কি হ'ব মকৰাই কামুৰিলে? 'জানে মেৰি জানে মন' শুনিলে নে ? : Amazing facts
আপোনাকো কেতিয়াবা মকৰাই কামুৰিছে নেকি?আমাৰ উচ্চতা বঢ়াব পাৰো নেকি এনেধৰণৰ বহুতো নজনা তথা কিছু আমোদজনক তথ্য ৰ বিষয়ে আজি জানো আহক-
১/আমাৰ ভাৰতবৰ্ষ স্বাধীন হৈছিল ১৯৪৭ চনৰ ১৫ আগষ্টত। কেতিয়াবা ভাবি চাইছেনে, সেইদিনা ভাৰতৰ বাতৰি কাকত সমূহৰ সন্মূখৰ পৃষ্ঠা টো কেনেকুৱা আছিল চাগৈ। ভাৰতবৰ্ষৰ বাবে আটাইতকৈ ডাঙৰ দিনটোৰ কাকতত কি প্ৰকাশ পাইছিল। তেন্তে আজি আমি দেখুৱাম।এই ছবিখন লৈ মন কৰক।১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনা ভাৰতৰ প্ৰায় সংখ্যক বাতৰি কাকত ৰে প্ৰথম পৃষ্ঠাটো আছিল এনেকুৱা।
২/ এই ছবিখনলৈ মন কৰক।মানুহ গৰাকীৰ চুলি নাই নহয়নে? পিছে কোনো বেমাৰৰ বাবে তেখেতৰ চুলি সৰি যোৱা নাই। তেখেতে তেওঁৰ চুলিকোচা মাত্ৰ ১৫০ টকাত বিক্ৰী কৰিছে।হয় ঠিকেই শুনিছে। পিছে কিয় জানেনে? কাৰণ তেওঁৰ তিনিবছৰীয়া সন্তান ভোকত আছিল।নিজ সন্তানক এসাজ পেট ভৰাই খোৱাবৰ বাবেই তেওঁ নিজৰ চুলি খিনি বেছিবলৈ কুন্ঠাবোধ নকৰিলে।এইয়াই মাকৰ মৰম,নহয়নে?
৩/ Tencent কোম্পানী ৰ নাম নিশ্চয় শুনিছে নহয় জানো?হয় এই কোম্পানীয়ে ভাৰতত PUBG খেল উপলব্ধ কৰাইছিল।এই কোম্পানীয়ে শেহতীয়াকৈ তেওঁ লোকৰ খেলসমূহত এক নতুন Feature সংযোগ কৰিছে। বৰ্তমান চীন দেশত এই সংযোজন লাগু কৰা হৈছে।এই নতুন সংযোজনত ৰাতি দহ বজাৰ পাছত,সৰু ল'ৰা-ছোৱালীৰ গেম খেলা বন্ধ কৰা হৈছে।"Face Recognition" ৰ জৰিয়তে জানি দহ বজাৰ লগে লগে গেমটো লক্ হৈ যায় আৰু ৰাতিপুৱা দহবজাৰ লগে লগেই ই নিজে নিজেই খোল খাই পৰে।সৰু ল'ৰা-ছোৱালীক ৰাতি গেম ৰ পৰা আতঁৰাই ৰাখিবলৈ এই বৱস্হা লোৱা হৈছে।
৪/ আমি সকলোৱে এযোৰ বগা চিকচিকিয়া দাত ৰ অধিকাৰী হ'ব বিচাৰো,নহয় জানো? পিছে এটা কথা জানেনে যে বেছিকৈ বগা দাত সুস্হ দাতৰ লক্ষণ নহয়।কিয়নো বেছি জোৰে জোৰে ঘহা বা সঘনাই ব্ৰাছ কৰাৰ ফলতহে দাত বেছি বগা হয়,এনে দাত মজবুত নহয়। প্ৰকৃততে সুস্হ দাত হ'ল ঈষৎ হালধীয়া।এনে দাত বগা দাততকৈ অধিক মজবুত হয়।
৫/ বৰ্তমান সকলো সামাজিক মাধ্যমত এটাই গান শুনা গৈছে, ' জানে মেৰি জানে মন,বছপন কা প্যাৰ ' নহয় জানো? এই গানটো গোৱা সুখদেৱে এতিয়া ৰেপাৰ বাদশ্বাহ ৰ লগত গান গাবলৈ ও সুযোগ পাইছে। মাত্ৰ এটা গান গাই ভাইৰেল হোৱা সুখদেৱৰ জনপ্ৰিয়তা এতিয়া তুংগত। এইয়াই হৈছে সামাজিক মাধ্যমৰ শক্তি, নহয়নে।
