শ্বাৰ্লিন চোপ্ৰাৰ লগত কিদৰে যৌন নির্যাতন চলাইছিল ছাজিদ খানে : Sherlyn Chopra accuses Sajid Khan of sexual misconduct
বলিউড আৰু বিতর্ক এক এৰাব নোৱাৰা সম্পর্ক। ইয়াত ঘটি থকা নিত্য নতুন ঘটনাই বলিউডক সদায় চৰ্চাৰ শীর্ষস্থানত ৰাখে। বলিউড বা বলিউডৰ লগত জড়িত তাৰকা সকলক বাহিৰৰ পৰা দেখিবলৈ যিমানেই ধুনীয়া নহওঁক কিয়, কিন্তু ভিতৰৰ পৰা ই কলংকিত। বলিউডৰ কলংকিত অধ্যায়ৰ বিষয়ে বহু সময়ত বহুতে বৰ্ণনা কৰি আহিছে। বলিউডৰ এনে এক কলংকিত অধ্যায়ৰ বৰ্ণনা কৰিলে বলিউডৰ অভিনেত্রী শ্বাৰ্লিন চোপ্ৰাই (Sherlyn Chopra) ।
তেওঁ এই ক'লা অধ্যায়ৰ পাতনি মেলে ২০০৫ চনৰ পৰা, যেতিয়া তেওঁ বলিউডত নতুনকৈ প্ৰৱেশ কৰে। সেই সময়ত তেওঁৰ পিতৃৰ মৃত্যু তেওঁ ভাঙি পৰিছিল কিন্তু তেনে সময়তে তেওঁ বলিউডত অভিনয় কৰাৰ সুযোগ লাভ কৰিছিল। বলিউডৰ বিখ্যাত পৰিচালক ছাজিদ খানে তেওঁক মাতি পঠিয়াইছিল আৰু তেওঁক নিজৰ ফিল্মত কাম কৰাৰ সুযোগ প্ৰদান কৰিছিল।এফালে বলিউডৰ প্ৰথমটো চিনেমাত কাম কৰাৰ সুখ আৰু আনফালে পিতৃক হেৰুৱাৰ দুখ মনত লৈ শ্বাৰ্লিন চোপ্ৰাই যেতিয়া ছাজিদ খানৰ ওচৰলৈ গ'ল তেতিয়া ঘটিল এক আচৰিত ঘটনা। চিনেমাৰ Script পঢ়ি থাকোতে হঠাৎ ছাজিদ খানে নিজৰ গুপ্ত লিংগ উলিয়াই তেওঁক স্পৰ্শ কৰিবলৈ দিলে আৰু স্পৰ্শ কৰি নিজৰ অনুভৱ কবলৈ কবলৈ দিয়ে। তাৰ পিছত কি হ'ল সেয়া অৱশ্যে তেওঁ খুলি নকলে কিন্তু সেই ঘটনাৰ পিছতে তেওঁ মানসিকভাৱে ভাঙি পৰে।
নিজৰ জীৱনত হোৱা এনে যৌন নির্যাতনৰ কথা ইমান দিনে তেওঁ খুলি কোৱা নাছিল। কিন্তু বলিউডত চলা me too moment ৰ পিছতে তেওঁ নিজৰ মনত ইমান দিনে দবাই ৰখা এই ক'লা অধ্যায় সকলোৰে আগত ব্যক্ত কৰে ।
শ্বাৰ্লিন চোপ্ৰা কেৱল উদাহৰণহে বলিউডত এনে ঘটনা প্ৰায়ে শুনিবলৈ পোৱা যায়। কিন্তু এতিয়া প্ৰশ্ন হয় বলিউডৰ ইমানবোৰ কলংকিত অধ্যায় প্ৰকাশ হোৱাৰ পিছতো এতিয়া নিজকে শুধৰণিৰ পোহৰলৈ নিব পাৰিবনে বলিউডক কলংকিত কৰি অহা ব্যক্তিসকলে নে এনে ধৰণেই বলিউডত চলি যাব যৌন নিৰ্যাতন?
By Prasenjit Chakraborty

