অৱশেষত দেউলীয়া হ'ল বিজয় মালিয়া : Vijay Mallya got bankrupt

 অৱশেষত দেউলীয়া হ'ল বিজয় মালিয়া : Vijay Mallya got bankrupt

Vijay Mallya

বিজয় মালিয়াৰ নাম নুশুনা মানুহ বোধহয় ভাৰতবৰ্ষত নোলাব। প্ৰখ্যাত বিমান কোম্পানী 'কিং ফিচাৰ'ৰ মালিক বিজয় মালিয়া এতিয়া ভাৰতবৰ্ষৰ বাবে খলনায়ক। ভাৰতৰ ষ্টেট বেংককে লগতে আন কেইবাটাও বেংকৰ পৰা প্ৰায় ৯ হাজাৰ কোটি টকাৰ ঋণ লৈ মালিয়াই ভাৰতৰ পৰা বিট্ৰেইনলৈ পলায়ন কৰে।ভাৰতে ২০১৯ চনতে আদালত ত মালিয়াক ভাৰতবৰ্ষলৈ প্ৰত্যাৱৰ্তন ৰ বাবে অৰ্জি দিছিল যদিও , ইংলেণ্ডে সেই অৰ্জি খাৰিজ কৰিছিল। তেতিয়াৰ পৰাই মাৰিয়াই ইংলেণ্ডতে বসবাস কৰি আছে।

চলিত মাহৰ সোমবাৰে মালিয়াক লন্ডন ক্লাবৰ বাহিৰত দেখা পোৱা যায়। সেইদিনাই তেখেতক লন্ডনৰ হাইকোৰ্টে দেউলীয়া ঘোষণা কৰে। বিশ্লেষক সকলৰ মতে, যিহেতু মালিয়াক দেউলীয়া ঘোষণা কৰা হ'ল, এতিয়া তেওঁ ৰ বেংক একাউণ্ট তথা সম্পত্তি বিক্ৰি কৰি বেংক সমূহে নিজৰ নিজৰ বকেয়া ধন আদায় কৰিব পাৰিব।

চলিত মাহৰ সোমবাৰে দুপৰীয়া ৩ বাজি ৪২ মিনিটত আদালতে বিজয় মালিয়া ক দেউলীয়া ঘোষণা কৰে।যাৰফলত তেখেতৰ দেশে- বিদেশে থকা সকলো সম্পত্তি বাজেয়াপ্ত কৰা হয়। এই ঘোষণাৰ পাছতেই মালিয়াৰ পক্ষৰ উকীলে কেৱল বেংক সমূ্হৰ সুবিধাৰ বাবেই , তেওঁক দেউলীয়া ঘোষণা কৰা হৈছে বুলি অভিযোগ উত্থাপিত কৰে।এই ৰায়ক মালিয়াৰ উকীল ফিলিপ মাৰ্শালে বিৰোধিতা কৰিবৰ বাবে আদালত ত আপীল জনায়, পিছে আদালতে সেই আপীল খাৰিজ কৰে।

বিজয় মালিয়াক দেউলীয়া ঘোষণা কৰাৰ ৰাতি য়েই ১২ টা বজাত , তেখেতে এই ৰায়ৰ বিৰুদ্ধে সামাজিক মাধ্যম টুইটাৰত মত প্ৰকাশ কৰে। তেখেতে টুইটত উল্লেখ কৰে যে, ৰাষ্ট্ৰৰ বে‍ংকত থকা তেখেতৰ ৬ হাজাৰ ২০০ কোটি টকাৰ বাবে , তেখেতৰ ১৪ হাজাৰ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰা হৈছে। তেখেতৰ ঋণৰ বাহিৰে অতিৰিক্ত টকা খিনি তেওঁ লোকে জামানত হিচাপে ৰাখিব পাৰিব। সেয়েহে এই বেংক সমূহে তেখেতক দেউলীয়া ঘোষণা কৰাৰ বাবে আদালত ত আবেদন জনাইছে বুলি তেখেতে অভিযোগ উত্থাপন কৰে লগতে তেওঁ এই কাৰ্যক অবিশ্বাস্য বুলি ক্ষোভ উজাৰে।

বিজয় মালিয়া ক দেউলীয়া ঘোষণা কৰিবৰ বাবে বিট্ৰইনৰ আদালতত আবেদন জনাইছিল 'ষ্টেট বেংক অফ ইণ্ডিয়া' ৰ নেতৃত্বত ১৩ টি বেংকে,য'ত বেংক অফ বৰোদা,কৰৰ্পোৰেছন বেংক, ফেডাৰেল বেংক লিমিটেড,আইডিবিআই বেংক, ইন্ডিয়ান অভাৰচিজ বেংক, জম্মু ও কাশ্মীৰ বেংক, পাঞ্জাব এন্ড নেচনেল বেংক, ষ্টেট বেংক অফ মাইসোৰ,ইউকো বেংক, ইউনাইটেড বেংক আৰু জে এম ফাইনান্সিয়াল ৰিকনষ্টাকচন কো প্ৰাইভেট লিমিটেড সন্নিৱিষ্ট আছে। ভাৰতৰ বিদেশ সচীব হৰ্ষবৰ্দ্ধন শ্ৰীংলাৰ মতে বিজয় মালিয়াৰ ক্ষেত্ৰত ভাৰতে যথেষ্ঠ বিচক্ষণতাৰ পৰিচয় দিছে। অৱশ্যে দেউলীয়া ঘোষিত হ'লেও এতিয়াও ব্ৰিটেইনতেই আছে বিজয় মালিয়া, কাৰণ আদালতৰ ৰায়ত তেওঁৰ প্ৰত্যাৱৰ্তন ৰ কোনো কথা উল্লেখ কৰা হোৱা নাই।

উল্লেখযোগ্য যে ভাৰতবৰ্ষত কেৱল বিজয় মালিয়াই নহয়,মেহুল চোকসি আৰু নিৰৱ মোদীও পলাতক অৱস্থাত আছে। এই তিনিওজনৰ বাবে ভাৰতবৰ্ষৰ বেংক সমূহৰ ক্ষতিৰ পৰিমাণ ২২ হাজাৰ ৫০০ কোটি তকৈও অধিক। কিছুদিন পূৰ্বে তিনিওজন মিলাই বেংক ত মুঠ ৯ হাজাৰ ৩৭১ কোটি টকা বেংক ত জমা হৈছে।যাৰদ্বাৰা বেংক সমূহৰ আংশিক ক্ষতিপূৰণ হ'ব।

By- Smriti Kakati

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.