৬/ এই ছবিখনলৈ মন কৰক,এনে লগা নাইনে যেন ফেঁচা এটা বহি আছে। পিছে বহুতেই ফেঁচা বুলি ভুল কৰা ,ই একপ্ৰকাৰৰ কাঠফুলাহে। একেবাৰে ওচৰৰ পৰা চালেহে ইয়াক ফেঁচা নহয় বুলি ধৰিব পাৰি।
৭/আপোনালোকে জানে নে , লোকবিশ্বাস অনুসৰি ঈদৰ প্ৰাৰ্থনা কৰাৰ পাছত ব্যক্তি জনে ,যি ৰাস্তাৰে আহিছিল সেই ৰাস্তাৰে নাযায়,বেলেগ ৰাস্তাৰে যায়।এই নিয়ম ইছলামধৰ্মী লোকসকলে অন্ত:কৰণেৰে বিশ্বাস কৰে আৰু মানি চলে। পিছে এই নিয়মৰ প্ৰকৃত কাৰণ কোনেও নাজানে। সচাকৈয়ে আমাৰ লোকবিশ্বাস সমূহৰ শক্তি অসীম নহয়নে।
৮/ আপোনালোকে জানে নে যে, চীন দেশত মহিলা সকলৰ পাৰ্কিংৰ কাৰণে বেলেগকৈ বৱস্হা কৰা হয়।এনে পাৰ্কিং অঞ্চল অন্য পাৰ্কিঙতকৈ ৫০ শতাংশ অধিক ডাঙৰ হয়।এই বৱস্হা ৰ পাছত চীন দেশত গাড়ীৰ খুন্দা খোৱা ঘটনা বহু পৰিমাণে কমি যায়। আমাৰ ভাৰতবৰ্ষ টো এনে বৱস্হাৰ প্ৰয়োজনীয়তা আছে নেকি বাৰু? কমেন্ট কৰি জনাবচোন।
৯/ এতিয়া আমি এটা আমোদজনক তথ্য জানো আহক-১৯৯৩ চনত মেক্সিকো চহৰৰ এখন চিৰিয়াখানা ৰ মালিকক গ্ৰেপ্তাৰ কৰা হৈছিল,কিয় জানেনে? কাৰণ তেখেতে নিজৰ চিৰিয়াখানা ৰ কাৰণে এটা গৰিলা ক্ৰয় কৰিছিল।সেই সময়ত গৰিলা কিনা -বেচা কৰাৰ অনুমতি আছিল। তেন্তে কিয় গ্ৰেপ্তাৰ কৰা হ'ল তেখেতক? কাৰণ তেওঁ কিনা গৰিলাটো প্ৰকৃততে গৰিলা নাছিল,এক FBI এজেণ্ট হে আছিল,যি গৰিলা চ্যুট পৰিধান কৰি আছিল। আইনমতে মানুহ কিনা -বেচা কৰাটো দন্ডনীয়, তেওঁ নজনা কৈ হ'লেও মানুহ কিনিছিল আৰু সেই বাবে তেওঁ জেইলো যাবলগীয়া হৈছিল। পিছত তেওঁক এৰি দিয়া হ'ল যদিও তেখেতে তিনিসপ্তাহ জেইলত কটাবলগীয়া হৈছিল।
১০/ ইডেনবাৰ্গৰ এগৰাকী যুৱতীৰ নাকটো অস্বাভাৱিক ভাৱে ফুলি গৈছিল লগতে তেওঁ ৰ মূৰঘূৰনীও হৈছিল।প্ৰথমে তেওঁ ভাবিলে যে এইয়া হয়তো তেওঁৰ কিছুদিন পূৰ্বে ঘটা দূৰ্ঘটনা টোৰ বাবে হৈছে।যেতিয়া তেওঁ গা ধুবলৈ যায়, তেতিয়া দেখে যে, তেওঁৰ নাক ৰ পৰা কিবা এটা ওলাব ধৰিছে। প্ৰথমতে তেওঁ যথেষ্ট ভয় খাই কিংকৰ্তব্য বিমোৰ হৈ পৰে যদিও কিছু সময় পাছত তেখেতে সাহস গোটাই বস্তু টো টানি উলিয়াই। আচৰিত হ'ব যে,সেইয়া আছিল এডাল জোক।গম নোপোৱাকৈ সোমাই থকা জোকডালৰ বাবেই তেওঁ ৰ নাকটো ফুলি গৈছিল আৰু জোকে তেজ শুহি থকাৰ ফলত তেজৰ অভাৱত যুৱতী গৰাকীৰ মূৰ ঘূৰাইছিল।কেনে ভয় লগা নহয়নে?
