো। কিন্তু আপুনি জানেনে তেওঁ ১৬ খন আফ্ৰিকান দেশৰ বাবে সুবিধা আগবঢ়াইছে? হয় তেওঁ ১৬ খন আফ্ৰিকান দেশৰ ভিতৰুৱা কিছুমান অঞ্চলৰ বাবে বিজুলী বাতি ব্যৱস্থা কৰিছে। তেওঁৰ Akon Lighting Africa নামৰ এটা প্ৰকল্পৰ জৰিয়তে এক চীন দেশীয় সৌৰশক্তি উৎপাদন কোম্পেনীৰ সৈতে মিলি বিভিন্ন দুখীয়া অঞ্চলত ষ্ট্ৰীট লাইট আৰু মানুহৰ ঘৰটো লাইটৰ ব্যৱস্থা কৰিছে সৌৰশক্তিৰ সহায়ত।
এইদৰেই বহু ঘটনা পৰিঘটনা প্রতি দিনে এই পৃথিৱী খনত ঘটি আছে।
By:Sukanya Rajbongshi