এতিয়াৰ পৰা ড্ৰাইভিং লাইচেঞ্চ, পাচপ'ৰ্ট আদি বনাবলৈ দালালৰ প্ৰয়োজন নাই : Now, No need for brokers to make DL, Passport, Aadhar Card and PAN Card

 এতিয়াৰ পৰা ড্ৰাইভিং লাইচেঞ্চ, পাচপ'ৰ্ট আদি বনাবলৈ দালালৰ প্ৰয়োজন নাই : Now, No need for brokers to make DL, Passport, Aadhar Card and PAN Card

DL, Passport, Aadhar Card and PAN Card

সময় সলনিৰ লগে লগে মানুহৰ প্ৰয়োজন সমূহো বৃদ্ধি পাবলৈ ধৰিছে। আমাৰ প্ৰয়োজন সমূহ বৰ্তমান আগৰ দৰে কেৱল খাদ্য, বস্ত্র তথা বাসস্থানতেই সীমাবদ্ধ হৈ থকা নাই, ইয়াৰ লগতে নিত্য নতুন সংলগ্ন হ'বলৈ ধৰিছে  বহু নতুন নতুন সামগ্রীৰ। তাৰে ভিতৰত আমি  বৰ্তমান সময়ত বিভিন্ন নথি পত্র যেনে :- ড্ৰাইভিং লাইচেঞ্চ, পাচপ'ৰ্ট , আধাৰ কাৰ্ড, পান কাৰ্ড আদিৰ নাম ল'ব পাৰো। এই নথি পত্র সমূহ  আমাৰ দৈনন্দিন জীৱনৰ অংশ নহয় যদিও ইয়াৰ প্ৰয়োজনীয়তালৈ চালে ইয়াৰ আৱশ্যকতাৰ কথা নুই কৰিব নোৱাৰি। 

 কিন্তু মানুহৰ এই প্ৰয়োজনৰ সুযোগ গ্ৰহণ কৰিছে একাংশ দালালে।  এই দালাল সকলে মানুহৰ সৰলতাৰ সুযোগ গ্ৰহণ কৰি এই প্ৰয়োজনীয় সামগ্রী সমূহ তৈয়াৰ কৰাৰ নামত  বহু টকা লুন্ঠন কৰি আহিছে । কিন্তু আছে এক ভাল খবৰ এই দালাল সকলৰ লুন্ঠনৰ পৰা জনসাধাৰণক ৰক্ষা কৰিবলৈ মোদি চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। 

 এতিয়াৰ পৰা ড্ৰাইভিং লাইচেঞ্চ, পাচপ'ৰ্ট , আধাৰ কাৰ্ড, পান কাৰ্ড আদি তৈয়াৰ কৰিবলৈ কোনো দালালৰ প্ৰয়োজন নহয়, কিয়নো ভাৰতৰ প্ৰত্যেক ৰাজ্য তথা কেন্দ্রীয় শাসিত অঞ্চল সমূহত স্থাপন কৰা হ'ব জনসুবিধা কেন্দ্র । এই কেন্দ্রসমূহ চহৰৰ লগতে গ্ৰাম্যাঞ্চলতো গঢ়ি তোলা হব। য'ত জনসাধাৰণক প্ৰয়োজনীয় নথি পত্র সমূহ তৈয়াৰ কৰাত সহায় কৰা হ'ব  আৰু ইয়াত দালাল সকলৰ প্ৰবেশৰ কোনোধৰণৰ সম্ভৱনা নাথাকিব। ইয়াৰ দ্বাৰা জনসাধাৰণে নিজৰ নথি পত্র সমূহ কম খৰচত তথা কম সময়তে তৈয়াৰ কৰিব পাৰিব বুলি চৰকাৰে আশা প্রকাশ কৰে। 

  অতীতৰে পৰা সমাজৰ একাংশ লোকে নিজ স্বাৰ্থ পূৰণৰ বাবে   জনসাধাৰণৰ ওপৰত লুণ্ঠন চলাই আহিছে। মোদি চৰকাৰৰ এই ব্যৱস্থাই কিছু পৰিমাণে হলেও দেশৰ জনসাধাৰণক ইয়াৰ পৰা নিশ্চিতভাৱে সকাহ প্রদান কৰিব । 

By Prasenjit Chakraborty

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.