১১/ কেৰ্লিফৰ্নিয়াৰ এজন চিকিৎসকে দাবী কৰিছে যে, তেওঁ যিকোনো ব্যক্তিৰে উচ্চতা বৃদ্ধি কৰাব পাৰে। চাৰ্জাৰী ৰ জৰিয়তে তেখেতে ৫.৬ ফুটলৈকে উচ্চতা বঢ়াব পাৰে।এই প্ৰক্ৰিয়া যথেষ্ট দীঘলীয়া তথা বেদনাদায়ক হয়। তেখেতে বিগত দহবছৰ ধৰি এই কাম কৰি আহিছে বুলি জানিবলৈ দিয়ে।এই প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে স্হায়ী হয়। পিছে এই অপাৰেশ্যন যথেষ্ট খৰছী। চিকিৎসকে এটা চাৰ্জাৰী ৰ বাবদ প্ৰায় ১ কোটি ১৮ লাখ টকা লয়। আপুনিও এই ব্যয়বহুল চাৰ্জাৰী কৰাব বিচাৰে নেকি? কেৱল মাত্ৰ উচ্চতা বঢ়াব ৰ বাবেই।
১২/ আপুনি কেতিয়াবা এনেকুৱা ঠাইৰ বিষয়ে শুনিছেনে, যি ঠাইৰ কোনো বস্তু য়েই আপুনি চুব নোৱাৰে। আচৰিত হ'লেও সত্য এই কথা। আমাৰ ভাৰতবৰ্ষ ৰে হিমাচল প্ৰদেশত আছে এই ঠাইখন,নাম - মালানা গাওঁ।সেই ঠাইৰ কোনো বস্তু আনকি মানুহো ,বাহিৰৰ পৰা যোৱা কোনো লোকে চুব নোৱাৰিব।চুলেই ভৰিব লাগিব শকত অংকৰ জৰিমনা।সচাকৈয়ে আচৰিত নিয়ম নহয়নে।
১৩/ ছবিখনত থকা হেলমেট টোলৈ মন কৰক।ই হ'ল এক ' কমিউনিকেশ্বন হেলমেট' । এনে হেলমেট ১৯৬০ চনৰ সময়ছোৱাত ব্যৱহাৰ কৰা হৈছিল।বাইকৰ পিছফালে বহা আৰোহীজনৰ সৈতে কথা পতাৰ সুবিধাৰ বাবে,এই হেলমেট তৈয়াৰ কৰা হৈছিল। পিছে হেলমেটৰ মূখ্য কাম সুৰক্ষা প্ৰদানহে,যি কামত ই বাধা হে হৈ পৰিছিল। কাৰণ দূৰ্ঘটনা সংঘটিত হ'লে ,ইয়াত সংযোজিত পাইপ ডালত খুন্দা খাইহে আৰোহী জনৰ মৃত্যুৰ সম্ভাৱনা বৃদ্ধি পাইছিল। কেতিয়াবা এই পাইপ ডালত পিছফালে বহি যোৱা আৰোহী জনৰ ডিঙিত পাক খায়ো , মৃত্যু ঘটাইছিল।এনে কাৰণসমূহ ৰ বাবেই এনে হেলমেটৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে বন্ধ কৰা হ'ল।
১৪/ ১৯৮৪ চনত কানাডাৰ এজন খেতিয়কৰ খেতি ভাল নোহোৱাৰ ফলত টকা-পইচা ৰ যথেষ্ট নাটনি হৈছিল।সেয়ে তেওঁ ক্ষতি হোৱা টকা উপাৰ্জন কৰিবলৈ এক অদ্ভূত কৌশল অৱলম্বন কৰে। তেওঁ নিজৰ গৰুক বিজ্ঞাপনৰ বাবে ব্যৱহাৰ কৰে। গৰুৰ পিঠিত বিজ্ঞাপন আৰিবৰ বাবে তেখেতে ভাড়া দিয়া আৰম্ভ কৰে।শুনি আচৰিত হ'ব যে,সেই সময়ত তেখেতৰ এই কৌশলে যথেষ্ট জনপ্ৰিয়তা লাভ কৰে আৰু তেখেতে বহু টকা-পইচা উৰ্পাজন কৰিবলৈও সক্ষম হয়।
