চীনৰ DNA ত নাই লোকৰ মাটি কাঢ়ি লোৱা : The habit of grabbing others land is not in China's DNA
তাহানিৰে পৰা হয়তো আমি শুনি আহিছোঁ চীনৰ লগত হোৱা যুদ্ধৰ বিষয়ে। চীনৰ সম্পৰ্ক বাকী দেশৰ লগত কেনেকুৱা সেই বিষয়েও আমি জানো।নহয় জানো?
য'ত চীন আৰু আমেৰিকাৰ ফাট মেলা সেই সম্পৰ্ক ভাঙিবলৈ চেষ্টা কৰিছে কিন্তু ক'ৰণা ভাইৰাছৰ উৎপত্তিৰ কাৰণে এতিয়া চীন আৰু আমেৰিকাৰ মাজত সম্পৰ্ক ধৰি ৰাখিছে।আমেৰিকাৰ উপ বিদেশ মন্ত্ৰী ভেন্দি চেৰমেন চীন যাত্ৰাত যায় আৰু চীনৰ উপ বিদেশ মন্ত্ৰী চি ফ্ৰেংকিক সাক্ষাৎ কৰে। চীন আৰু আমেৰিকাৰ এই বৈঠক খনত চীনে কয় যে আমেৰিকাৰ বাবেই দুয়োখন দেশৰ মাজত ফাট মেলিছে।কঠোৰ ভাবে চীনে এইবাৰ আমেৰিকাক দুয়োখন দেশৰ সম্পৰ্ক ঠিক কৰিবৰ বাবে এখন পত্ৰ দাখিল কৰে।
এই পত্ৰ খনত চীনে আমেৰিকাৰ চীনৰ ছাত্ৰ ছাত্ৰী সকলে লোৱা ভিজা ৰ অসুবিধা সমূহ উত্থাপন কৰা হৈছে। চীনে আমেৰিকাক কঠোৰ ভাষাত কয় যে যদি ক'ৰণা ভাইৰাছৰ বাবে চীনৰ লেবৰ পৰীক্ষা কৰা হব লাগে ঠিক সেইদৰেই WHO ৰ বিশেষজ্ঞ সকলে আমেৰিকাৰ ফ'ৰ্ত দেত্ৰিকৰো পৰীক্ষা কৰিব লাগে। কেৱল এইটোৱেই উপায় আছে যাৰ ফলত সকলো সঁচা কথা গোটেই পৃথিৱী বাসীৰ সন্মূখলৈ আহিব।
ক'ৰণা ভাইৰাছৰ উৎপত্তিৰ কাৰণ জানিবলৈ WHO য়ে বৰ্তমানেও পৰীক্ষা নিৰীক্ষা কৰি আছে। তেনে সময়তে চীনত উপস্থিত হোৱা আমেৰিকাৰ উপ বিদেশ মন্ত্ৰীক উদ্দেশ্যি চীনৰ উপ বিদেশ মন্ত্ৰীয়ে আঙুলি টুৱাই যে আমেৰিকাই ক'ৰণা ভাইৰাছৰ মূল কাৰণ।
চীনৰ বিদেশ মন্ত্ৰীয়ে মন্তব্য কৰে যে যদি চীনৰ লেবৰ পৰীক্ষা হব লাগে ঠিক তেনেদৰেই WHO ৰ বিশেষজ্ঞ ও আমেৰিকাৰ ফ'ৰ্ত দেত্ৰিকৰো নিৰীক্ষণ কৰিব লাগে। আমেৰিকাই পাৰদৰ্শিতাৰে কাম কৰিব লাগে আৰু অতি সোনকালে WHO বিশেষজ্ঞ ফ'ৰ্ত দেত্ৰিক লৈ যাব লাগে। কেৱল তেতিয়াই সঁচা পোহৰলৈ আহিব।আপোনালোকে নিশ্চয় জানেই যে ক'ৰণা ভাইৰাছৰ প্ৰথম কেচ চীনৰ লেবতে পোৱা গৈছিল। সেইবাবে চীনক ক'ৰণা ভাইৰাছৰ উৎপত্তিৰ কাৰণ বুলি অভিহিত কৰা হৈছিল।
এফালে আমেৰিকাৰ উপ বিদেশ মন্ত্ৰীয়ে কৈছে যে চীনে এখন শক্তিশাল দেশ হিচাপে ব্যৱহাৰ কৰিব লাগে। আলোচনা হ'লে স্বচ্ছ আলোচলা হব লাগে।তেওঁ ছিংয়াং প্ৰান্তত মানৱ অধিকাৰ বিপক্ষে হৈ থকা অপৰাধৰ ওপৰত তেওঁ মাত মাতে। হং কংত হোৱা অলোকতান্ত্ৰীক কাম বোৰৰ ওপৰতো কথা পাতে যিয়ে আমেৰিকাৰ বাবে চিন্তাৰ বিষয়,লগতে চাইবাৰ হেকিং ৰ বিষয়ে আলোচনা কৰে।
এই গোটেই আলোচনা চক্ৰৰ পিছত চীনে মন্তব্য কৰে যে লোকৰ ওপৰত নিয়ন্ত্ৰণ আৰু সীমা বিবাদ চীনৰ DNA ত নাই।
By: Sukanya Rajbongshi