১৫/ আপোনালোকৰ গাড়ীত নিশ্চয় ' Air Bag' আছে,নহয় জানো? তেন্তে আপোনাৰ যদি গাড়ীৰ ' ডেছ্ বৰ্ডত ' ভৰি ৰখাৰ অভ্যাস আছে, সেইয়া আজিয়েই ত্যাগ কৰক।কিয়নো এয়াৰ বেগ সমূহ , এটা সৰু বোমাৰ সমান।যদি এই এয়াৰ বেগত প্ৰেচাৰ পৰে , তেন্তে গাড়ীৰ গেছ বৰ্ড ও লন্ছ হৈ পৰিব।এই প্ৰেচাৰ ইমানেই শক্তিশালী যে, ই আপোনাৰ ভৰি ভাঙি পেলাব পাৰে। লগতে দেহৰ আন অংগৰো ক্ষতি কৰিব পাৰে।
১৬/ আমাৰ ভাৰতীয় সেনা বাহিনীৰ দু: সাহসিকতাৰ বাবে আমি সদায় গৌৰৱ কৰো নহয় জানো? কাশ্মীৰত কৰ্মৰত কামান্ডাৰ চেতন ৰ কথা নিশ্চয় শুনিছে,নহয় জানো। যোৱা বছৰ এক সন্ত্ৰাসবাদী আক্ৰমণত তেখেতৰ গাত নটা গুলি লাগিছিল। এই গুলি তেখেতৰ মূৰত, সো চকু, বাওঁ ভৰি আৰু দুয়োখন হাতত লাগিছিল। সৌভাগ্য ক্ৰমে এই ঘটনাত তেখেতৰ প্ৰাণ ৰক্ষা পৰিছিল।এই ঘটনাৰ পাছত তেখেতে ইচ্ছা কৰা হলে অৱসৰো ল'ব পাৰিলেহেতেন,পিছে তেখেতে সম্পূৰ্ণ এবছৰ চিকিৎসা গ্ৰহণ কৰি সুস্হ হৈ উঠিছে আৰু পুনৰ চাকৰিত যোগদান কৰিছে। তেখেতৰ এই কৰ্ম নিষ্ঠা তথা দেশপ্ৰেম সচাকৈয়ে শলাগীবলগীয়া।
১৭/ সমগ্ৰ বিশ্বতে যিমান 'আইফোন' ব্যৱহাৰকাৰী আছে ,তাৰে প্ৰায় নিৰানব্বৈ শতাংশ লোকে এখন নহয় এখন ' Mirror selfie' সামাজিক মাধ্যমত দিছে। আমাৰ ভাৰতবৰ্ষ টো আইফোনৰ প্ৰতি অত্যাধিক হেঁপাহ দেখা যায়।আইফোন একপ্ৰকাৰ ষ্টেটাছ চিহ্ন স্বৰূপ হৈ পৰিছে বৰ্তমান।আনৰ সন্মূখত প্ৰৰ্দশন কৰিবলৈকে হ'লেও গৰাকীয়ে মিৰ'ৰ ছেলফি এখন তোলেই,নহয় জানো? পিছে ই এপ'ল কোম্পানীৰ বিনামূলীয়া বিজ্ঞাপনৰ দৰেহে হয়। এপ'ল কোম্পানীয়ে বেলেগৰ দৰে নিজ ম'বাইলৰ বেছি মাৰ্কেটিঙ নকৰে, এই কথা লক্ষ্য কৰিছেনে? কিয়নো আমিয়েই বিনামূলীয়া কৈ ইয়াৰ বিজ্ঞাপন কৰি আছো। সামাজিক মাধ্যমত দিয়া মিৰ'ৰ ছেলফি খন দেখিয়েই বহু লোক এই ফোন কিনিবলৈ আগ্ৰহী হয়।
১৮/ মকৰাই কামুৰিলে কি হয় জানে নে? মকৰাই কামুৰি ' Spider man' হোৱাৰ সপোন দেখি আছে নেকি? Spider man ৰ কথা নাজানো,পিছে মকৰাই কামুৰিলে এজন ব্যক্তিৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে সেই কথা জানেনে? আপুনি যদি ভাৰতবৰ্ষৰ বাসিন্দা তেন্তে এই ক্ষেত্ৰত আপুনি যথেষ্ট সৌভাগ্যৱান,কিয়নো ভাৰতত পোৱা মকৰা সমূহ বেছি বিষাক্ত নহয়। তথাপিও ইয়াৰ মকৰাই কামুৰিলে আপোনাৰ খজুৱতি,ছাল ৰঙা পৰা বা ইনফেকছন হ'ব পাৰে। আনহাতে ব্ৰাজিলকে ধৰি কেইখন মান দেশত পোৱা মকৰা ই এবাৰ কামোৰাৰ পাছতে ব্যক্তি জনৰ মৃত্যু ঘটে। ভাৰতবৰ্ষটো এনে মকৰা আছে যদিও ইয়াৰ সংখ্যা তেনেই নগণ্য। গতিকে মকৰা দেখিলে আজিৰে পৰা নিশ্চয় কৈ সাৱধান হ'ব, নহয় জানো?
১৯/আপোনালোকে নিশ্চয় সৰুৰেপৰাই শুনি আহিছে যে, তাজমহল নিৰ্মাণ কৰা ব্যক্তিৰ হাত কাটি পেলোৱা হৈছিল। পিছে এই কথা সম্পূৰ্ণ মিছা। তাজমহল নিৰ্মাণ কৰোতে প্ৰায় ২০ হাজাৰ লোকে কাম কৰিছিল, অৰ্থাৎ ২০ হাজাৰ লোকৰ ৪০ হাজাৰ হাত। কল্পনা কৰকচোন , ইমান সংখ্যক হাত কেনেকৈ কাটিছিল আৰু কাটি পেলাই হাতবোৰ কি কৰিছিল। তাৰোপৰি তাজমহল নিৰ্মাণ কৰিবলৈ ছাহজাহানে আহমদ উস্তাদ লাহোৰীক নিমন্ত্ৰণ জনাই আনিছিল। তেখেতৰ কামত সন্তুষ্ট হৈ ছাহজাহানে তাৰপিছত লালকিল্লা ও নিৰ্মাণ কৰাইছিল। এতিয়া ভাবকচোন, তাজমহল নিৰ্মাণ কৰাৰ পাছত যদি তেখেতৰ হাত কটা হৈছিল তেন্তে তেখেতে লালকিল্লা কেনেকৈ নিৰ্মাণ কৰিছিল? দৰাচলতে, ছাহজাহানে তাজমহল নিৰ্মাণ কৰা সকলো বনুৱাকে আন বেলেগে নিৰ্মাণ কাৰ্য ত ভাগ ল'বলৈ মানা কৰিছিল, সেইবাবে তেওঁ লোকক যথেষ্ট টকা-পইচা ও দিয়া হৈছিল।এই কথাটোৱে ছাহজাহানৰ শত্ৰুবোৰে ভুলকৈ প্ৰচাৰ কৰিছিল,যাতে তেখেতৰ মান লোকচক্ষুত হেয় হয় আৰু কোনো বনুৱাই তেখেতৰ অধীনত কাম নকৰে।
By- Smriti Kakati